বতাহৰ দুখ
ফাগুনেহে বুজে ,
ধূলিৰে ঢাকি থয়
ফুলেৰে আঁতৰায় ।
পানীৰ দুখ
নদীয়েহে বুজে
নামনিলৈ লৈ যায়
সাগৰত জমা থয় ।
মাটিৰ দুখ
কৃষকেহে বুজে ,
শস্যৰে ঢাকি থয়
ফচলেৰে পাহৰায় ।
আকাশৰ দুখ
মেঘেহে বুজে
বুকুৰে ঢাকি থয়
বৰষুণেৰে ধুৱায় ।
মনৰ দুখ
ৰাতিয়েহে বুজে
সান্ত্বনা দিয়ে
পাতল কৰে ।