মা -ধৃতাশ্ৰী বৰ্মন

Aditi Tanti
0
"মা" মাথোঁ এটি শব্দ নহয় ;
এক অনুভৱ , 
ভগৱানে দিয়া 
আটাইতকৈ ডাঙৰ উপহাৰ 
মা...
মোৰ সাহস , 
মোৰ জীৱন ,
মোৰ প্ৰেৰণা
মাথোঁ তুমি...। 
পৃথিৱীৰ সমস্ত সুখ মাথোঁ
তোমাৰ মৰমবোৰত বিচাৰি পাওঁ । 
এই জনম নহয়
শত জনম তোমাৰ ছোৱালী হৈ থাকিব বিচাৰোঁ !!
বিশেষ একো নালাগে 
মাথোঁ তুমি হাঁহি থাকিবা...
তোমাৰ হাঁহিৰেই মই জীৱন গঢ়িম । 
মন যায় , মোৰ সুখবোৰ 
আঁজুৰি নি
তোমাৰ দুহাতত গুজি দিবলৈ...
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)