ক'ভিডৰ দৌৰাত্ম্যৰ মাজতেই অসমৰ সাংস্কৃতিক জগতৰ এটাৰ পাছত আন এটা ভোটাতৰা চিৰদিনলৈ হেৰাই যাবলৈ ধৰিছে।শেহতীয়াকৈ ভ্ৰাম্যমাণ নাট্য জগতৰ হাস্যৰসৰ মধ্যমণিস্বৰূপ হৰেণ মালাকাৰ চিৰদিনৰ বাবে আমাৰ মাজৰপৰা নোহোৱা হৈ গ'ল।ভ্ৰাম্যমাণ নাট্য জগতলৈ মালাকাৰৰ যি অৱদান,সেয়া অতুলনীয়।'পূৰ্বজ্যোতি থিয়েটাৰ'ত আৰম্ভ হোৱা এই যাত্ৰা ৪০ বছৰৰো অধিক কাল ধৰি চলিছিল।নাটকৰ উপৰিও চি ডি,ধাৰাবাহিক আদিতো অভিনয় কৰিছিল।ভ্ৰাম্যমাণ থিয়েটাৰৰ হাস্যৰস আৰু হৰেণ মালাকাৰ যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠিহে আছিল।যিজন লোকে ভ্ৰাম্যমাণৰ নাট্যৰসৰ প্ৰেমত পৰিছে,তেওঁ মালাকাৰৰ হাস্যৰসৰ প্ৰেমত পৰিবলৈও একপ্ৰকাৰ বাধ্য হৈ পৰিছিল।তেখেতে বিভিন্ন বঁটাও লাভ কৰিছিল। তেখেত আমাৰ মাজত কায়িকভাৱে নাথাকিলেও তেখেতৰ কৰ্মৰাজিয়েই তেওঁক অসমীয়াৰ মাজত জীয়াই ৰাখিব।ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে হৰেণ মালাকাৰকো অসমীয়াই আজীৱন মনত ৰাখিব।
অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ