সপোনৰ অগোচৰ-মুন শৰ্মা

     ৰাস্তাৰ কাষে কাষে মণিৰাম আৰু পূৰ্ণিমা দুয়োটাই দুখী দুখী ভাবে খোজ লৈছে ।
    বাটত লগ পালে গাঁৱৰে ল'ৰা ৰঞ্জনক ।
   ৰঞ্জনে সুধিলে কোন ফালে যায় খুড়া- খুড়ী আপোনালোক ?
    কিন্তু একো কব নোৱাৰিলোঁ তাক আমি ।
    কেনেকৈ কওঁ ডাঙৰ দীঘল কৰা নিজৰ সন্তানেই আজি ঘৰৰ পৰা উলিয়াই খেদি পঠালে। সপোনৰ অগোচৰ আছিল আজিৰ এই ঘটনা।
  যাৰ বাবে আজি ২৫ বছৰ কষ্টৰ অন্ত নাছিল, যাৰ বাবে আজি ইমান দিনে ব্যস্ত আছিলোঁ সিয়ে আজি ... "হে ভগৱান" ।
    হঠাৎ ৰঞ্জনৰ মাতত উচপ খাই গ'লো।
    কি হল খুড়া ?একো কোৱা নাই যে, খুড়ী কওঁকচোন ক'ত যায়?
      অ বোপাই অলপ দিন ফুৰি আহোঁ বুলি ভাবিছোঁ অ' কিমান নো ঘৰত সোমাই থাকিম আমনি লাগিছে। সেয়ে ভাবিলো অলপ ফুৰিবলৈকে যাওঁ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send