কাৰ বাবে লিখিছো এই কবিতা-বিকাশ শৰ্মা

©Admin
0
হ'ব পাৰে মোৰ প্ৰেম
নিঃশব্দতাৰ ভায়োলিনত ।
এখিলা সৰাপাতত গিৰিসকৈ 
নামি আহিল
বসন্তৰ সুৱাস ,
কিম্বা সপোনৰ খিৰিকীত
এহালিচা সুখৰ বৰদৈচিলা ।
ৰাতিবোৰে দৈনিক প্ৰেমৰ উৎসৱ পাতে ,
আমোল-মোলাই মোৰ ৰিক্ত কলিজাত ।


পালতৰা নাওত 
বতাহৰ কোব ।
বাংময় সন্ধিয়াটোত
ওলমি ৰয় 
দুই এষাৰ প্ৰেমৰ কথা ।
ৰ'দে সপোন ৰচে...
মোৰ কপালত ।
একেজাক বৰষুণেই
নোহোৱা কৰিলে
ধূলিৰ খচ্ খচনি ।
এই বাটেদিয়ে
প্ৰায় কবিতাৰ শব্দবোৰে 
অহা - যোৱা কৰে
আৰু ইজনে - সিজনৰ লগত
কথা পাতে মৰুভূমিৰ মৰীচিকাত ।


✍️ বিকাশ শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)