বেগম-জান-উৎপল মৰাং। খণ্ড-০৮

পংখী মৰাণ
0
:ঐ অৰ্পনা! কি ভাবি আছা?
:হা....নাই একো নাই।তোমাৰ লগত কথা দুটামান পাতিব লগা আছে।
:অ' কোৱা কি কথা ক'বা।
:নাই অকলে ক'ম,তোমাৰ ক্লাছ আছিল নেকি?
:হমমম...ক্লাছটো আছিল।এহহহ...আজি নকৰো দিয়া।

          -অৰ্পনাই আজাদক সকলোবোৰ কথা কম বুলি তাই ভাবিয়েই আছে।দুয়ো কলেজৰ বাহিৰলৈ ওলাই গ'ল আৰু আজাদৰ বাইক খনৰ ওচৰতে দুয়ো কথা পাতিবলৈ ধৰিলে।

:অৰ্পনা! কিবা ক'ম কৈছিলা।
:মানে ম..ম..মই মই.... 

আজাদে অৰ্পনাৰ হাতত ধৰি ক'লে-

:আৰে কি আছে কোৱা?কিবা অসুবিধা যদি মোক কোৱা ন।
:মানে মই তোমাৰ লগত থাকিব বিচাৰো।
:আওওওও...সেইটো কিবা লাজ কৰিবলগীয়া কথা নেকি?
:কিন্তু।
:কিন্তু! কিন্তু কি অৰ্পো?
:কিন্তু মই তোমাৰ দৰে নহয়।মোৰ দেউতাৰ তোমাৰ দেউতাৰ দৰে চাকৰি নাই।
:আৰে সেইটো কিবা কথা হ'ল নে?
:বহুত কথা আছে অ' ।
:কোৱা অৰ্পো।
:মোৰ তোমাৰ লগত বিয়া হবৰ মন কিন্তু মোৰ দেউতাই নিবিচাৰিব।যদি মোক তোমাৰ ঘৰৰ মানুহে বেলেগ ধৰ্মৰ বুলি....

     অৰ্পনাৰ কথাটো শেষ নহওঁতেই আজাদে মাতিলে-

:চুপ থাকা। তুমি কি কৈছা নিজেই জানানে।তোমাৰ দেউতাৰ চাকৰি নাই বুলিয়েই মোৰ ঘৰৰ মানুহে তোমাক মানি ন'লব কিবা কথা হ'ল নেকি?আজিৰে পৰা এইবোৰ কথা মোক নক'বা।

    অৰ্পনাই কথাবোৰ ক'ব বিচাৰোতেই আজাদে খং কৰি তাইৰ কাষৰ পৰা আঁতৰি গ'ল।অৰ্পনাইও চকুপানী টুকিবলৈ ধৰিলে।

:কিয়নো মই তোমাক কৈ পেলালো ,কিন্তু মই তোমাক সঁচা কথাবোৰহে ক'ব বিচাৰিছিলো আজাদ।মোৰ ঘৰৰ কথা,আমাৰ অৱস্থাৰ কথা।তুমি কিয় নুশুনা আজাদ কিয়?

     কথাবোৰ ভাবি ভাবি অৰ্পনাই মনৰ ভিতৰতে চিঞৰিবলৈ ধৰিলে।বহুত সময় তাই তাতে ঠিয় হৈ ৰৈ থাকিল।কিন্তু আজাদ কলেজৰ ভিতৰলৈ সোমাই গৈছিল।তাই নিৰুপায় হৈ পৰিল।কি কৰিব এতিয়া তাই।কথাবোৰ ভাবি ভাবি তাই ঘৰলৈ যাবলৈ খোজ দিলে।
কিছুসময়ৰ পাছত আজাদ কলেজৰ পৰা ওলাই আহি অৰ্পনাক বিচাৰি নেপায় মনটো মাৰি ঘৰলৈ গুছি গ'ল।অৰ্পনাও তেতিয়া বাছৰ পৰা নামি ঘৰলৈ খোজ লৈছিল।
      আবেলিৰ পৰত আজাদে মোবাইলটো লৈ ফেচবুকটো চাই থাকোতে এটা মেচেজ আহে।লগা ল'গ সি মেচেজ বস্কটো খুলি চালে।মেচেজটো অৰ্পনাৰ দেউতাকৰ নাম্বাৰৰ পৰা আহিছে।সি পঢ়িবলৈ ধৰিলে-
         ''হাই,মোক বেয়া পাই নেথাকিবা।কলেজত তোমাক মই খং উঠাবলৈ বিচৰা নাছিলো।ক'বলৈ ভয় লগা দুটামান কথা ক'ম বুলি ভাবিছিলো,কিন্তু তুমি ক'ব নিদিলা।সেইবাবে মেচেজ দিছো।
       তোমালোকৰ ঘৰৰ দৰে আমাৰ নিজৰ ঘৰ নাই।মোৰ দেউতাই অ'ত এদিন কাম কৰে ত'ত এদিন কৰে।যি কেইটকা পায় সেইকেইটাৰে ঘৰখনেই চাব নে দৰব পাতি কিনিব,নে মোৰ কলেজৰ বস্তুৰ বাবে টকা দিব।আমি বহুত দুখীয়া অ'....আমাৰ ঘৰত মোবাইল এটাই,সেইটোও দেউতাৰ লগত থাকে।আজি মনে মনে লৈ তোমাক মেচেজ দিছো।শুনা মোক দেউতাই আৰু পঢ়িবলৈ নপঠিয়াই।হয়তো তোমাক আৰু লগ নেপাম।তোমাৰ দৰে মোৰো এটা মোবাইল থকা হ'লে তোমাক এইবোৰ নকলো হেঁতেন ।Sorry..।।

        মেচেজটো পঢ়ি আজাদৰ বহুত বেয়া লাগিল।সি আবেগিক হৈ মাকক সকলো কথা কৈ পেলালে।তাইৰ বাহিৰে সি আন কাকোৱে বিয়া নকৰাওঁ বুলি কোৱাত মাকে মানা কৰিব নোৱাৰিলে।
আজাদৰ ঘৰত সন্মতি দিলেই জানো বিয়া হৈ যাব সেয়া নহয়।অৰ্পনাৰ মাক-দেউতাকৰো ইয়াত সন্মতি লাগিব।কেৱল ধৰ্মটোৰ বাবে নিশ্চয় বিয়াৰ বাবে বাধা হ'ব।

   কিন্তু অৰ্পনাৰ মনত এটা কথাই গণ্ডগোল লগাই আছে।আজাদক তাই কথাবোৰ ক'লে হয় সি বা কি বুলি ভাবিছে।
তাই কথাবোৰ লুকুৱাইছিল কেৱল আজাদ আঁতৰি যোৱাৰ ভয়ত।আগলৈ যাতে একোতে অসুবিধা নহওঁক বুলি তাই কথাবোৰ ক'ব নিবিচাৰিলেও কৈ পেলালে।
কিন্তু সকলো জানিও আজাদে কেৱল অৰ্পনাকে বিচাৰে।

    আজাদে মাকৰ ওচৰলৈ গৈ মাকক ক'লে-

:আম্মি,অৰ্পনা এতিয়া সৰু হৈ আছে।মোৰো বয়স হোৱা নাই।কিন্তু মই তাইক বিচাৰো।তুমি আব্বাক কথাবোৰ ক'বা চোন।যদি অৰ্পনাৰ ঘৰৰ লগত কথা পাতি থোৱা।

     মাকেও সকলোবোৰ বুজি পাইছিল।আজাদৰ মূৰত হাত ফুৰাই দিলে।আজাদেও মাকৰ কোচত মূৰ থৈ কান্দিলে।

    ইপিনে অৰ্পনাই আজাদৰ মেচেজৰ ৰিপ্লায়লৈ ৰৈ আছে।বাপেককো মোবাইল দিব লাগে।তাই উপায়হীন হৈ পৰিল।

:সি মোক ইমান বেয়া পালে নে?হয়তো মোৰ কথাবোৰ শুনি তাৰ হাঁহি উঠিল।মই দুখীয়া বুলি গম পালে সি।

     তথাপিও অৰ্পনাৰ ভয় লাগি আছে-

:যদি দেউতাই মোবাইল লৈ থকাৰ অৱস্থাত সি মেচেজ বা ফোন কৰে, তেতিয়া দেউতাইটো মোক কি কৰিব মই গম পাইছো।কি কৰোঁ এতিয়া মই?

      ভয়তে উপায়হীন হৈ তাই তাৰ নাম্বাৰটো ব্লক কৰি দিলে।অলপ সময়ৰ পাছত আজাদে অৰ্পনালৈ মেচেজ লিখিলে-
         :অৰ্পনা,তুমি যিবোৰ কৈছা সেইবোৰ শুনি মোৰ বহুত দুখ লাগিছে,কিন্তু তোমাৰ এইবোৰ কথাৰ বাবে মই তোমাক পাহৰি যাম কেনেকৈ?মই তোমাক ভালপাওঁ কেৱল তোমাক।আজি আম্মি আব্বুক কথাবোৰ ক'লো।আম্মিয়েও মানা কৰা নাই।আম্মি-আব্বু তোমালোকৰ ঘৰলৈ ৰিস্তা লৈ যাম বুলি কৈছে।আল্লাহৰ দোৱাত সকলো চেহি চালামত থাকিব,তুমি চিন্তা নকৰিবা।

        মেচেজটো দি আজাদে মোবাইলটো থৈ বাহিৰলৈ গ'ল।কিন্তু অৰ্পনাই যে তাক ভয়তে ব্লক কৰি থৈছে সি নেজানে।তাৰ মেচেজ অৰ্পনাই এতিয়া কেনেকৈ পাব।
        কিছু সময়ৰ পাছত উভতি আহি সি মোবাইলটো চালে,কিন্তু একো মেচেজ নেপালে।সি ভাবিলে যে তাই মোবাইল লোৱা নাই বুলি।
বহুত ৰাতি হৈ গ'ল অৰ্পনাৰ মেচেজ নাই।সি গোটেই ৰাতিতো তাইৰ মেচেজৰ বাবে অপেক্ষা কৰি থাকিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)