সূৰ্যোদয়-নাহৰৰ চিৰলা-চিৰিলি পাত |খণ্ড-১১ | ধাৰাবাহিক উপন্যাস- ৰাজেন দাস

পংখী মৰাণ
0
নাহৰ এক শব্দ । অকল শব্দই নহয় । ই এখন বিশাল হৃদয় । উপলব্ধিৰ বাবে লাগে মাথোঁ  এখনি বুকু । বৰ সহজেই বুজি নাপালেও । নাহৰৰ ভিতৰলৈ সোমাই যাম । কেইবাখনো গেট পাম । জ্যোতি বাটচ'ৰা , চেকেণ্ড গেট , ইঞ্জিনিয়াৰিং গেট আদি । জ্যোতি বাটচ'ৰাৰ গেটত প্ৰতীক(Symbol) ৰ কাষৰতে "নিয়তং কুৰুকৰ্ম" লিখা আছে । জ্যোতি বাটচ'ৰাৰ পশ্চিম ফালে(যোৰহাটৰ ফালৰ পৰা) --
"তোৰে মোৰে আলোকৰে যাত্ৰা
      অব্যৰ্থ অব্যৰ্থ
আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ 
        স্বাগত স্বাগত সতীৰ্থ!
ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ ওপৰোক্ত গীতটিৰ শাৰীকেইটিৰ পিছৰ শাৰীকেইটি -
সেউজীয়া জীৱনৰে জাগৃতি-ছন্দ
আহে আহে
    জনতাৰ অন্তৰে অন্তৰে আলোক-বসন্ত হাঁহে হাঁহে
প্ৰচাৰিত অৰুণবাণী
 আগবাঢ়ে যুগাগ্ৰগামী তৰুণ সেনানী
আজি সমৃদ্ধ বেগে
জাগে জাগে বিপ্লৱী প্ৰাণ
মুখৰিত দিশে দিশে অগনিৰ গান ৷৷ (সহায় লৈ) মাজতে জ্যোতি বাটচ'ৰাত লিখা আছে আৰু বিশ্ববিদ্যালয়ৰ প্ৰতীক(চিম্বল)-
সুন্দৰৰ পূজাৰীয়ে লিখি থৈ গৈছে
পূবফালে--
"সুন্দৰ যে ফুলাৰ মন্ত্ৰ
অহোৰাত্ৰি মাতে
সেয়েহে আজি ইমান ফুল
প্ৰভাতে প্ৰভাতে।”( সহায় লৈ) 

গেট খন অলপ পাৰ হৈ মাষ্টাৰ প্লেনৰ ঠিক ওচৰৰ পৰাই জ্যোতি বাটচ'ৰালৈ মন কৰিলেই দেখিম বিশ্ববিদ্যালয় ৰ মূলমন্ত্র-
"নিয়তং কুৰু কৰ্ম"
জীৱনটোক সন্ধি কৰি কৰি চাব পাৰি । "মন কৰিলে চন বাকৰি মাটিতে ধন"। বিশ্ববিদ্যালয় এখন ডাঙৰ প্লেটফৰ্ম । সাতোৰঙী সপোন পূৰ্ণ কৰিবলৈ কচৰৎ  কৰিব পাৰি । 
বৰ বুকুখন শাঁত পৰা যেন লাগে । প্ৰশান্তি প্ৰশান্তি ভাৱ এটাই আবৰি ধৰে । জ্যোতি বাটচ'ৰা দেবদাৰুৰ সুবাস , নাহৰৰ চিৰলা চিৰিলি পাত , বিতোপন পাৰ্ক , সুন্দৰ সুন্দৰ কেন্দ্ৰ , বিভাগ , মসৃণ অলি-গলি , সুস্বাদু জ্যোতি , জঃছাগ কেন্টিন , সুন্দৰ ৰংঘৰ ( ইয়াতে ডাঙৰ ডাঙৰ অনুষ্ঠান অনুষ্ঠিত হয় , এবাৰ দালাই লামা , বিভিন্ন শিল্পী , বিশিষ্ট লোক , ইলেকচনৰ বিভিন্ন কাৰুকাৰ্য ইত্যাদি বহু কিবা-কিবি হৈ থাকে ) , আটকধুনীয়া হোষ্টেল , ইন্টাৰনেচনেল হোষ্টেল(Vishranta) , গৱেষক/গৱেষিকা হোষ্টেল ,  নৱ ছাত্ৰী নিবাস , জেচিয়ান ফিল্ড , খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰ , ষ্টুডেন্ট একটিভিটি চেন্টাৰ , জিমনেচিয়াম , টেনিচ ক'ৰ্ট , ভলীবল ক'ৰ্ট , চাইনাগেট , ভিচি বাংলো , বিভিন্ন ভৱন , পুথিভঁৰাল , এডমিনিষ্ট্ৰেটিভ , পাঞ্জাৱ নেচনেল বেংক , প্ৰেক্ষাগৃহবোৰ , লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰাল , মালভোগ বৰুৱা সংগ্ৰহালয় , ডাকঘৰ , শিৱমন্দিৰ ,গছ নামকৰণ ফলকবোৰ , প্ৰফেছৰ কলনিবোৰ ইত্যাদি কত কি আছে । কিছুমান বাদ পৰিবই পৰিব । কথাষাৰ নিশ্চয় শুনিছোৱেই "অধিক মাছত বগলী কণা"। 
পাৰ্কৰ কথাৰে... 
 পাৰ্ক - "হিতেন্দ্ৰনাথ বৰুৱা বিজ্ঞান আৰু সংস্কৃতি উদ্যান" । পাৰ্কলৈ সোমাই যোৱাৰ কাষৰতেই বহুটো গছৰ তলে তলে বেঞ্চ আছে । য'ত বহু দিশ ইয়াতে সোমাই আছে । পাঁচটকা টিকট লৈ আই কাৰ্ড দেখুৱাই সোমাই যাওঁ । যদুৰ সৈতে প্ৰায় গৈছোঁ । গোটেই পৰিৱেশটো সেউজীয়া । মনটো সেউজীয়াই ভৰাই পেলাই দেখোন । সুধাকণ্ঠৰ প্ৰতিমূৰ্তি আছে । সৰু সৰু অনুষ্ঠান কৰিব পৰা ষ্টেজ আছে । প্ৰকাণ্ড শিল , কুঁৱা আছে । এনেকুৱা ভাৱ এটাই জুমুৰি দিবহিয়েই--
"শিলে শিলে ঠেকা খালে, নিজৰাৰে পানী.."
পকা ওৱালত প্ৰাচীন মানৱৰ প্ৰতিচ্ছবি আছে । যিয়ে মানৱ বিৱৰ্তনৰ ইতিহাস ৰ সাক্ষী বহন কৰিছে । আনফালৰ ওৱালত চিত্ৰকলাৰে সুশোভিত হৈ আছে । এটা পুখুৰী আছে । পুখুৰীৰ কাষে কাষে জন্তুৰ আকাৰে সজা ডাষ্টবিন । কাষৰতে খেলি থকা মানুহৰ প্ৰতিমূৰ্তি আছে। বুঢ়ী আইতাই নাতি-নাতিনীহঁতক লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ীআইৰ সাধু কৈ থকা সুন্দৰ পৰিৱেশ আছে । দলং আছে । এখন গ্ৰাম্য জীৱনৰ ঘৰৰ পৰিৱেশ আছে । য'ত আইতাই চালনিৰে চাউল চালি আছে , ককাই বাঁহৰ কামত লাগি আছে , খুৰী দুগৰাকীয়ে    ঢেঁকীত ধান বানি আছে , চোতালতে সৰু ল'ৰা পোৱালি এটাও আছে । বাওঁফালে নামঘৰ আছে । এই সন্ধিয়া হ'লেই ডবাকোব দিবই দিব এনে অনুভৱে আৱৰি ধৰেহি । ওচৰতে শিৱ মন্দিৰ এটি আছে । নামঘৰ দেখিলে মূৰ দোঁ খাই যোৱাৰ দৰে । বাঁহগছ আছে । গছৰ ওপৰতে চাংঘৰ আছে। মনটোত প্ৰগাঢ়িত হয়-
"চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা , কনেং ঐ... । জনজাতীয় সমাজৰ সেই জখলাত উঠিছোঁ । বৰ ভাল লাগে । চাংঘৰত এবাৰ মোৰ ভৰিও সোমাইছে । কেনেকুৱা মই কান্দিলোঁ । এই কান্দোন হেঁপাহৰো , উৎপাতৰো..।কাহানিও নাপাহৰো । মই মাছ বিক্রী কৰিবলৈ যাওঁতে আৰু ওচৰৰ ৰেমী মামৌহঁতৰ ঘৰত এনে হৈছিল , অভ্যাস নাথাকিলে হোৱাটোৱেই স্বাভাৱিক। কি মজবুত কৈ চাংঘৰ সাজি আছে । বাঁহ , বেত , প্লাষ্টিকৰ ৰচিৰে আঁটি আঁটি বান্ধে । যাতে সোলোক-ঢোলোক নহয় । চালনিৰ ফুটাতকৈ ডাঙৰ ফুটা থাকে তাতে সৰু ভৰি সোমাই ছেগা-চোৰোকাকৈ । বৰ ধুনীয়াকৈ চাংঘৰ সাজে । পঢ়িবলৈ পাওঁ শংকৰ গুৰুজনাই নামঘৰৰ যি আৰ্হি সেইটো জনজাতীয় সমাজখনৰ পৰাই লোৱা ।
 "এক দেৱ এক সেৱা এক বিনে নাহি কেৱ" ৰ মন্ত্ৰৰে গুৰুজনাই জাতি , জনজাতি , ধৰ্ম , বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ ডোলেৰে বান্ধি থৈ গৈছে । নগাৰ নৰোত্তম , গাৰোৰ গোবিন্দ , মুছলমানৰ ছান্দখাই... ইত্যাদি দিশ আমি পাই আহিছোঁ ।
এটি সু-সজ্জিত ৰংঘৰ আছে। বিশালকায় । বৰ বিতোপন ।বিভিন্ন নাটক মঞ্চস্থ হয় । লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰালৰ পূৱে । ফুল-ফুলনিৰ কাষতে পানী দি থকা সুবিধা ও মন মুহি পেলায় । এটি সংগ্ৰহালয় আছে । এনে আৰু দুই-এটি গৃহ আছে । বিখ্যাত মূৰ্তিও আছে। হেল্থ
চেন্তাৰ ( Health center)আছে । এম্বুলেন্স ৰ সুবিধা আছে । বিষ্ণু ৰাভা নামৰ হল আছে । ইয়াতে বিভিন্ন অনুষ্ঠান-ডিয়ু আইকন , ভাষণ , বিনামূলীয়া চিকিৎসা সেৱাও ইত্যাদি ইত্যাদি হৈ থাকে । কিছুমানৰ ভিতৰলৈ সোমোৱা নাই , কি আছে নাজানো । আৰু বহুত কিবা কিবি আছে , চমুৱাই কৈছোঁ । সৌভাগ্য নহয় নে যদু । আৰু ইয়াত পঢ়িবলৈ , জীৱনটোক জুখি-মাখি চাবলৈ । ই এক ব্ৰহ্মাণ্ড কমাৰশাল । যদুৱে ঠাইতে মনত পেলাই দিলে-"সখা , জুহালত  গঢ়িলেহে কমাৰশালত গঢ়িব পাৰি"। 
বিশ্ববিদ্যালয়ক সকলোৱে সদায় স্বাগতম জনাই , বিদায় নিদিয়ে । জীৱনৰ নিৰ্ভিক সত্য জানিব পাৰি । এনেকৈ যদু আৰু মই কথাখিনি পাগুলিয়াই থাকোঁ । গৈ থাকোঁ । কিমানদূৰ পাৰোঁ । জীৱনটো নো কি গৈ থাকা , খেলি থাকা , খেলি খেলি জিকি থাকা । জিকিব নোৱাৰিলে আকৌ প্ৰস্তুত হোৱা । কৌশল সলাই লোৱা । তেতিয়াই নিজকে সলাব পাৰি । এখন বিচিত্র পৃথিৱী । য'ত নিজকে গঢ়ি থাকিব , পিটি থাকিব , ধুই-পখালি থাকিব পাৰি...। 

(২) 
মেৰিটিয়াছ বহু ষ্টুডেন্ট আহিছে । মোৰ হেঁপাটোক ৰখাব পৰা নাই । ডি.ইউলৈ তিনি বন্ধু আহিছোঁ । এন্ট্ৰেন্স  দিবলৈ । পৰীক্ষা অলপ টানেই । চিট কম আছে । তথাপি কথাষাৰ বৰলোকে কয় -
"সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ"। 
এসময়ত ফলাফল ভাল পালোঁ । ইমান সহজকৈ নহয়। কষ্ট কৰি ফল লোৱাৰ আমেজ সুকীয়া । হাৰি হাৰি জিকি যোৱাটো সুকীয়া অনুভূতি আছে । নম্বৰৰ প্ৰতি লক্ষ্য ৰাখি , সংক্ষিপ্তকৈ লিখিব লাগিছিল , প্ৰশ্নখিনি স্নাতক মহলাৰ মেজৰৰ ৰিলেটেড । মই আকৌ ইউনিভাৰ্ছিটি কেইখন চিলেবাচ ফোনতে ডাউনলোড কৰিও চাইছিলোঁ ।
লগৰ দুজনে যোৰহাটৰ জে. বি. ত পঢ়িবলৈ সুবিধা পালে । সেইসময়তে মোৰ অৰ্থ সংকট প্ৰবল হৈ উঠিছিল । প্ৰথম বিভাগত উত্তীর্ণ হোৱা মেট্ৰিক পৰীক্ষাৰ্থী সকলক চৰকাৰে ACER  ৰ লেপটপ প্ৰদান কৰিছিল । মই কোনো ফালে উপায় নেপায় সেইটোকে বিক্রী ৰ ব্যবস্থা কৰিলোঁ । লাখেৰাজ জনজাতি মধ্য ও উচ্চ ইংৰাজী বিদ্যালয় ৰ গণিত শিক্ষক বিনোদ বৰা চাৰক কথাটো জনাইছোঁ । 
"চাৰ , মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত ত নামভৰ্তি ৰ বাবে পইচা যা-যোগাৰ কৰিব পৰা নাই , আপুনি অলপ ধাৰে দিয়ক , মই মোৰ লেপটপটোকে বিক্ৰী কৰিম , ঘূৰাই দিম ।"
চাৰে সোনকালেই সঁহাৰি দিলে-"তই কাইলৈ নামভৰ্তি ৰ বাবে পইচা লৈ যাবি"। উস! উশাহটো ভালকৈ ল'ব পাৰিছোঁ । ঘৰখনকো দে বুলিলেই পাঁচ , ছয় হাজাৰ যোগাৰ কৰি দিব নোৱাৰিব । তাতে আমি জোৰা-টাপলি দি চলি আছোঁ । গাঁৱৰ ওচৰ-চুবুৰীয়াই আজিও যথেষ্ট মৰম কৰে । ধাৰে উধাৰে চাউল দিয়ে , দিয়ে পাচলি । তাতে মই শনি লগাই এম.এ পঢ়াৰ পোকটো উলিয়াব পৰা নাছিলোঁ ।টকা-পইচা একেবাৰে নাই সঁচা । মানসিকভাৱে তীব্ৰ হেঁপাহ আছে । পোকে কামোৰাদি কামুৰি থাকে । সেয়েহে মই যিকোনো প্ৰকাৰে কোনোবা বিশ্ববিদ্যালয় এখনত পঢ়িবলৈ পালে ধন্য মানিম । ইমান পগলা হৈ গৈছোঁ । এইখিনিতে মোৰ মনত পৰে মা ৰ উৎসাহ ভৰা কথাকেইটি-
"তই যাচোন , মই খুজি-মাগি পঢ়াম , তই ভাল হ । ভেকুলিৰ পিঠিত নোম গজেই নে ! আগৰ গৰু য'লৈকে যায় , পিছৰ গৰু তলৈকে যায়। তোকে দেখি ইটো সিটো আগবাঢ়ি যাব , বৰমুকলিৰ লাখেৰাজৰ পৰা বহু বছৰৰ মূৰত প্ৰথম বিভাগৰ দুৱাৰ খোল খোৱাই দিলি , আজিও খোল খাই থাকিল , জোনাকী কাৰেঙেদি যেন জোনাক ওলায়েই আছে , ওলায় থাকিব... "। 
(৩) 
লাহে লাহে ডি.ইউলৈ আহিলোঁ । ঠিকনা দুৱৰা চুক । ডেকানী হোষ্টেল । এটা কোঠাত পোন্ধৰশ , লাইটৰ  বিল , ৰান্ধনী খৰচ , গেছ , বজাৰ-সমাৰ ইত্যাদি সুকীয়া। ঘৰৰ পৰা আহোঁতে ইটোৱে-সিটোৱে দিয়া দুই-এপইচা আছিল । তাকে খৰচ কৰি আছোঁ । মাহটোৰ শেষতহে গম পাইছোঁ খৰচ বহুত । 
" যদু , মই ইয়াত থাকিব নোৱাৰিম । ঘৰৰ পৰা ইমান খৰচ বহন কৰিব নোৱাৰিব । দেউতাই মাছহে মাৰে , লগতে অলপ খেতি-পথাৰ । তেনেকৈ ইনকাম নহয় । ঘৰৰ সৰহ মানুহ । মই যেন ঘৰখনৰ তেজ শুহি শুহি খাবলৈ আহিলোঁ।"

যদুৱে একাণপটীয়াকৈ শুনি গ'ল । উৎসাহ , প্ৰেৰণা দি থাকে । মাজে-সময়ে । যিদৰে ঘৰৰ লগতে প্ৰেয়সীও দি থাকে । এনেকৈ কৈ নিজৰ কোঠাতে ভাবি থাকোঁ । দুই এদিনতে ডিকেডী কলেজৰ শ্ৰদ্ধাৰ ড° চণ্ডীচৰণ গোস্বামী চাৰে মনটো ডাঠ কৰে , অন্যান্য চাৰ/বাইদেউৰ সহায়-সহযোগ কৰে লগতে কুশল চন্দ্ৰ পূজাৰী চাৰে কয়-
"মই সকলো পঢ়াখিনি বিছনাত বাগৰি বাগৰি মনলৈ বাৰে বাৰে আনিবলৈ চেষ্টা কৰোঁ , কষ্ট কৰ , জে.আৰ.এফ(JRF-Junior Research fellowship) যদি পাৱ বনি যাবি , মোৰ আৰ্শীবাদ সদায় আছে, পাৰিবি... "
তথাপি মই যেন জ্বলা জুইত ঘিউ দিবলৈ আহিলোঁ । মা জনীয়ে ক'ৰ ক'ৰ পৰা ধাৰে-উধাৰে আনিব । মানুহ কিছুৱে ঘূৰাই দিব নোৱাৰিব বুলি পইচা দিব নে নাই , মা ৰ মনটো তেতিয়া কেনেবা কৰিব , আত্ম-সহায়ক গোটৰ পৰাও ল'ব , কম সুদত । কিন্তু কিমান দিনলৈ । পঢো় নে উভতি যাওঁ ।যেন 'ঘৰৰ ল'ৰা ঘৰলৈ উভতি অহা' । ঘৰতো ইটো-সিটো কৰিম , পালে হাজিৰা কৰিম , ইন্টাৰভিউ দিম এনে ভাবনাই মন ভৰাই  তুলিলে । কেইবাদিনলৈকে । ক্লাচবোৰ ইটো-সিটোৰ সৈতে চিনাকি হৈছোঁ । মিলি দা , নীলোৎপল দা ,  ভৈৰৱ দা , দেবজিৎ দা , বনিক দা , ত্ৰিজয় , চন্দন , ভাস্কৰ লগ পাইছোঁ । সকলো ভাল ভাল ঘৰৰ । পঢ়া-শুনাত ভাল । টকা-পইচাৰ সমস্যা নাই । লগৰ যদুমণিৰো নাই । যদিও দেউতাকে খেতি-বাতিহে কৰে । তাতে ঘৰৰ সি আগলৈয়ো-পিছলৈয়োঁ । আলাসৰ লাড়ু... 
(৪) 
মোৰ কোঠাৰ একাষে মিলি দা আনকাষে নীলোৎপল দা ।মোৰ কোঠাৰ মুখে মুখে যদুৰ কোঠা । ইফালে-সিফালে ইটো-সিটোৰ কোঠা । সকলো প্ৰতিভা সম্পন্ন । সকলোৰে লগত ফ্ৰি হৈছোঁ । মিলি দাদাৰ লগত বেছি । লাহে লাহে কথা পাতি গম পালোঁ মিলি দাদাই ইকনমিস্কত ইতিমধ্যেই মাষ্টাৰ ডিগ্ৰী শেষ কৰি বেংকৰ কিবা ক'ৰ্চৰ বাবে তাত ভাড়া কৰি আছে । ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰ অন্যতম ছাত্ৰাবাস পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাস ত আছিল । হোষ্টেলৰ কথাবোৰ দাদাৰ পৰা জানিব পাৰিলোঁ ।মোৰো দুৰৱস্থাৰ কথা জনালোঁ । বানাক্ৰান্তৰ কথাও...। 
"তই হোষ্টেল নাযাবি কিয় , এপ্লাই কৰ ভাই , খৰচ কম , চৰকাৰী হোষ্টেল , বিপিএল কাৰ্ড থাকিলে হাফ ডিউচ দি চলি যাব পাৰিবি , হোষ্টেল ৰ খাদ্যৰ বাবে বজাৰ সমাৰো কৰি দিব পাৰিবি ইত্যাদি"। 
মিলি দাদাৰ কথাত মনটো ফৰকাল হৈ পৰিল । মই যিমান কম খৰচত থাকিব পাৰোঁ সিমানেই ভাল । অলপ স্কলাৰশ্বিপো পাম । তেনেকৈ চাৰসকলেও পঠাব , নিপনৰ একাউন্ট নং দিম , মোৰ কলেজৰ দিনতে খোলা একাউন্টত পইচাৰ লেন-দেন নাই , সিও কিবা কৈ সহায় কৰি দিব পাৰে , গম পালোঁ আমাৰ বিভাগৰো বহুত হোষ্টেল তে আছে । 
"ব'ল ভাই , তোক হোষ্টেললৈ লৈ যাওঁ , বাইকত উঠ" মিলি দাদাই কোৱাৰ লগে লগে মইয়ো উঠি ল'লোঁ । 
"বলক , মিলি দাদা। দুৱৰাচুকেদি ওলাই আহি জ্যোতি বাটচ'ৰাইদি মোক লৈ আহিল । পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাস ( PNGBCN ) পালোহি। ইটো-সিটোৰ সৈতে চিনাকি কৰি দিছে । প্ৰিফেক্টসকলৰ সৈতে চিনাকি কৰি দিলে । সকলোৱে নাম-ধাম সোধাৰ পিছতে আবেদন ক'ত কেনেকৈ কাক , কাৰ চিগনেচাৰ ইত্যাদি যাৱতীয় কথাখিনি বুজাই দিলে । আকৌ দুৱৰা চুকলৈ ৰাতিয়েই  উভতিলোঁ । ৰাতি খোৱা-বোৱা কৰি বিছনাত শুইছোঁ । মনটো পাতল পাতল লাগিল । বিশেষকৈ হোষ্টেল পালে খৰচ কম , কিবাকৈ মাষ্টাৰ ডিগ্রী কৰি ওলাই যাব পাৰিম বুলি বিশ্বাসে গা কৰি উঠিল । পৰিৱেশ বদলি হ'লে এডজাষ্ট (Adjust) হ'ব লগা হৈছে। অলপ সময় লাগে' কমফৰতেবুল ফিল লৈ'। এনে অনুভৱেও দোলা দি গ'লহি ।লাহে লাহে টোপনিয়ে হেঁচা মাৰি ধৰিলে... 

(৫) 
হোষ্টেল লৈ যোৱাৰ আগতে বিশিষ্ট ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ 'নাহৰৰ নিৰিবিলি ছাঁ' পঢ়ো বুলি কয় । বিভিন্ন বিশ্ববিদ্যালয়ৰ কলেজ কেম্পাচ বিষয়ক ইত্যাদি উপন্যাস ওলাইছে । নাহৰৰ নিৰিবিলি ৰ মইয়ো তাৰ ব্যতিক্রম নহ'লোঁ ।অলপ-অচৰপ ভয়ো লাগি আছে । এপ্লিকেশনৰ কাম ইটো-সিটোকৈ কৰিবলৈ আৰম্ভ কৰি দিছোঁ । মাজে মাজে ভাবি থাকোঁ । হোষ্টেলতো বহু ৰোল এণ্ড ৰেগুলেশ্চন থাকিব । ক্লাচ ত লগ পোৱা অৰূপ , নিপনৰ পৰা দুই এক কথা জানিব পাৰিছোঁ । ক্লাচৰো বহুত কাম থাকে। ৱাৰডেনৰ চহী , ৰেজিষ্টাৰৰ চহী আৰু বহু কিবা কিবি কৰিব লাগিব । এদিন সকলো যাৱতীয় কামখিনি সমাপন হ'ল । ইটো-সিটো কৈ সহায় কৰি দিয়া চিনিয়ৰ ভাগ্যশ্ৰী তামুলী বাৰ সহায়তা ত এডমিশন ল'লোঁ ২৯০০ দি । ক'ত কি কেনেকৈ কৰিব লাগে নতুনতে আইডিয়া কম থাকে , থাকেই।ৰোম নং ৪০৭ । চি ব্লক । টপ ফ্লৌৰ । সেই ফ্লৌৰৰ ৪২০ নং কোঠাত নিপন থাকে । মনটো ডাঠ হৈছে একে বিভাগৰে । একেটা বিভাগৰে সেইটো ব্লক(Block-C) ৰ ফাৰষ্টৰ ২১৭ নং কোঠাত অৰূপ , মেধাৱী ছাত্ৰ জ্যোতিস্মান বি ব্লকত , চিনিয়ৰো বহুতো আছে , লাহে লাহে চিনাকি পৰ্ব হ'ব । মই হোষ্টেল অহা পলমেই হ'ল । যাৰ বাবে কিছুমান মুহূর্ত নাপালোঁ। কিন্তু ভাল লাগিছে পোৱা মুহূর্তখিনি মেমৰেবুল । পজিটিভ ভাইব্ৰেচন(Positive vibration)যেন অনুভৱ । সকলো জাতি জনজাতি ৰ মিলনৰ মন্দিৰ অনুভৱ হৈছে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা আহি পঢ়ি আছে । ছোৱালী হোষ্টেলতো বিভিন্ন ঠাইৰ ছোৱালীয়ে উচ্চশিক্ষাৰ বাবে অধ্যয়ন কৰিবলৈ আহিছে , আহে । আমাৰ লগৰো দুই এগৰাকী য়ে জয়মতী ,পদ্মকুমাৰী , নলিনীৱালা ইত্যাদি হোষ্টেলত চিট পাইছে । বাহিৰৰ পেয়িং গেষ্ট( Paying guests) হৈয়ো আছে , ঘৰ এটাকে লৈয়ো থাকে , মানুহৰ ঘৰতে কোঠা ভাড়া কৰিও আছে । 
ক্ৰমশঃ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)