তোমাৰ সপোনবোৰ
কিমান পূৰ্ণ হৈছে?
তুমি কিমান সফল হৈছা!
মনে বিচাৰিলেও পোৱা নাযায়
আকৌ কেতিয়াবা
নিবিচাৰিলেও পোৱা যায়!
তুমি সলনি নহওঁ বুলি ক'লেও
পৰিস্থিতিয়ে বাধ্য কৰায়
তোমাক সলনি হ'বলৈ।
ভুলবোৰ কেতিয়াবা অজানিতে হৈ যায়
সেই ভুলবোৰৰ প্ৰশ্ন
এতিয়া জীৱনে কৰিছে.....
আজি মৌন হৈছো
নিৰুত্তৰ হৈছো মই।