বৰ্তমান সময়ত নৱ- প্ৰজন্মৰ বাবে নেটৱৰ্ক মাৰ্কেটিঙৰ আৱশ্যকতা- চিন্ময় ডেকা

©Admin
0
বিজ্ঞান প্রযুক্তি অগ্রগতিৰ লগে লগে বৰ্তমান সময়ত দ্ৰুত গতিত স্মার্ট ফোনৰ ব্যাপকতা দেখা গৈছে । সমাজত পুৰুষ- মহিলা উভয়ে লগতে যুৱপ্ৰজন্মৰ ক্ষেত্ৰত বেছিকৈয়ে পৰিলক্ষিত হৈছে ।স্মার্ট ফোনৰ আৱিৰ্ভাৱে  সমগ্ৰ বিশ্ব খনক এখন গোলকীয় গাঁৱলৈ ৰূপান্তৰিত কৰিছে। ঘৰৰ পিৰালিত বহিয়েই  নিতৌ সমগ্ৰ প্ৰয়োজনীয় সা-সৰঞ্জাম, বস্তু, সম্পদ ক্ৰয় কৰি উপভোগ কৰা সম্ভৱপৰ হৈছে।  বিশেষকৈ ফ্লিপকাৰ্ট,আমাজান আৰু বহু ধৰণৰ এপ স্মার্ট ফোনত সহজলভ্য। উল্লেখযোগ্য যে, ইয়াত কোনো ধৰণৰ ভয়াৱহতাৰ কাৰণ নাথাকে। সাম্প্রতিক সময়ত লাখ-লাখ টকাৰ লেন-দেন স্মার্টফোন এপ পে'টিয়েম, গুগল পে' ৰ দ্বাৰা ক'ম সময়ৰ ব্যৱধানত কৰা হয়। লগতে সকলো ধৰণৰ যাৱতীয় কাৰ্যাৱলী নিমিষতে কৰিবলৈ বিজ্ঞান-প্ৰযুক্তিৰ আবিৰ্ভাৱে সহজলভ্য কৰি তুলিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত যুৱপ্ৰজন্মৰ  অৱদান উল্লেখনীয়।
             সাম্প্ৰতিক সময়ত ইণ্টাৰনেট তথা স্মার্ট ফোনৰ জৰিয়তে
যুৱপ্ৰজন্ম‌ই ডাইৰেক্ট চেলিং, নেটৱর্ক মাৰ্কেটিং কৰি বহু যুৱক-যুৱতীয়ে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। ইন্টাৰনেটৰ দ্ৰুত আগ্ৰাসনৰ বাবে নৱ-প্রজন্মই সুন্দৰ ব্যৱসায় কৰিবলৈ সমর্থৱান হ'ব পাৰিছে, লগতে সমাজৰ দহ জন প্ৰতি আদৰ্শ হোৱা পৰিলক্ষিত হৈছে। ফলস্বৰূপে ডাইৰেক্ট চেলিং মাৰকেটিং যুৱ প্ৰজন্মৰ বাবে সঠিক প্লেটফৰ্ম হ'বলৈ পথ-প্ৰশস্ত হৈছে। কিয়নো ভাৰতবৰ্ষ এখন জনবহুল দেশ! য'ত ১০০ কোটিতকৈ অধিক লোকে বসবাস কৰে।  শিক্ষিত নিবনুৱাৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাই আহিছে । যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী চাকৰিৰ পৰিমাণ অৱনমিত হোৱা দেখা গৈছে। শিক্ষিতৰ হাৰ বেছি হোৱাৰ পিছতো নিবনুৱাৰ সমস্যাই গা কৰি উঠিছে সমগ্ৰ বিশ্বত। সেয়ে নৱ-প্রজন্মৰ বাবে নেটৱর্ক মাৰ্কেতিং অতিকে জৰুৰী । সমগ্ৰ বিশ্বত নিতৌ
জনসংখ্যা বৃদ্ধিৰ পৰিপেক্ষিতত ৰোজগাৰ কমি আহিছে! আজিৰ দিনত অধিকাংশ কাম মেচিনেই কৰে! য'ত নৱ প্ৰজন্মই পঢ়া শুনা কৰি চাকৰি লব লাগিছিল! তাত Technology স্থান দখল কৰিছে!যাৰ ফলত অধিকাংশ শিক্ষিত লোক নিবনুৱা সমস্যাৰ চিকাৰ হৈছে!  বৰ্তমান ভাৰতবৰ্ষত নিবনুৱা সমস্যাই ব্যাপকভাৱে গা কৰি উঠিছে।
         ভাৰতবৰ্ষত আৰু এক জলন্ত সমস্যা নৱ প্ৰজন্ম।আজিও অধিকাংশ লৰা-ছোৱালী নিজৰ অভিভাৱকৰ মতেই জীৱন নিৰ্বাহ কৰি আছে! নিজেই নিজৰ ভৰিত থিয় হব নিবিচাৰে। প্ৰত্যেক বছৰে লাখ-লাখ লৰা-ছোৱালী ডিগ্ৰী লাভ কৰে! কিন্তু কৰ্ম সংস্থাপনহীন।
একমাত্ৰ ডাইৰেক্ট চেলিং নতুবা নেটৱৰ্ক মাৰ্কেটিংৰ দ্বাৰা নৱ প্ৰজন্মৰ আৰ্থিক স্থিতি অধিক শক্তিশালী কৰিব পাৰিব!য'ত যোগ্যতাৰ প্ৰয়োজন নাই! মাথোঁ প্ৰয়োজন আগ্ৰহ,ইচ্ছা,আৰু কৰ্মৰ।ফলশ্রুতিত জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱ নপৰে। নেটৱর্ক মাৰ্কেটিংৰ জগতখনত সকলোৱে সমানে সুযোগ পায় আৰু নতুন ৰূপত পৰিচয় দিবলৈ সক্ষম হয়।

✍️চিন্ময় ডেকা, টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)