ঘৰতে থাকক সুৰক্ষিত থাকক - হেমেন হাজৰিকা

Aditi Tanti
0
বিগত প্রায় দুটা বছৰ ধৰি প্রতিটো দিনটেই জনসাধাৰনক সজাগ আৰু সচেতন হৈ থাকিবৰ কাৰণে , কেৱল নিজৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে সতৰ্ক কৰি ৰাখিবৰ বাবে এটা মহান বাণীত পৰিনত হৈছে -- ঘৰতে থাকক সুৰক্ষিত থাকক। হয়, ঘৰত থাকিলে মানুহ সদায় সুৰক্ষিত হৈ থাকিব পাৰে | আজিৰ দিনটোত আমাৰ পৰিবেশটো কি পৰ্যায়ত উপনীত হৈছে আমি সকলোৱে হৃদয়ঙ্গম কৰিব পাৰিছোঁ। ধেমালীৰ চলেৰে এসময়ৰ অতি জনপ্রিয় হিন্দী চলচিত্র শ্বোলেৰ গহ্বৰ সিঙৰ ডাইলগটো চলচিত্রখন উপভোগ কৰা সকলো দৰ্শকৰে মনত আছে নিশ্চয় মাকে যেতিয়া কেঁচুৱা নিচুকাইছিল তেতিয়া কৈছিল শু যা বেটা শু যা নহী টো গহ্বৰ আ যায়েগা | তাৰ লগতে সুৰ মিলাই ক'ব পাৰো নেকি বাহৰ মত টা বেটা ঘৰ পৰ ৰহো সুৰক্ষিত ৰহো নহীটো কৰোণা হো যায়েহা |
     হয়, ব্যক্তি সমষ্টিৰ বাবে নিজৰ ঘৰখনতকৈ সুৰক্ষিত স্থান কি হ'ব পাৰে। এটা সুক্ষ্ম ভাইৰাচে সমস্ত লোকৰ যি ব্যাপক ক্ষতি কৰিছে সেয়া তুলনাবিহীন অভূতপূৰ্ব আৰু অকল্পনীয়। কিমান ধন জনৰ ক্ষতি হৈছে বিশ্বখনক কিমান দূৰ পিছুৱাই নিছে। অৰ্থনৈতিক কাঠামো ভাঙি দিছে সেয়া তুলনাবিহীন। যি আগেয়ে হোৱা নাছিল আৰু আশা কৰিম আগলৈকো নহওঁক সকলো ইমানতে সামৰণি পৰক |
      এতিয়া কথা হ'ল সকলো যদি ঘৰতে থাকি সুৰক্ষিত থাকে তেন্তে জীৱন আৰু জীৱিকাৰ কি হ'ব | কেনেকৈ চলিব জীৱন, পৰিয়াল, কৰ্ম ইত্যাদি ইত্যাদি। কাৰণ সকলোৰে বাবে অতি আৱশ্যকীয় অৰ্থাৎ যাক মৌলিক প্রয়োজন আখ্যা দিয়া হৈছে সেয়া হৈছে অন্ন বস্ত্র আৰু বাসস্থান | বাসস্থানটো বাৰু স্থায়ী। ই আগৰ পৰাই আছে আৰু থাকিবই। কিন্তু অন্ন বস্ত্ৰৰ কি হ'ব ? ঘৰৰ উপাৰ্জন ক্ষম ব্যক্তি গৰাকী সি পুৰুষেই হওঁক অথবা মহিলা তেওঁ পৰিয়াল ভৰণ পোষনৰ স্বাৰ্থত ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবই লাগিব | কাৰণ তেওঁৰ মুখলৈ চাই ৰৈ আছে এটা পৰিয়াল | অসুখীয়া বৃদ্ধ মাক, দেউতাক, পত্নী ল'ৰা ছোৱালী। এতিয়া এনে সন্ধিক্ষনত কি কৰা যাব চাৰিওফালে আতঙ্কময় পৰিবেশ। কোনেও কাৰোলৈকে চাব নোৱাৰা এটা সময়ে বিৰাজ কৰিছে | আমি নিজ চকুৰে দেখি আহিছোঁ দূৰ দূৰণিৰ পৰা কেইগৰাকী মান শ্রমজীৱী মহিলাই ঘৰত ল'ৰা, ছোৱালী , মতা মানুহটো এৰি থৈ থলুৱা সতেজ যি বস্তু পাই সেয়া বিক্ৰী কৰিবলৈ পুৱাতে আহি উপস্থিত হয় , তেওঁ বিলাকৰ কোনো অতি বেছি অৰ্থনৈতিক লাভালাভৰ দূৰাকাঙ্খা নাই। সামান্য লাভ লৈ তেওঁলোকৰ পৰিয়ালটো ভালদৰে চলি যাব পাৰিলেই হয়। সদায়ে একেই কাম | আমি কেতিয়াবা তাৰ পৰাই দৰকাৰী দুই এপদ বস্তু কিনি আনিব পাৰিছোঁ | থলুৱা আৰু নিৰ্ভেজাল খাদ্য বুলি |
     এতিয়া, তেওঁলোক বাৰু সুৰক্ষিত হ'বলৈ যদি ঘৰতে সোমাই থাকিলে আমাৰ সকলোৰে অৱস্থা তথৈবচ নহ'বনে ? তেতিয়া দেখিছোঁ ইটোতকৈ সিটোহে চ'ৰা হ'ব | ইয়াৰ লগে লগে আমি উপলদ্ধি কৰিব লাগিব যিখিনি লোকে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে এনে সময়ত তেওঁলোকৰ অৱস্থা কেনে হ'ব ? তেনে সময়ত মানুহে কাম কৰাবলৈকো চিন্তা কৰা হৈছে ফলত তেওঁলোকে কাম নোপোৱা হৈছে , গতিকে সুৰক্ষিত হোৱাৰ স্বাৰ্থত তেওঁলোকে ঘৰত সোমাই থাকিলে হ'বনে বাৰু ? নিশ্চয় নহ'ব। তেন্তে কৰণীয় কি হ'ব 
     ইফালে আমাৰ দেশ খনৰ ভৱিষ্যত প্রজন্মৰ ধাৰক সকলৰ , যাৰ মুখলৈ চাই এখন নতুন দেশ নিৰ্মাণ কৰা সকলোৱে চিন্তা কৰি আছে তেওঁলোকৰ বাৰু বিস্তৰ ক্ষতি হোৱা নাইনে ? ভেটি নিৰ্মানৰ প্রাৰম্ভিক অৱস্থাৰ পৰা মূৰৰ ওপৰৰ চাল খনলৈকে সকলোবোৰ স্থবিৰ হৈ গৈছে। তেওঁলোকৰ মেধাৰ বুজ ল'ব পৰা যি প্রণালী তাক লৈ কিমান যে কি হোৱা নাই। সেয়া সকলোবোৰ সুস্থিৰ অৱস্থালৈ আনিবলৈ কেনেদৰে কি কৰিব লাগিব উপায় কোনেও দিব নোৱাৰা অৱস্থা হৈছে। এটা জটিল আৰু জয়াল সময়ৰ ফাঁকে ফাঁকে আমি গতি কৰিছোঁ।ছাত্র/ছাত্রী সকলক আমি ঘৰতে আৱদ্ধ কৰি ৰাখিছোঁ সিহঁতৰ সু স্বাস্থ্য অটুত ৰখাৰ স্বাৰ্থতে। সিহঁতেও কিমান ভয় শংকাৰ মাজেৰে সময় পাৰ কৰিব লগা হৈছে ভাবিলে দুখ লাগে। এই কণমানি কেইটাই কেতিয়াও নেদেখা নজনা সময়ৰ মুখামুখী হৈ যন্ত্ৰনাকাতৰ সময় কটাব লগা , জ্ঞান আহৰনৰ স্পৃহা নোহোৱা হৈছে | বিদ্যালয়ত গৈ পোৱা শিক্ষাৰ সমান একো হ'ব নোৱাৰে | সেই সময়ত তুমি কেতিয়া সুস্থিৰ হ'বা ?
  চৰকাৰ নামৰ যন্ত্রটোৱেও কোনফালে কিমান চাব। কিমান কৰিব , পৰিৱেশটো সুস্থিৰ কৰিবলৈ কৰা চেষ্টাৰ পৰা আৰম্ভ কৰি চিকিৎসালয়ত আক্ৰান্ত হৈ চটফটাই থকা ব্যক্তিলৈকে সমস্ত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা উপাৰ্জন ক্ষম ব্যক্তিৰ অনুপস্থিতিত পৰিয়ালটোৰ কথাৰ পৰা আৰম্ভ কৰি বাকী সকলক কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি তালৈকে , বাকী অন্যান্য এশ এবুৰি ন ন সমস্যালৈ , কথাটো ভবাৰ দৰে সহজ নহয়।গতিকে এই সময়ত আমাৰ এটাই উপায় আছে সেয়া হ'ল নিজে নিজক বচাই ৰখা।আমি যেতিয়া নিজেই নিজক প্রত্যেকে বচাই ৰাখিম তেতিয়া গোটেই সমাজখনেই বাচি থাকিব |

   
             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)