আত্মসন্মান-মোহাইমিনুৰ ৰহমান

সৰু সৰু কথাতে পত্নীৰ লগত কাজিয়াত লিপ্ত হোৱা আৰু কটু বাক্যবাণ প্ৰয়োগ কৰা স্বামী নিলকমলে ৰাতি শোৱাপাটীত পত্নীৰ অভিমান আঁতৰাবৰ বাবে হাতত হাত ধৰি ওচৰলৈ টানি আনিলে আৰু চুলিত হাত ফুৰাই মৰমৰে ক'লে," প্ৰিয়তমা তোমাক কি লাগিব কোৱা।তুমি যি বিচৰা মই দিবলৈ প্ৰস্তুত।" তেতিয়া পত্নীয়ে কঁপা কঁপা মাতেৰে ক'লে,"তুমি মোক একো দিব নালাগে।মাথোঁ মোৰ হেৰাই যোৱা আত্মসন্মানখিনি উভতাই দিব লাগে।পাৰিবানে তুমি?" স্বামী নিলকমলে মুখেৰে একো উত্তৰ দিব নোৱাৰি পিছমুৱা হৈ  মাথোঁ টোপনি অহাৰ ভাও যুৰি থাকিল।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send