বুকুতেই নিঃশেষ হয়
পলকৰ বাবে ৰাতিটো জীপাল কৰি
অহা বাটেৰে গুচি যায়
মাজনিশাৰ কল্পনাবোৰে চটফটাই,,
দিঠক হোৱাৰ অবাধ বেদনাবোৰে
একোটা বিকট শব্দ হৈ
কলিজা কঁপায়
পুনৰ এমোকোৰা হাঁহিৰেই
দিনটোৰ পৰিক্ৰমা
জীৱনৰ খলা বমাবোৰ বগাবলৈ
সেই একেই নিৰৱধি সাধনা
ক্ৰমশঃ সম্ভাৱনা হৈ উঠা
আশাবোৰে নতুনকৈ পোখা মেলে
এবুকু আশাৰে
হৃদয় শাঁত পেলাব পৰাকৈ
তেওঁৰ ওচৰত শব্দৰ অভাৱ
অথবা,তেওঁৰ কান্ধত মূৰ থৈ
বুকুৰ উচুপনিবোৰৰ উমান ল'বলৈও
আহৰি নোপোৱা
দিনটোৰ লেঠা
তথাপি হৃদয়ৰ ভাষা
হৃদয়ে বুজি পায়
অবুজ মনটোক
চম্ভালিব পৰাকৈ হৃদয়ে
বাট দেখুৱায় ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ