জীৱনৰ অন্য নাম সংগ্ৰাম ০১-পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

অসমীয়া সাহিত্যৰ চানেকি
0
( খেলাৰ বয়সতে মাকক হেৰুৱাই আনহাতে নষ্ট চৰিত্ৰৰ পিতৃৰ অবৰ্তমানত কেনেকৈ তিনিটাকৈ ভায়েকভনীয়েকৰ দায়িত্ব পালন কৰি সুপ্ৰতিষ্ঠিত কৰাই অৱশেষত নিজেও বিবাহ পাশত আৱদ্ধ হৈ নতুন জীৱন যাপনৰ বাবে নলিনীয়ে নিজকে সাজু কৰিলে এই গোটেই অভিজ্ঞতাই নলিনীক এটা কথা শিকালে যে জীৱনৰ অন্য নামেই হৈছে সংগ্ৰাম ... )

  ( খণ্ড ১ )

অৱশেষত পদুমনি গাঁৱৰ নলিনী দেৱীৰ বিয়াখন হ’বগৈ বুলি সকলো নিশ্চিত হ’ল ৷ আজি প্ৰায় বিশ বছৰ আগতে অৰ্থাৎ দহ বছৰ বয়সতে মাতৃহাৰা নলিনীৰ ওপৰতে ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব দি নলিনীৰ  দেউতাক প্ৰসন্ন শৰ্মাই গাৱঁৰ আনটো মূৰৰ বাৰী বিধৱা তিৰোতা এজনী লগত লৈ ক’ৰবালৈ গুছি গৈছিল ৷ 
   নলিনীৰ এটা ভায়েক আৰু দুজনী ভনীয়েক ৷ তাই নিজেই খেলাৰ বয়সৰ তাতে আকৌ তিনিটাকৈ ভায়েক ভনীয়েকৰ লালন পালন কৰিব লাগিব  ৷ কি কৰিব কি নকৰিব একোকে বুজি নাপালে নলিনীয়ে ৷ বহুদিনলৈকে তিনিও ভাইভনীৰ সৈতে মৃত মাক ঘূৰি আহিব আহিব বুলি অপেক্ষা কৰি থাকিল ৷  মাক যে সিহঁতৰ জীৱনলৈ আৰু কেতিয়াও ঘূৰি নাহে সেই কথাটো সিহঁতে বুজিবই পৰা নাছিল ৷ 
    নলিনী হঁতৰ ঘৰৰ কাষতে  জীৱন বৰুৱাৰ ঘৰ ৷ জীৱন বৰুৱাৰ পত্নী অৰুন্ধতী এগৰাকী মৰমীয়াল হৃদয়বান মহিলা ৷ যোৱা এমাহদিন ধৰি তেওঁৱে প্ৰসন্ন শৰ্মাৰ চাৰিটাকৈ সন্তানক খুওৱা ধুওৱাৰ পৰা সকলোখিনি কৰি আহিছে ৷ কিন্তু হ’ল বুলিনো আৰু কিমান কৰিব! এটা দুটাও নহয় চাৰিটাকৈ সন্তানৰ দায়িত্ব লোৱাটো জানো সম্ভৱ ? ইফালে নিজৰ দুটা ল’ৰাছোৱালী আছেই ৷ ভাগ্য ভাল সিহঁত অকণমান ডাঙৰ হৈছে ৷ অৰুন্ধতী বৰুৱাৰ ডাঙৰটো  সন্তান ছোৱালী ৷ ছোৱালী জনীৰ নাম ৰুণিমা ৷ ঘৰত কংকী বুলি মাতে ৷ কংকী এইবাৰ ক্লাছ এইটৰ ছাত্ৰী ৷ নিজৰ খোৱা পিন্ধা কামখিনি  নিজেই কৰি ল’ব পৰা হৈছে ৷ আচলতে অৰুন্ধতী বৰুৱাই এই শিক্ষা ল’ৰাছোৱালী দুটাক সৰুৰে পৰাই দিবলৈ চেষ্টা কৰিছে যে “ নিজৰ কাম আমি নিজেই কৰি ল’বলৈ যত্ন কৰিব লাগে ...” ৷ আনহাতে  কংকীত কৈ প্ৰায় পাঁচটা বছৰৰ সৰু  ৰুবুলক  ঘৰত কংকু বুলি মাতে ৷ কংকু এইবাৰ হাইস্কুলত অৰ্থাৎ ক্লাছ ফাইভ ( class v )  ত নাম লগাইছে ৷ সি প্ৰায়  উৰ্বশী ( নলিনীৰ ভনীয়েক ) ৰ সমবয়সীয়া ৷ নলিনীও গাৱঁৰে  লখিমী এমভি স্কুললৈ গৈছে ৷ কিন্তু  এই কেইদিন তাই স্কুল যাব পৰা নাই ৷ সৰু ভায়েকটো তেনেই সৰু হৈ থকাৰ বাবে তাক চাবৰ বাবে তাই অনবৰতে তাৰ লগতে থাকিব লগা হৈছে ৷ প্ৰথম দুদিনমান অৰুন্ধতীয়েই  চাইছিলে কিন্তু নিজৰ ঘৰখনৰ সকলো কৰি মেলি সম্পূৰ্ণৰূপে কেচুৱাটোৰ দায়িত্ব লোৱা তাইৰ বাবে অসম্ভৱ ৷ গতিকে নলিনীক স্কুললৈ যাবলৈ কওঁ বুলি ভাৱিও অৰুন্ধতী নিৰুপায় ৷ তাই হৃদয়খনত শিল এটা বান্ধি  তাইক স্কুল যোৱাৰ পৰা বিৰত ৰাখি ভায়েকক চোৱাচিতাৰ কামত লগাইছে ৷ হওঁতে বাপেকটোৰ কথা ভাৱিলে  সিহঁতৰ দায়িত্ব ল’বলৈ তাইৰ অকনো ইচ্ছা নাযায় ৷ কিন্তু  কনকন শিশু কেইটাৰ মুখ কেইখনলৈ চালে তাইৰ মাতৃ হৃদয়খন দুৰ্বল হৈ উঠে ৷  
   যিকি নহওক  নলিনীহঁতৰ মাক ঢুকুৱা আজি এমাহ হ’ল ৷ নলিনী অলপ বুজা হৈছে ৷ গতিকে তাইক কিবা প্ৰকাৰে বুজাবলৈ চেষ্টা কৰিব লাগিব যে “ সিহঁতৰ মাক আৰু কেতিয়াও ওভতি নাহে ৷ ইফালে দেউতাকেও দ্বিতীয় বিবাহ কৰাই ক’ৰবালৈ গুছি গৈছে ! গতিকে এতিয়াৰ পৰা তাইয়ে ভায়েকহঁতক চাব লাগিব .....৷ সেয়ে তাই আৰু স্কুল যাব নোৱাৰিব ৷ তাতকৈ ক’ৰবাত কিবা এটা তাইৰ জোখৰ কাম বিচাৰি ভায়েক ভনীয়েকহঁতৰ পোহপালৰ দায়িত্ব ল’ব লাগিব ! কথাখিনি কোন সতেৰে কেনেকৈ নলিনীক বুজাব , ভাবিয়েই অৰুন্ধতীৰ দুইধাৰে চকুলো ব’বলৈ ধৰিলে ...
( আগলৈ ...)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)