জীৱনৰ অন্য নাম সংগ্ৰাম (খণ্ড নং-৩)- পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

©Admin
0
আচলতে ছাৰ মই নলিনীৰ ভৱিষ্যত সম্পৰ্কেই আপোনাৰ লগত কথা পাতিব বিচাৰিছোঁ ৷ অৰুন্ধতীয়ে চাহ কাপ ছাৰলৈ আগবঢ়াই কথা আৰম্ভ কৰিলে ৷  বাৰু কোৱাচোন কেনেকুৱানো কথা ....চাৰে বৰ আগ্ৰহেৰে অৰুন্ধতীৰ কথাত  হয়ভৰ দি সুধিলে ...৷ 
    চাৰ অৰুন্ধতীৰ ভায়েকতো একেবাৰে সৰু তাৰ দুবছৰ হৈছেহে মাথোন ৷ এইখিনি সময়ত ল’ৰা ছোৱালী ৰখা বৰ কষ্টকৰ , কাৰণ সিহঁতে একেঠাইতে বহি নাথাকে ৷ সেয়ে ভায়েকৰ লগত  নলিনী লাগি থাকিব লগা হৈছে ৷ সেইবাবেই তাই এইকেইদিন স্কুলো যাব পৰা নাই , আৰু বেগেতে যে যাব পাৰিব তাৰো নিশ্চয়তা নাই  .... ৷ সৰু ভনীয়েকে দুজনী বাৰু স্কুললৈ গৈ থাকিব ৷ “ পিছে এতিয়া আপুনি কি কৰিলে ভাল হ’ব বুলি ভাবিছে ? তাইৰ দৰে মেধাৱী ছাত্ৰী এজনী নোহোৱা হ’লে স্কুলৰ বহুত ক্ষতি হ’ব , তাইৰ ওপৰত মোৰ বহুত সপোন পূৰণৰ আশা আছে .....” --- অৰুন্ধতীৰ কথাৰ মাজতে  কাকতি ছাৰে মাত লগালে ৷ হয় হয় ছাৰ মোৰো অৰুন্ধতীৰ পঢ়া এৰুৱাব লগা হ’লে বৰ বেয়া লাগিব ৷ পিতৃ মাতৃ দুয়োজনৰ অবৰ্তমানত এতিয়া সিহঁত চাৰিওটাকে মই মোৰ সন্তান বুলিয়েই ভাবি লৈছোঁ ৷ নলিনীৰ মাকে জীয়াই থাকোঁতে মাজে মাজে নলিনীৰ দায়িত্ব মোৰ ওপৰত দিব বিচাৰিছিল ,  হয়তো তেওঁৰ মনে গোন্ধাইছিল যে,  “ তেওঁ খুউৱ কম দিনৰ অতিথি ...” ৷ আৰু অৱশেষত অকল নলিনীৰে নহয় চাৰিও সন্তানৰ দায়িত্ব মোৰ মূৰৰ ওপৰত পৰিল ! মই এইয়া ভগৱানৰ ইচ্ছা আৰু আশিৰ্বাদ বুলিয়েই গ্ৰহণ কৰিছোঁ ছাৰ ....৷ এতিয়া কথাটো হ’ল যে --- আপুনি যদি অনুমতি দি সহায় কৰে তেতিয়া হ'লে নলিনীৰ ভায়েকটো ডাঙৰ নোহোৱালৈকে তাই ঘৰতে থাকি পঢ়িব  ৷ তাইক পঢ়োৱাৰ  সম্পূৰ্ণ দায়িত্ব মোৰ ৷ তাই আগৰ দৰেই ৰিজাল্ট কৰিব পাৰিব , মই আপোনাক কথা দিলোঁ ৷ মাত্ৰ তাই স্কুললৈ নোযোৱাকৈ পৰীক্ষাটো দিব পৰা ব্যৱস্থাটো কৰি দিলেই হ’ব ৷ ছাৰ এইটো সম্ভৱ হ’বনে বাৰু .....কথাখিনি কৈ অৰুন্ধতীয়ে কাকতি ছাৰৰ উত্তৰলৈ বৰ আশাৰে অপেক্ষা কৰিলে ৷ 
      ছাৰে কিছুসময় তভক মাৰি কিবা চিন্তা কৰিলে তাৰ পাছত ক’লে, ঠিক আছে বৰুৱানী আপুনি ইমান ডাঙৰ দায়িত্ব মূৰ পাতি লৈছে , মই এই সামান্য সহায় এটা কৰিব নোৱাৰিমনে !  আজি ৰবিবাৰ ৷ কাইলৈ স্কুল বহিব  ৷ মই বাকী শিক্ষকসকলৰ সৈতে আলোচনা কৰি সকলো ব্যৱস্থা কৰি দিম ৷ আপুনি অলপো টেনচন নল’ব , মাথোঁ আপুনি সিহঁতৰ ভালদৰে কেয়াৰ লওক আৰু মাজে মাজে দুই এদিন তাইকো স্কুললৈ পঠোৱাৰ চেষ্টা কৰিব ৷ মই এতিয়া আহোঁ --- বুলি ক’লে ৷ তেনেতে নলিনীয়ে ছাৰৰ ভৰি দুখনত ধৰি সেৱা কৰিলে ৷ তাইৰ স্ব জ্ঞানত অৰুন্ধতী আৰু কাকতী চাৰ দুয়ো হতবাক হ’ল ৷ “ নলিনীৰ মাকে সন্তানক বৰ ভাল শিক্ষা দি গৈছে  ৷" যি কি নহওঁক কাকতি ছাৰে নলিনীক আশীৰ্বাদ কৰি গুচি গ’লগৈ ৷ ছাৰ যোৱাৰ ফালে চাই চাই অৰুন্ধতীয়ে স্বস্তিৰ নিঃশ্বাস এৰিলে ..... ( আগলৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)