" লাজ লাজ লাজ ভন্টি
নকৰিবা আমালৈ লাজ
লাজ লাজ ভন্টি
তোমাৰ আমাৰ একেটি জাত
জাত জাত ভন্টি
কিনো তোমাৰ অমাতৰ মাত । "
- দ্বীপেন বৰুৱা
নমিতা ভট্টাচাৰ্য।
( কথাছবি - তৰামাই )
লাজ - বিশেষ্য পদ । সংস্কৃত ভাষাত লজ্জা । লজ্জাৰ কোমল ৰূপ হৈছে লাজ । সংস্কৃতত লাজৰ অৰ্থ হৈছে আখৈ। আভিধানিক অৰ্থত লাজ - ভোগ -আখৈৰে কৰা বিষ্ণুৰ নৈৱেদ্য বা প্ৰসাদ । লাজ - হোম হৈছে বিবাহ উপলক্ষে দৰা - কইনাই আখৈৰে কৰা হোম ( যজ্ঞৰ অগ্নিত উছৰ্গা কৰা দ্ৰব্য । উছৰ্গা , অৰ্পণ ) । লাজাঞ্জলি - আখৈৰ অঞ্জলি । অসমীয়া ভাষাত লাজ হৈছে মানুহৰ মনৰ এক বিশেষ অনুভূতি । বিভিন্ন সময়ত মানুহৰ এই অনুভূতি জাগ্ৰত হয় । লজ্জাৰ বিশেষণ হৈছে লজ্জাকৰ , লজ্জান্বিত , লজ্জাশীল , লজ্জাজনক আদি। কেতিয়াবা এই লজ্জা লোকলজ্জা , সামাজিক লজ্জা , চক্ষুলজ্জা, ব্যক্তিগত লজ্জা , নৈতিক লজ্জা আদিত পৰিণত হয় । মানুহৰ বিভিন্ন কাৰণত বিভিন্ন সময়ত লাজ লাগিব পাৰে । লাজক হিন্দী আৰু বাংলা ভাষাত লাজৱতী আৰু লাজৱন্তী বুলি কয়। লাজ কৰা লোকক লাজুক / লাজুকী , লাজকুৰীয়া বুলি কোৱা হয় । লাজ - কথা বুলিলে আকৌ শুনিবলৈ বেয়া , লাজ লগা কথা বা অবাইচ মাতৰ কথাকে বুজায় ।
লাজ লাগিলে বা মনৰ এই বিশেষ অনুভূতি জাগ্ৰত হ'লে সেয়া শাৰীৰিকভাৱে স্পষ্ট ধৰা পৰে । যেনে - কাণ - মূৰ গৰম হৈ যায় , গাল - মুখ ৰঙা পৰে , নাকে - মুখে ঘাম ওলায় , মূৰ তুলি চাবলৈ সংকোচ হয় , উচপিচনি লাগে , কি কৰোঁ কি নকৰোঁ অৱস্থা হয় ইত্যাদি । আগতে এই লাজৰ ভৰত ল'ৰাই বিয়াৰ বাবে ছোৱালী চাবলৈ গ'লে লাজতে কোনো কোনো ছোৱালীৰ নখেৰে মাটি খুঁচৰিব / লেখিব লগা অৱস্থা হয় । কোনোবাই আকৌ চাদৰৰ আঁচল পিটিকি থাকে। এতিয়া সময়ৰ পৰিৱৰ্তন হ'ল। আজিকালি সেয়া কম হৈছে যেন মোৰ ধাৰণা হৈছে ।
" লাজ কিয় লাগে ?
চকু কিয় কঁপে ?
চাওঁ কি নাচাওঁ বুলি
চাবকে নোৱাৰে
লাজ কিয় লাগে ? "
-- দ্বীপেন বৰুৱা ।
সাধাৰণতে কম বয়সীয়া ল'ৰা - ছোৱালীৰ লাজ লাগে বুলি ক'লেও আন মানুহৰো লাজ লাগে । কেতিয়াবা বয়সস্থ মানুহৰো কাৰোবালৈ কিবা কাৰণত লাজ লাগিব পাৰে । ন কইনা চাবলৈ আহিলে লাজ লাগে । দৰাই কইনা আনিবলৈ বৰযাত্ৰী লগত লৈ কইনা ঘৰলৈ যাওঁতে লাজতে মুখত ৰুমালেৰে সোপা লৈ যায় । এতিয়া যেনিবা লক ডাউনৰ সময়ত হোৱা বিয়াত কেৱল দৰাই নহয় কইনায়ো মুখত মাস্ক পিন্ধি বিয়াত বহিব লগা হৈছে । অৱশ্যে ইয়াৰ ব্যতিক্ৰমো নোহোৱা নহয় ।
" লাজৰে ওৰণি সৰি পৰে আজি
দৰা আহিব বুলি বুকু উঠে কঁপি
মনৰে পদূলি উদুলি মুদুলি
মন প্ৰজাপতি যায় উৰি গুচি
আয়তীৰে উৰুলি শুনি । "
-- বিয়া গীত
লজ্জা নাৰীৰ ভূষণ বুলি কোৱা হয় । আজিকালি আগৰ দিনৰ দৰে দীঘল ওৰণি লৈ কোনো বোৱাৰীয়ে কাম কৰিবলৈ বাহিৰলৈ ওলাই যোৱাটো সম্ভৱ নহয় । স্থান কাল পাত্ৰভেদে তেওঁলোকে নিজৰ সন্মান ৰাখি চলাটো নিতান্ত দৰকাৰ । সমাজত লোকলজ্জালৈ ভয় কৰি বেয়া কাম কৰাৰ পৰা বহুতে আঁতৰি থাকিবলৈ বাধ্য হয় । সামাজিক লজ্জা , নৈতিক লজ্জা আদিৰ ভয়ত অসামাজিক কামৰ পৰা মানুহে আঁতৰি থাকিলে সমাজৰ বাবেই মংগল । তেতিয়া সমাজত দুৰ্নীতি , ব্যভিচাৰ , অনৈতিক কাৰ্য আদিত লিপ্ত হ'বলৈ মানুহে অন্ততঃ সাহস কৰিব নোৱাৰে।
" লাজ কিয়নো লাগিছে কাষ চাপিবলৈ
ভাল নালাগে থাকিলে দূৰে দূৰে ৰৈ ।
মোৰ কাষতে বহা গাতে গা লগাকৈ
চাই থাকিব দিয়া চকুতে চকু থৈ ।"
গায়ক -- নেকিব ।
পুৰণি কালত মানুহে নিজৰ লজ্জা নিবাৰণ কৰিবৰ কাৰণ জন্তুৰ ছাল , গছৰ বাকলি আদি পৰিধান কৰিছিল । আজিকালি বিভিন্ন ধৰণৰ সাজ - পোছাক ওলাইছে । সেইবোৰ সময় উপযোগীকৈ ব্যৱহাৰ কৰিলে কাৰো আপত্তি বা ক'ব লগা একো নাই । লাজুকী - লতা বা নিলাজী বন । মানুহে হাতেৰে চুই দিলেই জঁই পৰি যায় । বহুত ঔষধি গুণ থকা বাবে ইয়াক মানুহে বহু গুণী লতা বুলি কয় ।
" অ’ কুলি অ’ কুলি কুউ কুউ কুউ বুলি
আকৌ এবাৰ মাত কুলি আকৌ এবাৰ মাত,
নাকত যদি ধৰে লাজে নাচাওঁ মই পাতৰ মাজে
ঢাকি তই ক’লা গাটি লৈ কুঁহিপাত কুলি লৈ কুঁহিপাত । "
কবিতা - মিত্রদেৱ মহন্ত ।
অসমীয়া ভাষাত লাজক লৈ নানা প্ৰবচন , ফকৰা - যোজনা , খণ্ড বাক্য আদি আছে । লাজ বন্ধ যোৱা , লাজ পুৰি খোৱা , লাজৰ লাখুটি ( আশ্ৰয় , অৱলম্বন )।
" সমানে সমানে কৰিবা কাজ
হাৰিলে জিকিলে নাই লাজ । "
" নিলাজৰ নাই লাজ নাই অপমান ,
সজ্জনৰ এক কথা মৰণ সমান । "
"নিলাজৰ লাজ নাই
কেঁকোৰাৰ মুৰ নাই । "
লাজ পোৱাৰ কথা নাভাবি বা লাজলৈ ভয় নকৰি কোনো বেয়া বা অনৈতিক কাম কৰিলে মানুহক 'লাজৰ মুৰ খোৱা ' , ' নিলাজ ' বা 'নিলাজী ' বুলি কোৱা হয় ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ