জীৱন যাত্রা-সবিতা দাস

©Admin
0
ল'ৰা ছোৱালীকেইটাক লগত লৈ মালতীৰ নৈৰ বুকুৰে কলৰ ভূৰত  যাত্রা । ক'ৰ'ণাকালীন সমস্যাই জুৰুলা কৰা পৰিয়ালটিৰ দুখ-কষ্টৰ ওৰ নপৰোতেই আকৌ বানপানী আহিল। আজি তিনিদিন  ধৰি দিয়া নেৰানেপেৰা বৰষুণজাকৰ ফলত সিহঁতৰ গাঁওখন এতিয়া বানপানীৰ কবলত পৰিছে । মালতীহঁতৰ ঘৰৰ ভেটিত এক কঁকাললৈ পানী । পানীয়ে সিহঁতৰ সপোনবোৰ উটুৱাই নিলে  । লৰালৰিকৈ সাজি উলিওৱা কলৰ ভূৰখনত লাগতিয়াল বস্তুখিনি টোপালা বান্ধি উঠালে যদিও আধা বস্তু এতিয়া পানীৰ তলত । পানীৰে চলচলীয়া হৈ পৰিছে গাঁওখন আৰু মালতীৰ চকুযুৰিৰেও বাধাহীনভাৱে পানীৰ সোঁত বৈ গৈছে।

               নজান এখন নৈপৰীয়া গাঁও। প্রতিবছৰে এই গাঁওখনক বানপানীয়ে জুৰুলা কৰে। মালতীহঁত এই গাঁৱৰে বাসিন্দা। তিনিটা ল'ৰা আৰু এজনী ছোৱালীৰে   সিহঁতৰ ছজনীয়া পৰিয়ালটিয়ে  সুখ -দুখৰ মাজেৰে দিনবোৰ অতিবাহিত কৰিছিল । মাছ বিক্রী কৰি পেট প্রৰ্বতোৱা সিহঁতৰ পৰিয়ালটিৰ ভঁড়াল নাছিল যদিও অভাৱো নাছিল । কিন্তু জোনাকে ওমলা  সিহঁতৰ পৰিয়ালটিলৈও অমানিশাৰ আন্ধাৰ নামি আহিল ‌।

               সিদিনা দুপৰীয়া নৈত জাল মাৰি পোৱা মাছকেইটা বিক্রী কৰিবলৈ মালতীৰ গিৰীয়েক মোহনে 
হাটলৈ গৈছিল । গাঁৱখনৰ পৰা দুই কিলোমিটাৰ দূৰত অৱস্থিত হাটলৈ তেওঁ চাইকেল লৈয়েই গৈছিল । যাওঁতে ডাঙৰ ল'ৰাটোই কৈছিল-----
:"দেউতা, আহোতে মোলৈ  এক দিস্তা বহীৰপাত আনিবা"। মোহনে হ'ব বুলি শলাগিলে  । ছোৱালীজনীয়ে চিঞৰি কৈছিল ----
: "দেউতা ,মোলৈ এটা কলম আনিবা"। লগে লগে সৰু ল'ৰাটোৱেও পেনপেনাই উঠিল ----
:"মোক চকলেট লাগিব"। মোহনে মাকৰ কোলাত থকা ল'ৰাজনক চুমা এটি খাই ক'লে ---
:"টিকলো বেটা ,তোমাক কি লাগিব" ? দুবছৰীয়া ল'ৰাটোৱে থুনক থানাক মাতেৰে ক'লে ---
:"চ-কে-ট"। 

               সি ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি -ভাবি হাট পালে । সিদিনা ক'ৰ'ণাৰ বাবে সন্ধ্যা কাৰফিউ আছে। পাঁচবজাতে সকলো দোকান -পোহাৰ বন্ধ হয়। সি মাছকেইটা বিক্রী কৰি ভালেখিনি টকা পালে, বিক্রীও আজি ভাল হৈছে। ল'ৰা -ছোৱালীকেইটাৰ বস্তুখিনি দোকানৰ পৰা লৈ মিঠাইৰ দোকানৰ পৰা চিঙৰা ল'লে । চিঙৰা ল'ৰা-ছোৱালীকেইটাই খাই খুব ভাল পায়।পাঁচ বজাৰ আগতেই সি হাটৰ  পৰা আনন্দমনেৰে ঘৰলৈ উভতিল। 

 
                 "মানুহে মানুহৰ বাবে
                 যদিহে অকণো নাভাবে 
                 অকণি সহানুভূতিৰে
                  ভাৱিব কোনেনো কোৱা
                 সমনীয়া..."।

                  হাজৰিকাদেৱৰ কালজয়ী গানটো  গাই -গাই সি একান্তমনে চাইকেল চলাই গৈ আছে । সন্মুখৰ পৰা অহা তীব্রবেগী ট্রাকখনে তাক খুন্দা মাৰি গুছি গ'ল । সি তলকিবই নোৱাৰিলে । সি বাগৰি পৰিল ‌। মূৰ ফাটি তেজ ব'ব ধৰিলে । এজন -এজনকৈ মানুহ গোট খালে । 

                ল'ৰা-ছোৱালীকেইটাই দেউতাক হাটৰ পৰা গৈ নোপোৱা বাবে মাক মালতীক সুধি আমনি কৰি আছে। তায়ো 'আহিব ৰ' বুলি একেটা উত্তৰকে দি দি ভাগৰি পৰিছে । সৰু ল'ৰা দুটা শুই গ'ল । ডাঙৰ ল'ৰা জিতু আৰু ছোৱালীজনীৰ( ৰিংকী)সৈতে মালতীয়ে দেউতাকলৈ অপেক্ষা কৰি থাকিল ‌। তাইৰ বৰ বেয়া -বেয়া চিন্তাবোৰ মনলৈ আহিব ধৰিলে‌। 
:"ডাঙৰ বাবা,দেউতাৰে সঁচাকৈয়ে আজি বহু দেৰি কৰিলে ‌। কি বা হ'ল...! তহঁতে  পঢ় গৈ যা । মই পদূলিৰ পৰা এবাৰ চাই আহোঁ "। ল'ৰা -ছোৱালী দুটাক পঢ়িব দি তাই পদূলিলৈ ওলাই গ'ল । নাই দেউতাকৰ কোনো খৱৰ নাই । তাই ঘৰ ভিতৰলৈ সোমাই আহিল। এনেতে পদূলিত গাড়ীৰ হৰ্ণৰ শব্দ শুনি পদূলিলৈ দৌৰি আহিল । গাড়ীৰ পৰা মোহনক দুজন মানুহে দাঙি আনিলে । 

:"এখেতৰ কি হ'ল ?এনেকৈ ধৰি আনিছে যে... নকয় কিয় " ? মাকৰ চিঞৰ শুনি জিতু আৰু ৰিংকী পঢ়া টেবুলৰ পৰা উঠি আহিল । চোতালত শোৱাই থোৱা দেউতাকৰ ওচৰলৈ গৈ দুয়োজনে "দেউতা " বুলি প্রাণকাতৰ চিঞৰ মাৰিলে ।

             দেউতাক গুছি যোৱা দিনৰ পৰাই সিহঁতৰ জীৱন যুদ্ধৰ আৰম্ভণি হ'ল । স্বামীৰ মৃত্যুত মালতী দিশহাৰা হৈ পৰিল।দেউতাক অবিহনে চাৰিটা সন্তান তাই কেনেকৈ ডাঙৰ কৰিব ! আঁত নোপোৱা সমস্যাবোৰে তাইৰ লগ নেৰা হ'ল ‌। মাকৰ কষ্ট লাঘৱ কৰিবলৈ জিতুৱে পঢ়া সামৰিলে ।ক'ৰ'ণাৰ বাবে লকডাউন চলি আছে । দিনৰ ভাগত দোকান-হাট সকলো বন্ধ। পুৱাতেই হাটলৈ গৈ  বেপাৰীৰ পৰা জিতুৱে মাছ কিনি আনে। মাকেও নৈত পুৱতিতেই জাল মাৰে । গোটেখিনি মাছ লৈ সি  গাঁৱে -গাঁৱে বিক্রী কৰি দুই -এপইচা অৰ্জন কৰি ঘৰখন চলাবলৈ মাকৰ হাতত দিয়া হ'ল । মাকেও ইঘৰ -সিঘৰত কাম কৰি ঘৰখন সুচাৰুৰূপে চলাই গ'ল।
             দুখীয়াৰ দুখ কেতিয়াও নুগুচে । ঘৰখন কোনোমতে থানথিত লাগিছিলহে ,বানপানীয়ে সকলো তছনছ কৰিলে । নৈৰ বুকুৰে সিহঁতৰ যাত্রা।  সিহঁতে নাজানে সিপাৰলৈ কিমান দূৰ। মাথোঁ ডাঙৰ ল'ৰা জিতু আৰু মাকে কলৰ ভুৰখনত উঠি  বঠা মাৰি গৈছে ।  লাহে লাহে জিতু ভাগৰি পৰিছে ।কিন্তু ভায়েক -ভনীয়েকহঁতৰ মুখলৈ চাই পূৰ্ণোদ্দ্যমেৰে বঠা মাৰি গৈছে । সৰু ল'ৰা দুটাই পানী দেখি ভয় খাই চিঞৰত গগণ ফালিছে । ছোৱালীজনীয়ে সিহঁতক নিচুকাইও শান্ত কৰিব পৰা নাই । মাকে চকুলো মচি -মচি কৈ গৈছে ----
:"বাচাহঁত ,এয়াই আমাৰ জীৱন যাত্রা। ভয় নকৰিবি ।মই আছোঁ নহয়" ।

   ✍️সবিতা দাস

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)