অবাধ্য মনৰ কথাবোৰ-জিতেন চেতিয়া

জোকৰ দৰে তেজ শুহি 
ডাঙৰ মানুহ হোৱাৰ কল্পনা সৰুৰে পৰা নাছিল ।

কিন্তু এতিয়া কিছুমান নগ্ন সপোনে আহি 
ওৰে ৰাতি আমনি কৰে
দিকবিদিক হেৰুৱাওঁ
বিবেকৰ সৈতে চলা তুমুল যুদ্ধ খনত।

জীৱনত বহুত কথাই শিকিলো
জীৱনত বহুত কথাই বুজিলো
ভাল লগা কথাবোৰ
জ্ঞানৰ ভঁৰালত সঞ্চিত কৰি
পদেপদে নাপায় নকৰিবা 
উপদেশ বোৰ বিলাই ফুৰিলো অহৌবলিয়া হৈ জধেমধে।

কিন্তু মহান শিক্ষক চক্ৰেটিছ হ'ব নোৱাৰাটো
মোৰ অপৰাধ মই স্বীকাৰ কৰিম ৷
 
কীৰ্তন দশম , ঘোষা , ৰত্নাৱলীত 
আত্মা প্ৰাণ উচৰ্গা কৰি পালোঁ 
অগাধ সহিষ্ণুতা ৷

তথাপিও 
মোৰ নৈতিকতাক লৈ নিৰাপত্তা হীনতাত ভুগিছোঁ
মোৰ  মানসিকতাক
কিমান দিন সুৰক্ষা দি ৰাখিব পাৰিম ।
 
সেয়েহে প্ৰযোজন বোধ কৰিছোঁ
জাহ যোৱা নীতি
অনুভৱ কৰিছোঁ আত্মা অহংকাৰ
শিকিছোঁ ভণ্ডামি কৰিবলৈ
মুখৰ আগত মুখা পিন্ধি 
শংকৰ মাধৱৰ নীতি আদৰ্শ কলুষিত কৰাতকৈ
মদিৰা পি মাতাল মানুহৰ নিচিনাকৈ 
বাটত যাকেই পাওঁ 
তাকেই কওঁ
এখন নগ্ন পৃথিৱীৰ সুকীয়া কথা 
য’ত আমি সচৰাচৰ ভদ্ৰ 
থলগিৰী ৷

            ✍️ জিতেন চেতিয়া ৷৷

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send