.........ৰক্তিম যোৱাৰ পাছত ঘৰখন বৰ উৰুঙা হৈ পৰিল, ৰূমটোতে সোমাই মনাই বিয়াৰ ফটোবোৰ লিৰিকি বিদাৰি চালে..., হৃদয়ৰ এচুকত মনাই ৰক্তিমৰ অভাৱ অনুভৱ কৰিবলৈ ধৰিলে, মনক বুজনি দিবলৈ তাই ৰক্তিমলৈ ফোন লগালে..., দুই তিনিবাৰ চেষ্টা কৰাৰ পাছতো ফোনটো লগাব নোৱাৰিলে.., মনাই খিৰিকীৰে বাহিৰলৈ চালে পূৱৰ আকাশত পূৰ্ণিমাৰ ভৰা জোন আৰু সৰু সৰু তৰাবোৰ ঢিমিক ধামাক কৈ জ্বলি আছে, বিচনাৰ পৰা নামি আহি মনাই চুলিকোচা ভালকৈ আঁচুৰি ল'লে....., আলনাৰ পৰা গামোচাখন কান্ধত লৈ গোঁসাই ঘৰত সোমাই বন্তি জ্বলালে..., গোটেই ঘৰখনত ধূনা দিয়াৰ পাছত মোবাইল ফোনটো হাতত লৈ মুকলি আকাশৰ তললৈ ওলাই গ'ল,
চোতালত থকা জুলনা খনত বহি জোনাকী সন্ধিয়াৰ সৌন্দৰ্য উপভোগ কৰিছিল.... তেনেতে মনাৰ ফোনটো বাজি উঠিল.....
: হেল্ল...! মাঁ..., কোৱা...., ভালনে?
: ভালেই আৰু, তোমাৰ..?
: মোৰ ভালেই...., দেউতাই দৰৱবোৰ সময়মতে খাই আছেনে...?
: দেউতাৰাৰ গাটো অলপ বেয়া, প্ৰেচাৰটো অলপ বাঢ়ি আছে...
: অ হয়নেকি....! ডাক্তৰক দেখুৱাইছানে নাই,
: আজি দেখাই আনিছোঁ, আগৰ দৰৱবোৰ সলাই দিছে...., অ' কালি ৰক্তিমে ফোন কৰিছিল, দেউতাৰ লগত বহু সময় কথা পাতিলে...,
: তোমাৰ লগত কথা নাপাতিলে নেকি..!
: কিছু সময় পাতিলোঁ, ভাল বেয়া খৱৰ ললোঁ, পিছে নূপূৰ আৰু দেউতাৰাৰ ভাল নে,
: ভালেই এতিয়া, দুই এদিনতে দেউতা আমাৰ ঘৰলৈ যোৱাৰ কথা আছে, নূপূৰো যাব..
: কেতিয়া আহে মোক ফোন কৰি জনাবা, তুমিও আহিবা যদি একো অসুবিধা নহয়...,
: মই নূপূৰহঁত গৈ অহাৰ পিছত কেইদিনমান থকাকৈ যাম....,মাঁ তোমাক মই অলপ পাছত ফোন কৰি আছোঁ.., তুমি ফোনটো কাটি দিয়াচোন ৰক্তিমে ফোন কৰিছে............, হেল্ল... ৰক্তিম কোৱা...!
: কাৰ লগত কথা পাতি আছিলা, চাহ খালা নে..
: মায়ে ফোন কৰিছিল, চাহ খোৱা নাই..., খামহে...! দেউতা আৰু নূপূৰ অলপ ওলাই গৈছে.., তুমি খালানে..?
: খালোঁ, অলপ আগতে..., দেউতা বাৰু খোজ কাঢ়িবলৈ গৈছে, কিন্ত নূপূৰ ক'ত গৈছে..!
: নূপূৰ কোনোবা বান্ধৱী এজনীৰ ঘৰলৈ গৈছে...,
: তুমি নূপূৰক অলপ চকু দিবা, বৰ সহজতে তাই মানুহক বিশ্বাস কৰি লয়...,
: তাই এতিয়া সৰু হৈ থকা নাই ৰক্তিম...,
: মানুহজনী ডাঙৰ হৈছে ঠিকেই কিন্ত তাই এতিয়াও বৰ চঞ্চল হৈ আছে...,
: ঠিক আছে বাৰু দিয়া.. আজিৰ পৰা চকু দিম..., ৰক্তিম তোমাৰ মোলৈ মনত পৰেনে...!
: ওহোঁ... ! নপৰে..., তোমাৰ মোলৈ মনত পৰে নেকি...!
: কেতিয়াবা বৰ মনত পৰে তোমালৈ....
: কিয়..? কি কৰা মনত পৰিলে...!
: মই ধেমালি কৰা নাই, ৰাতি যেতিয়া হঠাৎ সাৰ পাই যাওঁ..., আৰু শিতানত খেপিয়াই তোমাক নাপাওঁ..., মোৰ বুকুখন চিৰিং কৰি উঠে..., তোমাৰ মুখখন বাৰে বাৰে চকুৰ আগলৈ আহে, তাৰ পিছত আৰু ৰাতিটো শোৱা নহয়,
: মোৰো হয় এনেকুৱা...! কিন্ত কি কৰিবা , সৈনিকৰ জীৱন, হেম বৰুৱাৰ "এখন চিঠি" কবিতাটো পঢ়ি পঢ়িয়ে সান্তনা লভোঁ..
: এবাৰ গাই শুনোৱা না...
: ৰবা গাইছোঁ....
" মৰমৰ......
মেঘাচ্ছন্ন পৰ্বতৰ এই মোহনাত
নিবিড়ভাৱে মোৰ মনত পৰিছে,
মমতা,
বিদায় মৌন নিথৰ মুহূৰ্তত
তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল ।"
: হ'ব দিয়া .. ! ইমান কৰুণ কৈ গাব নালাগে...,
: আচলতে কি জানা ...! সৈনিকৰ কল্পনা, আশা সকলোবোৰ বনপোৰা জুইৰ দৰে , কেতিয়া ভমক্কৈ জ্বলে একো নিশ্চয়তা নাই...
: হ'ব দিয়া দেউতা আহিছে, ৰাতি কথা পাতিম...
: ৰাতি কথা পাতিব নোৱাৰিম, মোৰ ডিউটি আছে, ৮ বজাৰ পৰা,
: হ'ব দিয়া , by ......, ফোনটো কাটি দিছিল মনাই, তেনেতে এখন বাইক পদূলিত ৰৈ গৈছিল... by ঋত্বিক....
: by.... by....,
: বৌ....! তুমি চোতালত কি কৰিছা..?
: এনেয়ে অলপ মুকলি বতাহ লৈছোঁ...., ঋত্বিক কোন হয়....,
: কোন ঋত্বিক বৌ....!
: তোমাক যে পদূলিত নমাই থৈ গৈছিল,
: অ'....! সি মোৰ ভাল বন্ধু..., তুমি কেনেকৈ চিনি পোৱা..?
: মই চিনি নাপাওঁ..., কিন্তু তোমাৰ মুখেৰেই জানিব পাৰিলোঁ,
: তাৰমানে..... তুমি....!
: মই সকলো দেখি আছিলোঁ....,
: প্লীজ বৌ....! তুমি এইবোৰ কথা দাদাৰ আগত নকবা...,
: আজি বাৰু নকওঁ, কিন্তু ভৱিষ্যতে যাতে এনেকুৱা ভুল নকৰা...., তুমি তাক কেতিয়াৰ পৰা চিনি পোৱা,
: বৌ ভিতৰলৈ ব'লা.. মই সকলো কৈ আছোঁ..
: ভিতৰত দেউতা আছে, দেউতাই শুনিলে বৰ ডাঙৰ কথা হ'ব...,
: শুনা.....! মিনাক্ষীৰ জন্মদিন আছিল, এইবাৰ তাই অলপ সুকীয়াকৈ জন্মদিনটো পালন কৰিছিল, আমি সকলোৱে মিলি বৃদ্ধাশ্ৰমলৈ গৈছিলোঁ.., তাতেই কেক্ কাটি আশ্ৰমৰ আবাসী সকলক পায়স আৰু মিঠাই বিলাই দিলে, তাতে আকৌ নীহা বাক লগ পাই গ'লোঁ..., বায়ে ক'লে মোক অলপ আগবঢ়াই দিবলৈ....., আৰু ঋত্বিকক মই আজিহে লগ পাইছিলোঁ, মই তোমাক মিছাকৈয়ে কৈছিলোঁ মোৰ বন্ধু বুলি...., প্লিজ বৌ তুমি এইবোৰ কথা দাদাৰ আগত নক'বা....,
: ঠিক আছে , কিন্তু আকৌ দেখা পালে মই দাদাক সকলো কথা কৈ দিম, ব'লা ...! তুমি মুখ হাত ধুই লোৱাগৈ , মই চাহ কৰোগৈ... পাকঘৰত সোমাই মনাই ভাবিবলৈ ধৰিলে, নীহাই অচিনাকী ল'ৰাটোৰ লগত নূপূৰক কিয় পঠাই দিলে, নূপূৰে কিবা ষড়যন্ত্ৰ কৰা নাইটো..., নীহাই প্ৰতিশোধ ল'ব বিচাৰিছে নেকি...! নীহাৰ ওপৰত সন্দেহ উপজিল মনাৰ...., বিপদ অহাৰ আগতেই নূপূৰক সাৱধান কৰিব লাগিব..., কথাবোৰ ভাবি থাকোতেই নূপূৰ সোমাই আহিল.... বৌ কি ভাবি আছা...! গেছটো জ্বলাই চাহৰ চচপেন দেখুন তোলাই নাই..., বৌ...! জোকাৰি দিলে নূপুৰে..., ইমান কৈ কি ভাবি আছিলা... তোমাৰ গা বেয়া লাগিছে নেকি..?
: দেউতাৰ প্ৰেচাৰটো অলপ বাঢ়ি আছে, দেউতাই দৰৱবোৰ সময়মতে নাখায়, দেউতাক লৈ বৰ চিন্তা হৈছে...
: তুমি অলপ আৰাম কৰাগৈ বৌ...., মই চাহ কাপ তোমাক ৰূমতে দি আহিম,
: নালাগে দিয়া...., মই ঠিকেই আছোঁ...
: বৌ..., মই তোমাক অলপ আৰাম কৰিব কৈছোঁ, যোৱা বিচনাতে অলপ দীঘল দি দিয়াগৈ....
নূপূৰে দেউতাকক চাহ কাপ দি মনাৰ ৰূম পালেগৈ..... বৌ চাহ কাপ খাই লোৱা...,
: নূপূৰ তোমাক কথা এটা সুধো , তুমি মোক ভুল নুবুজিবা...,
: কোৱা বৌ....
: নীহাৰ লগত আমাৰ ঘৰখনৰ সম্পৰ্ক কেনেকুৱা...,
: ভালেই... কিয় সুধিলা...!
: মোৰ মতে নীহা ছোৱালীজনী বৰ সুবিধাজনক নহয় নেকি....?
: বৌ তুমিও যে কথা কিছুমান কোৱা...! নীহা দাদাৰ ভাল বান্ধৱী....,
: বান্ধৱী... নে প্ৰেয়সী...!
: তাৰমানে তুমি দাদাক সন্দেহ কৰিছা ?
: সন্দেহ নহয়, ৰক্তিমে নিজেই মোক কৈছিল ,
: কিন্তু.....! বৌ দাদাইটো মোক এইটো কথা কোৱা নাছিল,
: সেয়ে মোৰ নীহাৰ ওপৰত সন্দেহ হৈছে, ৰক্তিমে তাইক ভাল পাইছিল কিন্তু তাইক বিয়া নকৰি মোক বিয়া কৰালে, গতিকে তাই তোমাক বিপদত পেলাই ৰক্তিমৰ অন্তৰত আঘাত দিয়াৰ চেষ্টা কৰিব পাৰে....,
: বৌ তুমি কথাবোৰ বৰ নিগেটিভ কৈ চিন্তা কৰা.., দাদাই হে নীহাক ভাল পাইছিল..., নীহাই চাগৈ দাদাক ভালেই পোৱা নাছিল সেয়ে বিয়া নহ'ল,
: কথাবোৰ তুমি ভবাৰ দৰেই সৰল হ'লে ভালেই.., তথাপিও তুমি অলপ নীহাৰ পৰা আঁতৰি থাকিবা..., তোমাক আৰু এটা কথা কোৱাই নাই , সেইদিনা মৃণালিনী নামৰ মানুহ এগৰাকী আহিছিল, দেউতাৰ কোনোবা বান্ধৱী,
: মৃণালিনী খুড়ী নীহাৰ মাক...., এগৰাকী সমাজ সেৱিকা..., তুমি খুড়ীৰ লগত কথা নাপাতিলা নেকি...!
: পাতিছিলোঁ কিন্তু পৰিয়ালৰ বিষয়ে একো কথাই নোলাল...
( ক্ৰমশঃ )
ভাল লাগিছে !
ReplyDelete