মৃত্যু - আব্দুল হাই

হে কাল মৃত্যু আহা আহা.......!!!
হাত বাউলি মাতিছো তোমাক
এক ছেকেণ্ডটো থাকিব
আৰু মন নাই।
 
হে মৃত্যু জীয়াই জীয়াই
বাৰে বাৰে মৰিবৰ মন নাই
একেবাৰে লৈ যোৱা ভাই
জীৱনৰ কাল অমানিশা হৈ।
 
হে কাল মৃত্যু........!!!
বজোৱানা তোমাৰ কিৰিলি
লিৰিকি-বিদাৰি
মৃত্যুৰ ডংকা।
 
হে কাল মৃত্যু তুমি আহা.......!!!
বিষাক্ত হৃদয়, অশ্ৰুসিক্ত দুচকুৰ
যন্ত্ৰণা আৰু সহ্য কৰিব পৰা নাই
এটি মুহূৰ্তও আৰু থাকিবৰ মন নাই
 
হে মৃত্যু........!!!
জীৱনত ভাগৰি পৰোঁ
কেতিয়াবা নিজৰ লগত,
কেতিয়াবা ভাগ্যৰ লগত,
কেতিয়াবা সময়ৰ লগত,
কেতিয়াবা সম্পৰ্কবোৰৰ লগত।
 
হে কাল মৃত্যু........!!!
শতবাৰ শত কাৰণত বাগৰি পৰাতকৈ
তোমাৰ দুৱাৰ দলিত বাগৰি পৰি
সান্ত্বনা লভিম তোমাৰ বুকুত।
 
হে কাল মৃত্যু তুমি আহা.......!!!
হাত বাউলি মাতিছো তোমাক
উজাগৰী নিশাৰ সংগী হৈ
আহা মৃত্যুৰ পিয়লাটি লৈ।
 
হে কাল মৃত্যু........!!!
মৰিলে কাণত যদি
একোকে নেবাজে
সুখ তেন্তে আছে মৰণতো।
 
হে কাল মৃত্যু........!!!
কাবৌকৈ মাতিছো তোমাক
জীৱনৰ মায়া মমতা ত্যাগ কৰি
আহা তুমি লৰা-লৰি কৰি।
 
হে কাল মৃত্যু তুমি আহা.......!!!
বিচাৰিছো অচিন দেশৰ যাত্ৰী হৈ।
তোমাৰ বুকুতেই মোৰ শেষ ঠিকনা


Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send