তোমাৰ বীৰাঙ্গণাক
তোমাৰ সাহসিকতাক
নতশিৰে প্ৰণিপাত জনাইছোঁ।
হে বীৰ পুৰুষ তুমি
দেশ মাতৃক ৰক্ষাৰ্থে
শত্ৰুৰ হাতত শ্বহীদ হৈ
আজি আনিছা দেশৰ স্বাধীনতা।
হে বুদ্ধিজীৱি নক্ষত্ৰ সকল
দেশ মাতৃক ৰক্ষাৰ্থে
বিদেশীক খেদিবলৈ
শতবাৰ কাৰাৰুদ্ধ হৈয়ো
নিজৰ জীৱন উছৰ্গা কৰি
আজি আনিছা দেশৰ স্বাধীনতা।
“বন্দে মাতৰম” শ্লো-গানেৰে
দেশৰ শক্তিক একত্ৰিত কৰি
শত্ৰু সেনাক ৰোধিবলৈ
বন্দুকৰ গুলিত ৰক্তাক্ত দেহেৰে
দেশ মাতৃক ৰক্ষাৰ্থে
আজি আনিছা দেশৰ স্বাধীনতা।
তোমালোক মৰিও আজি অমৰ
জিনিলা দেশ মাতৃৰ অন্তৰ
হাঁহি হাঁহি দেশৰ কৰিলা জয়
দেশৰ আনিলা জয়-ধ্বনি
কৰিলা মাতৃভূমিৰ জয়
জয় দেশৰ স্বাধীনতা জয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ