১৯ আগষ্ট-ইতিহাসৰ পাতত আজিৰ দিনটো

Unknown
0
⚫আজি বিশ্ব মানৱতা বা মানৱ হিতৈষী দিৱস।

⚫১৭৫৭ চনৰ আজিৰ দিনটোতে কলকাতা বা কলিকতাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথম টকাৰ (ৰুপীয়া) মুদ্ৰা খনন (minted) কৰে।

⚫১৯০০ চনৰ আজিৰ দিনটোতে অলিম্পিকৰ একমাত্ৰ ক্ৰিকেট খেলখন আৰম্ভ হৈছিল, দুদিনীয়া খেলখন গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সৰ মাজত ১৯ আগষ্টৰ পৰা ২০ আগষ্টলৈ হৈছিল। ১৫৮ ৰানত বিজয়ী হৈ গ্ৰেট ব্ৰিটেইনে সোণৰ পদক পাইছিল।

⚫১৯৩০ চনৰ আজিৰ দিনটোতে জগন্নাথ বৰুৱা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। সেই সময়ত এই মহাবিদ্যালয়খনৰ নাম আছিল উজনি অসম মহাবিদ্যালয় (Upper Assam College)। এইখনেই উজনি অসমৰ প্ৰথমখন মহাবিদ্যালয়।

⚫১৯৪৯ চনৰ আজিৰ দিনটোতে ভুৱনেশ্বৰ চহৰক উৰিষ্যাৰ (ওড়িশা) ৰাজধানী বনোৱা হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)