তুমিয়েই হ'বা মোৰ শেষ ভালপোৱা-বিমল কুমাৰ দাস

বৰ হেঁপাহেৰে সজা সেই ঘৰটি ,
তোমাৰ কপালৰ ৰঙা জোনটিৰ দৰে জিলিকিছিল ।
জোনাকৰ সন্ধিয়া চোতালত বহি
সপোন দেখিবলৈ মোক তুমিয়েই শিকালাহি।
সযতনে সজাইছিলো প্ৰতিটো কোঠা ।
দুচকুত আঁকিলৈ হাজাৰ ৰঙীন ছবি । 
আমাৰ সাত বছৰৰ প্ৰেমৰ ঠিকনা সলাই যিদিনা গ'লাগৈ আঁতৰি , 
সেইদিনাই বুজিছিলো জানা , ধন-সোণৰ অবিহনে
মৰম ভালপোৱাবোৰ এদিন হৈ পৰে মূল্যহীন।
তুমি-মইৰ পৰা আমি হ'ব নোৱাৰিলোঁ
নোৱাৰিলোঁ নহয় , পাৰিলোহেঁতেন কিজানি !
যদি হাতত অলপ সময় অথবা থকা হ'লে মোৰো এটা চৰকাৰী চাকৰি ।
তুমিহীনতাত আজি মই অকলশৰীয়া।
তথাপি কথা দিলোঁ তোমাক ,
তুমিয়েই হ'বা মোৰ যৌৱনৰ শেষ ভালপোৱা ।

✍🏻বিমল কুমাৰ দাস  
     কুৰুৱাবাহী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send