লকডাউনে হাত ভৰি বান্ধি ৰাখিছে
মনৰ সপোনবোৰো থমকি ৰৈ
অকালতে বিলুপ্তি ঘটিছে।
বুকু ফালি কেঁচা তেজেৰে
তোমালৈ কবিতা লিখিলোঁ
মুক্ত জীৱন আজি ছটফটাই
গঁৰালত আৱদ্ধ হৈ।
অচিন বাটত ৰৈ গ’ল
জীৱনৰ অলেক সপোন।
চন্দ্ৰ-সূৰ্য্য আছে যিমান দিনলৈ
অপেক্ষা কৰিম সিমান দিনলৈ।
এদিন সপোনবোৰেও
সজাগ হৈ উঠিব
মুক্ত হব গঁৰালৰ দুৱাৰ
মুকলি আকাশ।
মুক্ত আকাশত লগ পাই তোমাক
সুন্দৰ সাৱলীল পৰিৱেশত সাৱটি
চুমা এটি আঁকি দিম তোমাৰ গালত
মোৰ হৃদয়ৰ তেজৰঙী ভালপোৱাৰ।
✍️ আব্দুল হাই,অধিবক্তা,দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ