নিচাসক্ত মই-পুলকেশ বৰুৱা

©Admin
0
মমতা নাই মোৰ জীৱনৰ
ভৰষা নাই মোৰ যৌৱনৰ,
হৃদয়ৰ আকুলতাখিনি যেন‌ 
ক'ৰবাত হেৰাই গৈছে মোৰ!
মোৰো মন‌ যায়....
তহঁতৰ দৰে হাতত কিতাপ লৈ
ভদ্ৰতাৰ বগা মুখা খন‌ পিন্ধি,
কলেজ যাবলৈ, কিন্তু নাযাওঁ..
কাৰণ , নিচাসক্ত মই।

দেহৰ প্ৰতিটোপাল ৰক্ত কণিকাত,
বৈ থাকে মোৰ কিছুমান কৰুণ সত্য,
কিন্তু সত্য খিনিক বাধা দিবলৈ
চিগাৰেটৰ ধোঁৱা খিনিয়েই মোৰ যথেষ্ঠ।
মোৰ তেজত এতিয়া,হিম'গ্লবিন নাপাৱ!
বিচাৰি পাবি এলক'হলৰ ঢৌ,
এইবোৰ নাখাবি বুলি আপোনজনে ক'লেও,
পোনপটীয়াকৈ ইংৰাজী মাৰো,নৌ নৌ..
কাৰণ, নিচাসক্ত মই।

জীৱন আমাৰ ক্ষন্তেকীয়া,
দৈনন্দিন আমাৰ সস্তীয়া..
মদাহীৰ উপাধি লৈ,
নাচি থাকোঁ সত্ৰীয়া।

কাৰোবাৰ জীৱনক লৈ 
হেতালি নেখেলোঁ মই,
ভয় হয়, কাৰণ..
দহ টকীয়া বটলটোতে মোৰ  জীৱন...।
ৰাজনীতি নকৰোঁ মই,
দিছপুৰলৈ গৈ,
সভাত নবহো মই..
ভদ্ৰতাৰ মুখাখন লৈ..
কাৰণ, নিচাসক্ত মই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)