ঢিমিকি- ঢিমিকি জ্বলা সেই
জীৱন চাকি,
যিদিনা নুমাব
সেইদিনাই হ'ব প্ৰাণৰ হানি।
সেই চাকি নুমালে
পুনৰবাৰ নজ্বলে,
জীৱন যদি গুচি যায়
নাহিব দুনাই।
বগা কাপোৰেৰে
শৰীৰ ঢাকিব,
আপোন জনে বেজাৰত
চকুলো টুকিব।
প্ৰাণভৰি কান্দিলেও জানোঁ
ওভতাই পাব?
যিদিনা আয়ুস ৰেখা
স্তব্ধ হ'ব,
দেহৰ প্ৰাণ বায়ু
উৰি গুচি যাব।
বাৰে বাৰে পৰিব মনত
সুমধুৰ পৃথিৱীলৈ,
গুচি যাব লাগিব
বিদায় বুলি কৈ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ