ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত অভিভাৱক আৰু শিক্ষাগুৰুৰ ভূমিকা-মায়াশ্ৰী ঠাকুৰ

©Admin
0
বিজ্ঞান -প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়নে আমাক এখন ক্ষুদ্ৰ পৃথিৱী প্ৰদান কৰিছে। শিক্ষা ব্যৱস্থাও ক্ষুদ্ৰ গোলকীকৰণত পৰিণত হৈছে। পূৰ্বতে কেৱল গুৰুৰ ওপৰতেই নিৰ্ভৰশীল আছিল। এতিয়াৰ দৰে অত্যাধুনিক সা-সুবিধা আগৰ দিনত নাছিল। তথাপিও, অন্যান্য ডিজিটেল মাধ্যমতকৈ শিক্ষাগুৰুৰ  অৱদানে এটা শিশুক এজন সুনাগৰিক হিচাপে গঢ়ি লোৱাত যথেষ্ট সহায় কৰে। কাৰণ- কেৱল কিতাপৰ শিক্ষাই প্ৰকৃত শিক্ষা নহয়। এই ক্ষেত্ৰত অভিভাৱকৰ ভূমিকাও উল্লেখযোগ্য।

      এটা শিশুৰ শিক্ষাৰ প্ৰকৃত ঠাই নিজৰ ঘৰখন। এখন ঘৰৰ পৰিৱেশ - পৰিস্থিতিয়ে শিশুৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। ঘৰ এখনৰ পৰিৱেশে শিশু এটা কিদৰে গঢ় ল'ব নিৰ্ধাৰণ কৰে। 
      অভিভাৱক, ছাত্ৰ আৰু শিক্ষাগুৰুৰ সম্পৰ্ক এটা ত্ৰিভুজৰ নিচিনা হ'ব লাগে। এজন শিক্ষাগুৰুৰ ওপৰত দৃষ্টি নিবদ্ধ থাকে অভিভাৱক সকলৰ। শিক্ষক জনৰ তত্ত্বাৱধানত সন্তানে শিক্ষা আহৰণত সফল হৈছে নাই তাৰ ওপৰত দৃষ্টি ৰাখে। তাৰ উপৰিও, সততা, ন্যায়, শিষ্টাচাৰ , ব্যৱহাৰ ইত্যাদি বিষয়তো শিক্ষা লাভ কৰিবলৈ‌ সক্ষম হৈছেনে নাই, দৃষ্টি ৰাখিব লাগে। বিদ্যালয়ৰ পৰা অহাৰ পাছত নিজ সন্তানক প্ৰতি দিনেই সোধা উচিত বিদ্যালয়ত আজি (সেই দিনটো) কেনে গ'ল। কোনটো বিষয়বস্তুৰ ওপৰত পাঠদান কৰালে, বহীত কিবা লিখিলে নে ইত্যাদি কথাবোৰ গভীৰ ভাৱে নিজ সন্তানৰ লগত পৰ্যালোচনা কৰা উচিত। আনহাতে, শিক্ষক সকলেও ছাত্ৰ- ছাত্ৰীৰ অভিভাৱক সকলৰ ওপৰত চকু ৰাখিব লাগে। সন্তানৰ শিক্ষা আহৰণত অভিভাৱক সকলে কেনেধৰণৰ নীতি, কৌশল অৱলম্বন কৰিছে, ঘৰখনৰ পৰিৱেশ কেনেকুৱা, গৃহ কৰ্ম সঠিক ভাৱে ৰূপায়ণত অভিভাৱক সকলে সন্তানৰ ওপৰত দৃষ্টি ৰাখিছে নে? আকৌ, সন্তানৰ শিকন প্ৰক্ৰিয়াবোৰ অভিভাৱক সকলে গভীৰ ভাৱে বিশ্লেষণ কৰক যাতে সন্তানৰ শিক্ষা আহৰণত আপুনিও অৰিহণা যোগাব পাৰে। নিজ সন্তানক আনৰ লগত তুলনা ‌কৰা বন্ধ কৰক এই কথাটো অভিভাৱক সকলে গুৰুত্বসহকাৰে লোৱা উচিত। অভিভাৱক সকলে  নিজ সন্তানৰ ভাল- বেয়া, আশা- আকাংক্ষা,দুৰ্বলতা, সাহসীকতা ইত্যাদি কথাবোৰ শিক্ষকৰ লগত আলোচনা কৰিব লাগে। যাতে ভৱিষ্যতে সন্তানৰ উন্নতিৰ বাবে আগশাৰী পদক্ষেপ গ্ৰহণ কৰিব পাৰে।শিক্ষাগুৰু সকলে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এনেদৰে সম্পৰ্ক স্হাপন কৰিব যাতে বিনাদ্বিধাই সকলো কথা শিক্ষকজনক ছাত্ৰ জনে ক'ব পাৰে। প্ৰত্যেকৰে জীৱনত একোটা লক্ষ্য থকা উচিত, এই কথা শিক্ষক এজনে ছাত্ৰ-ছাত্ৰীৰ মনত সোমাই দিব লাগিব। লক্ষ্য স্হানত উপনীত কৰাব নোৱাৰিলেও ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰিব লাগে, সমৰ্থন কৰিব লাগে, তেতিয়া নিজ দক্ষতা, যোগ্যতা ভিত্তিত এজন ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰাত সফল হ'ব। বিদ্যালয়ৰ পুথিভঁৰাল ব্যৱহাৰত শিক্ষক সকলে ছাত্ৰ- ছাত্ৰী সকলক উৎসাহিত কৰিব লাগে।এইদৰে, শিক্ষাগুৰু, অভিভাৱক আৰু ছাত্ৰ- ছাত্ৰীৰ মাজত সমন্বয় বৰ্তাই ৰাখিব পাৰিলেহে  ছাত্ৰ- ছাত্ৰীৰ বৌদ্ধিক উৎকৰ্ষ সাধনত সহায় হ'ব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)