ৰাতিবোৰ-হিমাক্ষী দেৱী

Rinku Rajowar
1
ৰাতিবোৰ আজিকালি অকলশৰীয়া
নিমাত, নিস্তব্ধ 
দিনৰ কোলাহল এতিয়া
সপোনৰ আৱেশত আৱদ্ধ ।
কথা কয় এই ৰাতিবোৰেও
কত সপোনৰ শইচ 
এই ৰাতিবোৰতে ৰোৱা হয়
কত ভঙা হৃদয়ৰ বৰষুণ
এই ৰাতিবোৰতে বৰষি ৰয়।
কাৰোবাক হেৰুৱাৰ দুখ
কাৰোবাক পোৱাৰ হেঁপাহ
প্ৰতিটো মুহূৰ্তৰ এক জীয়া কাহিনী
ৰাতিবোৰতে যেন আৰম্ভ ।
​এই ৰাতিবোৰেও উচুপে
কিন্তু শুনেনো কোনে?
আন্ধাৰতে বিলীন হৈ ৰয়
তাৰ প্ৰতিটো দিন।
তথাপিও প্ৰিয় এই ৰাতিবোৰ
সেই নিসংগ প্ৰহৰীৰ এইমাত্র সংগী
যি গায় উজাগৰী ৰাতিৰ
নিৰ্জনতাৰ গান।

                             

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. অশেষ ধন্যবাদ মোৰ কবিতাটো প্ৰকাশ কৰাৰ বাবে...

    ReplyDelete
Post a Comment