হৃদয়ৰ একোনত তুমি-বিপাশা বৰা

অসমীয়া সাহিত্যৰ চানেকি
0
:হেল্ল...নিবিড় তই ৰৈ দিবি টাউনতে মই মোৰ চিমখন সলাই লম মোৰ চিমখন বেয়া হৈছে তাৰ পছত তোৰ ওচৰলৈ যাম..তই আগবাঢ়ি আহিব নালাগে।
:ওম..থিক আছে,বেছি দেৰি নকৰিবি দেই।
:সেইয়াই হয়তো আমাৰ শেষ বাৰৰ বাবে কথা হৈছিল।

সেই সময়ত এটা অচিনাকী নাম্বাৰৰ পৰা ফোন আহিছিল....
:হেল্ল...হয় কওঁকচোন কোনে কৈছে?
:আপুনি বাৰু নিবিড় দত্ত হয়নে?
:হয় কওঁকচোন..
:আপোনাৰ মা-দেউতাৰ এক্সিডেন্টত মৃত্যু হৈছে......


মই তেতিয়া বেহুচ হৈ পৰিছিলো,মোৰ  ফোনটো হয়তো হাতৰ পৰা চিটিকি গৈ আঁতৰত পৰিছিলগৈ।কিজানি ৰিচিয়েও বহুবাৰ ফোন কৰিছিল মোক,কিন্তু মই অজ্ঞাত,ভাগৰুৱা।

     যেতিয়া মোৰ চকু খোল খাইছিল,সকলো অচিনাকী আছিল।সাৰ পাই মই মা-দেউতাক বিচাৰিছিলোঁ,কিন্তু নাই...বহুত চিঞৰিলেও সেইয়া সম্ভৱ নহয়,মই তেতিয়া ৰিচিকো হেৰুৱাই পেলাইছিলোঁ ক'ৰবাত,মই বহুত অকলশৰীয়া হৈ পৰিছিলোঁ ।

তেতিয়াৰ পৰাই আজি পাচঁবছৰ হৈ গ'ল,মই গুৱাহাটীত থকা।না কোনোবা মোৰ আপোন আছে,না মই কাৰোবাক চিনি পাওঁ।

        কিন্তু সেইদিনা কি হৈছিল জানা?প্ৰায় একমাহ মানৰ আগত মোৰ ৰূমৰ সন্মুখত এটা এক্সিডেন্ট হৈছিল।হুলস্থুল শুনি মইয়ো বাহিৰলৈ ওলাই আহিছিলোঁ আৰু বাহিৰত পৰি থকা মৃত শৰীৰটো কোন আছিল জানা?"ৰিচি" মোৰ শৈশৱৰ বান্ধৱী,যাক মই পাৰ হৈ যোৱা পাচঁবছৰে বিছাৰি ফুৰিছিলোঁ  । হৰ্ঠাৎ হৃদয়খন আকৌ এবাৰৰ বাবে মোচোকা খাই উঠিছিল।এটা আটাইতকৈ গুৰুত্বপুৰ্ণ কথা কি জানা?তাইৰ মৃত শৰীৰটো লৈ যোৱাৰ পাছত তাইৰ ডায়েৰীখন তাত ৰৈ গৈছিল,আৰু মই সেইখন উঠাই মোৰ ৰূমলৈ লৈ গৈছিলো আৰু পঢ়াৰ পাছত গম পাইছিলোঁ,মোৰ দৰে তাইয়ো মোক পাগলৰ দৰে ভাল পাইছিল,মাথো বন্ধুত্ব শেষ হৈ যোৱাৰ ভয়ত কথাবোৰ দুয়ো কেতিয়াওঁ কাকো কোৱা নাছিলোঁ ।

      পাপৰি আজি আকৌ এবাৰ মোৰ শৈশৱলৈ ওভতি যাবৰ মন গৈছে জানা।আজিৰ কথাবোৰে হয়তো তোমাকো আমনি দিব,কিন্তু মই যে এতিয়া অসহায়,একেবাৰেই অকলশৰীয়া।মোৰ কাষৰত যেন এতিয়া এজন সংগীৰ খুওৱ প্ৰয়োজন।

:পাপৰি তুমি মোৰ সেই ৰিচিজনী হ'ব পাৰিবানে?মই তোমাৰ আগত হাতযোৰ কৰিছো please মোক ভুল নুবুজিবা।ৰিচিৰ পাছত আকৌ এবাৰৰ বাবে মোৰ কাৰোবাক ভাল লাগিছে আৰু সেইজনী হৈছা তুমি পাপৰি তুমি।এতিয়া মই তোমাকো হেৰুৱাব নোখোজো,সেইবাবে কথাবোৰ মই আজি তোমাক কৈয়েই পেলালো please তুমি মোক বেয়া নাপাবা,মই হয়তো কথাবোৰ ভালদৰে বুজাই কব জনা নাই,মোৰ শৰীৰত শব্দবোৰৰ জোৱাৰ উঠিছে।
(অলপ দূৰ আঁতৰি যায়)

:নিবিড় মই তোমাৰ হ'ব পাৰিমনে?(অলপ আঁতৰৰ পৰা ছিঞৰি কোৱাৰ দৰে)

:পাপৰি(ওভতি চাই)তুমি সচাঁই কৈছা,তুমি সচাঁয়েই কৈছানে?

"তুমি মাথো মোৰ হোৱা,মইতো সদায়েই তোমাৰ।"

[মোৰ অকলশৰীয়া জীৱনত এতিয়া নিজৰ বুলিবলৈ কেৱল পাপৰিয়েই আছে,মই সুখী এতিয়া পাপৰিৰ লগত,তাইৰ ওঁঠত জিলিকি ৰোৱা হাঁহিটোৱে মোক সদায়েই হাঁহি বিৰিঙায়,এই হাঁহিটো মই সদায়ে এনেদৰেই ৰাখিম....................তুমি মোৰ হোৱা মইতো আজীৱন তোমাৰেই।"

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)