অবুজন হৃদয়-মুন বৰুৱা

©Admin
0
শীতৰ এটি সন্ধিয়াৰ আবেলিত
তুমি আহিছিলা মোৰ জীৱনলৈ, 
ভালপোৱাৰ বৰষুণ হৈ
আঁকি দিছিলা মোৰ ওঁঠত ৷
কৰ'বাত হেৰাই যোৱা হাঁহিটো দুচকুৱে নেদেখাকৈ আৰম্ভ হোৱা আমাৰ চিনাকী
এদিন বাস্তৱ হৈ ধৰা দিছিলা 
মোৰ চকুৰ আগত 
কি আছিল তোমাৰ সেই চাৱনিত ? 
সেই চাৱনিয়ে মোৰ হৃদয়ত আনিছিল উৰ্মিমালা নমায়, 
তুমি মোৰ ফালে চাইছিলা লাজত হৃদয় কপি উঠিছিল 
কি আছিল সেয়া 
সেয়াই আছিল নেকি বাৰু প্রেম !
হয়তো মই তোমাৰ প্রেমত পৰিছিলোঁ 
কিন্তু ক'ব বিচৰা নাছিলোঁ মই,
তোমাক হেৰুৱাৰ ভয়ত  !
তুমি বুজি উঠিছিলা মোৰ মনৰ ভাৱ 
আকোৱালি ল'ব বিচাৰিছিলা মোক 
তোমাৰ মনৰ মাজত 
আঁকি দিছিলা মোৰ দুচকুত ভালপোৱাৰ 
কাজলসনা ৰংবোৰ 
কিন্তু দুদিনৰ কাৰণে আহি,
ধুমুহাৰ দৰে আঁতৰি গ'লা তুমি 
আৰু পুনৰ জীৱনৰ বাটত 
অকলশৰীয়া হৈ পৰিলোঁ মই 
হেৰাই গ'ল ভালপোৱাৰ প্ৰতি বিশ্বাস
দুদিনৰ কাৰণে আহি
 মুখত অলপ হাঁহি বিৰিঙাই আঁতৰি গ'লা তুমি 
কেনেকৈ বুজাও নিজক 
মোৰ অবুজন হৃদয়ে যে 
এতিয়াও তোমাকে বিচাৰে ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)