জংঘলত সপোন দেখা স্বাধীনতা আমাৰ নহয়-প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0
স্বাধীনতাৰ অৰ্থ
তেওঁলোকক কোনোবাই 
ভুলকৈ বুজালে,
স্বাধীনতা বিচৰাৰ কচৰৎ
জংঘলতহে হ'ব পাৰে বুলি
যৌৱনবোৰক উচটনি দিলে ৷
সেই বাট বিচাৰি
তেওঁলোকে দৌৰিলে
ৰঙা গৰম তেজৰ
আহুতি দিলে,
ঘৰ এৰিলে
মৰম এৰিলে
এৰিলে বিবেক৷
তেওঁলোকক জংঘলৰ বাট
দেখুওৱাসকল উভতি আহিল,
তেওঁলোকে ৰাজনীতি জানে
কূটনীতি বুজে
তেওঁলোক জংঘলতো ৰজা আছিল
এতিয়া ৰাইজৰ মাজতো ৰজা৷
স্বাধীনতাৰ ভুল অৰ্থ বুজোৱাসকলে
এতিয়াৰ স্বাধীনতাৰ নতুন
সংজ্ঞা দিয়ে,
জাতিক প্ৰতাৰণা নকৰাৰ
প্ৰতিশ্ৰুতি দিয়ে,
তেজবোৰৰ স্মৃতি পাহৰাৰ
দুৰ্দান্ত অভিনয় কৰে৷
আমি
আমি অভিনয় চাওঁ
সন্মুখত বাহ্‌ বাহ্‌ দিওঁ
পিছত গোপনে সমালোচনা কৰোঁ,
সন্মুখত ক’লে
কৰবাত নতুনকৈ 
তেজৰ নৈ বোৱাৰ ভয়ত
নম্ৰ হৈ থাকো ৷
সেই স্বাধীনতাৰ লোভ 
এৰিব নোৱাৰি
কোনোবাই জংঘল নেৰে,
আৱেগক কবৰ দিয়ে৷
মানুহে তেওঁলোকক লাহে লাহে পাহৰে,
আস্থাহীনতাৰ আঁৰকাপোৰ আঁৰি দিয়ে
উগ্ৰপন্থী বুলি তিৰস্কাৰ কৰে ৷
তেওঁলোকক সেই বাট 
দেখুওৱা মানুহবোৰলৈ,
তেওঁলোকক হাতত ধৰি
আগুৱাই দিয়া নেতাবোৰলৈ
হয়তো মাজে মাজে খং উঠে,
বোকোচাত উঠি বুকুত কামোৰ মৰা
বন্ধুৰূপী শত্ৰুবোৰলৈও হয়তো খং উঠে,
ভুলবোৰৰ বাবে হয়তো অনুশোচনা হয়
হয়তো মূলসুঁতিলৈ উভতিব বিচাৰে ৷
কিন্তু
তেওঁলোকে হয়তো ভয় কৰে
অপবাদলৈ
হয়তো বিশ্বাসত ল’ব নোৱাৰে
আমিবোৰক
হয়তো তেওঁলোকৰ পথ শুদ্ধ আছিল বুলি
আমাক বুজাব পৰাকৈ
আজিৰ তাৰিখত নাই যুক্তি৷
তেওঁলোকে জংঘলৰ স্বাধীনতা
এৰিব নোৱাৰে
তেওঁলোকে আমাৰ স্বাধীনতাক
ভুল বুলি 
বৰ্জন কৰে...

✍️প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)