মন্ত্ৰ-পূৰৱী তালুকদাৰ

প্ৰতিটো পুৱাতেই
মোৰ দুচকুৱে ঘূৰ্মুটিয়াই ফুৰিছিল
আন এযোৰ চকুৰ সন্ধানত ,
য'ত প্ৰতিবিম্বিত হৈছিল
মোৰেই প্ৰতিচ্ছৱি ।
যাৰ কোমল চাৱনিত
মোৰ সিৰাই সিৰাই বৈ গৈছিল
এক মিঠা শিহৰণ,
কপি উঠিছিল অন্তৰাত্মা ।
মোৰ কৰ্ণ -কূহৰত 
শিশুৰ আধা ফুটা মাতৰ দৰে
অহৰ্নিশে বাজি থাকে
চাৰিটা শব্দৰ অন্তৰ্নিহিত মন্ত্ৰ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send