ৰাতিৰ কবিতা-বিকাশ শৰ্মা

( তৃষ্ণাৰ হাতত তুলি দিলো )

প্ৰায় সাত মাহৰ পিছত তোমালৈ মনত পৰিল
বৰষুণৰ শব্দৰ দৰে, এক বিশাল ৰাতিৰ কোলাত
তোমাৰ ওঁঠৰ লুণীয়া পানীৰে 
মোৰ ওঁঠটো তিতিলে
এতিয়া আৰু শুই নাথাকো...



খিৰিকীৰ মুখত গৈ তোমাক পোৱাৰ কল্পনা কৰিলো
হঠাতে, ক'ৰবাৰ পৰা কাউৰী এটা আহি জোকাই থৈ গ'ল।
হয়টো, কাউৰীটোৱেও প্ৰেমক ঘৃণা কৰে।


এইবাৰ দৰ্জাখন খুলিলো
খুলিয়েই দেখিলো...
লঠঙা গছডালত তৰা এটাই টোপনি মাৰি আছে,
কিজানিবা আকাশখনে এঘৰীয়া কৰিলে।


মই হৃদয়খনৰ বুটাম খুলি
ইচ্ছাবোৰ মুকলি কৰি দিলো
ইচ্ছাবোৰে আকৌ ভয় কৰে,
ৰাতিৰ আকাশত।
মই মৌন হৈ পৰিলো...
মূৰটো আঠুত গুজি লৈ
আমাৰ সোণালী স্মৃতিবোৰৰ কথা মনত পেলালো।


কিছুসময় পিছত...
তোমাৰ ক'লা কুৰ্টাটো 
বুকুত সাৱটি ধৰি সুধিলো...
তুমি আকৌ আহিবানে...?
এই নিজান ৰাতিত।


                        

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send