অসমীয়া সংস্কৃতিত নাঙল এবিধ আপুৰুগীয়া সম্পদ । নাঙল শব্দটি অসমীয়ালৈ অষ্ট্ৰিকসকলৰ পৰা আহিছে ।অসম এখন কৃষিভিত্তিক ৰাজ্য। কৃষিৰ দেৱতা বুলি বলোৰামক কোৱা হয় আৰু তেওঁৰ প্রধান অস্ত্র হ'ল নাঙল।
কৃষি কাৰ্যত ব্যৱহৃত সঁজুলিবোৰ মানুহে প্রয়োজন অনুসৰি তৈয়াৰ কৰি লয়। নাঙল কৃষিকাৰ্যৰ অপৰিহাৰ্য সঁজুলি।মাটি চহ কৰিবলৈ নাঙল লাগিবই। নাঙল অবিহনে কৃষিকাৰ্য সম্ভৱ নহয়।
নাঙল সাধাৰণতে কাঠৰ পৰা তৈয়াৰী। শিমলু, শিলিখা, জামু, সোণাৰু, কঁঠাল আদি গছৰ কাঠ নাঙলৰ বাবে উপযোগী।নাঙলখন ইংৰাজী "এল" আখৰটোৰ সদৃশ।নাঙলৰ হাতেৰে ধৰা অংশটোক মুঠি বুলি কোৱা হয় আৰু মাটি চহাবলৈ ব্যৱহাৰ কৰা অংশত এটুকুৰা লোৰ সংযোগ কৰা হয় । এই অংশটোক ফাল বুলি কোৱা হয়।
অতীজৰে পৰা অসমীয়া সংস্কৃতিত নাঙলে বিশেষ স্থান দখল কৰি আহিছে ।বৰ্তমান প্রযুক্তিবিদ্যাৰ ফলত যদিও নাঙলৰ ব্যৱহাৰ কমিছে তথাপিও অসমীয়া সংস্কৃতিৰ ইতিহাসত ইয়াৰ ভুমিকা নুই কৰিব নোৱাৰি ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ