তোমাৰ বাবে দেখিলোঁ আমি এই ধুনীয়া ধৰণী,
বিপদৰ সময়ত তুমিয়েই একমাত্ৰ আমাৰ আশাৰ ৰেঙনি।।
কি যে ল'ৰালিৰ সেই ধেমালি আৰু দুষ্টালি,
তোমাৰ ত্যাগ কঠোৰ পৰিশ্ৰম আৰু অক্ষয় জ্ঞানেৰে আমাক কৰিলা সবল শক্তিশালী।
মাতৃত্বৰ মমতা যে কিমান আকুল, নোকোৱাকৈ বুজি উঠা তুমি মনৰ ব্যাকুলতা।।
পঢ়াৰ সময়ত কৰিছিলোঁ ক'ত যে ভণ্ডামি, এতিয়াহে বুজিছোঁ নিজে নিজৰ লগত কৰা মূৰ্খামি।
মায়াময় পৃথিৱীত মায়াৰ সৈতে যুজি পৰিছোঁ ভাগৰি, মন গ'লেও মাতৃ.....তোমাৰ কোলাত ল'বলৈ জিৰণি নাই যে আহৰি।।
কি যে অপূৰ্ব অময়া আছিল শৈশৱৰ দিনবোৰ, সপোনত ভোল গৈ হৈছিলোঁ কল্পনাত বিভোৰ।
তোমাৰ আঁচলত ধৰি থুনুক-থানাক কৰি দিছিলোঁ প্ৰথম ভৰি, জীৱনৰ বাট বুলি কৰ্তব্যক নাপাহৰি কৰি গৈছোঁ তোমোকে সুঁৱৰি।।
✍️ৰাহুল হাজৰিকা।
দেৰগাওঁ, গোলাঘাট।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ