৩০ আগষ্ট -আজিৰ দিনটোৰ বিশেষত্ব

⭕১৯৯৭ চনৰ এই দিনটোতে অসমৰ ৰাজ্যপাল লোকনাথ মিশ্ৰৰ অসমৰপৰা প্ৰত্যাগমন ঘটে।

⭕১৯৯০ চনৰ এই দিনটোতে লোকসভাত সৰ্বসন্মতিক্ৰমে আকাশবাণী আৰু দূৰদৰ্শনক স্বায়ত্ত্ব শাসন প্ৰদান কৰা ঐতিহাসিক ‘‘প্ৰচাৰ ভাৰতী বিধেয়ক’’খন গৃহীত হয়।

⭕১৯৮৪ চনৰ এই দিনটোতে আমেৰিকাৰ স্পেচ ছাটল ‘‘ডিস্ক’ভাৰি’’ৰ প্ৰথমটো উৰণ সম্পন্ন হৈছিল।

⭕২০০০ চনৰ এই দিনটোতে সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাৰ মৃত্যু হয়।

⭕এই দিনটোতে উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত ইৰাণী ৰাষ্ট্ৰপতি মঃ আলি ৰাজাই আৰু প্ৰধানমন্ত্ৰী মঃ বানোহৰৰ মৃত্যু হৈছিল।

⭕১৮৭০ চনৰ এই দিনটোতে কবি-সাহিত্যিক মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয়।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send