তুমিও অকণমান সময় উলিয়াই এবাৰৰ বাবে হ'লেও এষাৰ মাত দিবাচোন
বৰকৈ মন গৈছে ,
তোমাৰ মুখত আখৈ ফুটা দি ফুটা শব্দবোৰ শুনিবলৈ ,
মন গৈছে তোমাৰ কণ্ঠত এটি গান শুনিবলৈ !
লগতে ...
লগতে গুণ - গুণাবলৈ ।
শুনিছো তুমি বোলে এতিয়া ভীষণ ব্যস্ত সময়ৰ মেজত
অাৰু শুনিছো তুমি মুক্ত বুলি
হয় আকৌ , তুমি এতিয়া মুক্ত
মই হে সময়ৰ পাকচক্ৰত পৰি ওলমি ৰ'লোঁ সময়ৰ মেজত
আঁতৰাই আনিলো মই নামৰ জেং ডাল ,
তোমাৰ জীৱন নামৰ মসৃণ আলিবাট ছোৱাৰ পৰা l
এয়া , মই তোমাক হাত বাউল দি মাতিছো সময়ৰ মেজৰ পৰা ।
তুমিও মাতিবাচোন সময়ৰ মেজৰ পৰাই !
তুমি বাৰু দেখিছানে মোৰ হাতখন ?
চিনিছানে মোৰ মুখখন ?
নে মোৰ বাহ্যিক অৱয়বকো পাহৰি পেলালা সময়ৰ মেজত !!
গোলাপ ফুল পাহ লৈ কাঁইটীয়া ডালটোক দলিয়াই পেলোৱাৰ দৰে
মোৰ নামটোও দলিয়াই পেলালা নেকি তোমাৰ হৃদয়ৰ পৰা সময়ৰ মেজত !
তুমি মোক মাতিবানে এবাৰ হ'লেও সময়ৰ মেজৰ পৰা ?
গাবা নে এটি গান মোৰ বাবে সময়ৰ মেজৰ পৰা ll
সুন্দৰ কবিতা পঢ়ি বহুত ভাল লাগিল
ReplyDelete