অৰুন্ধতী বৰুৱাই কেনেকৈ নলিনীক বুজাব আৰু কোন সতেৰেনো ছোৱালীজনীক স্কুলৰ পৰা আঁতৰাই আনি আনৰ ঘৰৰ বন কৰা ছোৱালী সজাব সেইবোৰ চিন্তাত আকাশ পাতাল ভ্ৰমি ফুৰোঁতেই হঠাৎ এটা বৰ সুন্দৰ উপায় ওলাল ৷ সেইদিনা দেওবাৰ আছিল ৷ সময় তেতিয়া দিনৰ প্ৰায় তিনি বাজিবৰ হয় আৰু ...৷ অৰুন্ধতীয়ে ঘৰৰ সকলো কামবনৰ পৰা আজৰি হৈ নলিনীক কথাটো ক’বৰ বাবে মৰমেৰে কাষলৈ মাতি আনি বহিছে ৷ হৃদয়ত উদ্বাউল দিয়া বেদনাখিনি ঢাকিৱৰ বাবেই নলিনীক দুহাতেৰে সাৱটি কোলাত বহুৱাই ল’লে ৷ চুলিখিনিত আলফুলে হাত বুলাই বুলাই কিবা এটা কওঁ বুলি মুখখন মেলিব লওঁতেই “ বৰুৱা আছেনে ...” বুলি লখিমী এম্ভি স্কুলৰ হেডমাষ্টৰজন আহি ওলালহি ৷ অৰুন্ধতীয়ে লৰালৰিকৈ বহাৰপৰা উঠি “ অ কাকতি ছাৰ , আহক আহক , এইখিনিতে বহক ! এখেত নাই নহয় ৷ অফিচৰ কিবা কামত কেইদিনমানৰ বাবে দিল্লীলৈ গৈছে ৷ কি মন কৰি আহিলে নো ? এখেতৰ ওচৰত কিবা কাম আছিল ছাগে ! ” অৰুন্ধতীয়ে উশাহ নসলোৱাকৈয়ে কথাখিনি ক’লে ৷ আচলতে তেওঁ কাকতি চাৰক দেখি বৰ ভাল পালে কিয়নো ভাৱি থকা মনৰ কথাখিনি চাৰৰ আগত কৈ নলিনীহঁতৰ সু-দিহা এটা কৰিব পাৰিব বুলি মনটো দৃঢ় হ’ল অৰুন্ধতীৰ ...
নাই নাই ক’ব গ’লে বৰুৱাৰ লগত মোৰ একো কাম নাই ৷ মই নলিনীক লগ কৰিবলৈহে আহিছোঁ ৷ তাই আমাৰ স্কুলৰ মেধাৱী ছাত্ৰী ৷ তাই এইবাৰ চতুৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষাত লক্ষীমপুৰ জিলাৰ ভিতৰতে প্ৰথম হৈ আমাৰ বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে ৷ চৰকাৰে তাইক পুৰস্কাৰ স্বৰূপে মানপত্ৰ , মেডেল আৰু তিনিবছৰৰ বাবে বছৰি পাঁচহাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে ৷ মাক - দেউতাকৰ অনুপস্থিতিত সিহঁতক লালন-পালন কৰি আপোনালোকে যি মহানতাৰ পৰিচয় দিছে তাৰবাবে নথৈ আনন্দিত হোৱাৰ লগতে গৌৰৱ বোধ কৰিছোঁ যে --- “ আজিও আমাৰ সমাজত ভাল মানুহৰ অভাৱ হোৱা নাই .... , নলিনীয়ে পূৰ্বৰ জনমত নিশ্চয় কিবা ভাল কাম কৰি আহিছিল সেয়েহে আপোনালোকৰ দৰে উচ্চ শিক্ষিত হৃদয়বান পৰিয়াল এটাৰ সহায় সাৰথিৰে মৰমৰ সৌভাগ্য লাভ কৰিছে ...” ৷ নলিনী যিহেতু এইকেইদিন স্কুললৈ যোৱা নাই ৷ সেয়ে নলিনীহঁত আপোনালোকৰ ইয়াতে থকা বুলি জানি মই খৱৰটো দিবলৈ ইয়ালৈকে আহিলোঁ ৷
অ' হয় নেকি , আপুনি ইমান এটা ভাল খৱৰ লৈ আহিছে বৰ ভাল লাগিছে ৷ চাওকচোন তাইৰ ভাগ্যখন , ইমান এটা আনন্দৰ খৱৰ ল’বলৈ আজি তাইৰ কাষত মাক -দেউতাক এজনো নাই ! বাৰু চাৰ ঈশ্বৰে যি কৰে হয়তো কিবা বিশেষ ভাল চিন্তা কৰিয়েই কৰে ৷ মোৰ আপোনাৰ ওচৰত বিশেষ এটা কথাও আছিল ৷ আপুনি নলিনীৰ লগত কথা পাতক মই সাউতকৈ চাহ একাপ তৈয়াৰ কৰি আনোগৈ ...,.৷ চাহ খাই খাই আমি বিশেষ এটা গুৰুত্বপূৰ্ণ আলোচনাত বহিম !.
( আগলৈ ...)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ