ইংৰাজৰ বলি হ'ল ,
এজনো পিছে থমকি নৰ'ল ।
হাতে হাতে হাত ধৰি ,
গ'ল কেউ আগবাঢ়ি ,
ইংৰাজক খেদিবৰ হ'ল ।
গান্ধীৰ অহিংসা নীতি
মনে-প্ৰাণে ধ্যান কৰি ,
ওলায় আহিল সবে
বিদেশীৰ শাসন ভাঙি ।
কঁপি উঠিল দিগন্ত ,
অহিংসাৰ মন্ত্ৰ ,
ব্ৰিটিছ শাসনৰ পৰিল অন্ত ।
'বন্দে মাতৰম'
চৌদিশে বাজি গ'ল ,
প্ৰতিজন যোদ্ধাৰ
সাহসো বাঢ়ি গ'ল ।
ব্ৰিটিছ কঁপি ৰ'ল ,
ভাৰত এৰি গ'ল ,
বাজিল জয়গান
ভাৰতৰ জয় হ'ল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ