এই বিদ্যালয়ত পঢ়ি থকাৰ সময়ত বছৰটোত দুটা উৎসৱ অনুষ্ঠিত হৈছিল। সৰস্বতী পূজা আৰু বাৰ্ষিক অধিৱেশন । ইয়াৰ প্ৰথমটো অকলশৰীয়া কৈ আৰু পিছৰটো দুয়োখন বিদ্যালয় মিলি যৌথভাৱে পতা হৈছিল। দুয়োটা অনুষ্ঠানেই সকলো ছাত্ৰ-ছাত্ৰীৰ প্ৰিয় আছিল। সেই সময়ত বিদ্যালয় খনত অনুষ্ঠিত সৰস্বতী পূজা পালনৰ দিনবোৰো মন কৰিবলগীয়া। সকলো ছাত্ৰই একত্ৰিত হৈ পূজাৰ আগদিনা স্কুলতে টোপনি খতি কৰি থাকি গোটেই ৰাতি আটা মঠা, বেলি ৰুটিৰ আকাৰ কৰা, ৰুটি পূৰা আদি কামবোৰ সকলো ছাত্ৰই নিয়াৰিকৈ কৰিছিল। অৱশ্যে সকলোৱে বৰ নিষ্ঠাৰে কাম-বন বোৰ কৰিছিল। পাছৰ দিনা অৰ্থাৎ সৰস্বতী পূজাত সকলোৱে পোছাক-পাটী বৰ মাৰ্জিত ভাৱে পৰিধান কৰিছিল। ছাত্ৰ সকলে ধূতি-চোলা আৰু ছাত্ৰী সকলে চাদৰ-মেখেলা পৰিধান কৰি ধৰ্মীয় দিশটোৰ লগতে সংস্কৃতিক দিশটোকো গুৰুত্ব দিয়া দেখা গৈছিল।ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে এনেকুৱা এটা দিনৰ অনুষ্ঠানতে জীৱনত প্ৰথম মই দিহা-নাম গাবলৈ শিকি পৰিৱেশন কৰিছিলো। মায়ে মোক গাবলৈ আৰু লগতে তাল ৰাখি হাতচাপৰি সংগত কৰিবলৈ সুন্দৰ ভাৱে শিকাই দিছিল। নামটো এনেধৰণৰ আছিল-
"শান্তিৰ জানতে মৌৰাই পানী খালে
পখীয়ে ধৰিলে চালি।
শ্ৰীমন্ত শংকৰে পাৰভাঙি দিলে
বহে বহ্মাণ্ডক ভেদি।।"
নামটোৰ লগত পদটো দিওঁতে নামঘোষাত থকা "হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে" ঘোষা ভাগ দিছিলো।
পূজা দিনা কীৰ্তনৰ প্ৰথম নামটো শেষ কৰাৰ পাছতে ছাত্ৰ সকলৰ ফালৰ পৰা ময়েই একমাত্ৰ নামটো দিছিলো। সেয়ে সকলোৱে মই দিয়া নামটো ভালদৰে শুনি বহু উৎসাহেৰে গাইছিল। লগৰীয়া সকলে চিঞৰি গাই মোক সংগদিয়া বাবে নামটো অন্যন্য হৈ পৰিছিল। সকলোৱে একমুখে কীৰ্তন কৰা সেইবাৰ মই দিয়া নামটোৱেই শ্ৰেষ্ঠ শাৰীত উপবিষ্ট হৈছিল। সেই উৎসাহময় দিনটোৰ কথা মনত পৰিলে লগৰ বন্ধু-বান্ধবী সকলে আজিওঁ মোক কাষতে থাকি একে উদ্যমে প্ৰেৰণা দিয়াৰ নিচিনা অনুভৱ কৰো। এই দিনটোৰ পাছৰে পৰা মই বিভিন্ন অনুষ্ঠানত ভয়ভাৱ নথকাকৈ হৰি- নাম দিব পৰা হ'লো। অৰ্থাৎ হৰি-নাম পৰিৱেশনৰ আৰম্ভনিৰ আদিপাঠ ইয়াৰ পৰা আৰম্ভ বুলি ক'ব পৰা যায়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ