মা অ’ মা.......................................... !!!
শুনিছা নে মা মই আৰু নাই................. !!!
মা শেষ বাৰলৈ মাতিছো তোমাক।
এয়া আমাৰ পদূলিত মানুহে ভিৰ কৰিছে
চোতালত পৰি আছে মোৰ নিঠৰ দেহ।
কোনোবাই ইনাই-বিনাই কান্দিছে,
কোনোবাই আকৌ সান্তনা দিছে।
আজি চোৱা মোক বেয়া পোৱা শত্ৰুবোৰেও
মা অ’ মা মোৰ গুণ গান গাইছে।
যিসকলে মোক জীয়াই থাকিবই নিদিলে।
যিসকলে মোক বহু আগতেই হত্যা কৰিছিল।
আজি তেওঁলোকেও চকুপানী টুকিছে।
যিসকলে মোৰ সফলতাত আগে আগে নাচিছিল
সিহঁতে আজি মোৰ বিপদত পিছে পিছে।
আজি তেওঁলোকে বুজি পালে আত্মহত্যাৰ কাৰণ।
মায়ে চিঞৰি চিঞৰি মোক মাতি আছে !
মই যে এবাৰো মাত দিব নোৱাৰোঁ মা অ’ মা বুলি !!!
মা তোমাৰ বুকু খালি কৰি চিৰদিনলৈ গুচি আহিলোঁ।
দেউতাই মাথোঁ অজ্ঞান হৈ নিঠৰ দেহটো চাইছে,
ভাইটি-ভন্টিহঁতে ইনাই-বিনাই কান্দিছে।
উঠা ভাই উঠা, এষাৰ মাত দিয়া.......... !!!
হয়তো, আজি কোনেও-
বাস্তৱক বিশ্বাস কৰিব পৰা নাই
মই যে আৰু নাই............................ !!!
মোক ক্ষমা কৰি দিবা মা অ’ মা.......... !!!
দেহটো খুবেই ককবকাইছিল আৰু কঁপিছিল
যেতিয়া মোৰ শেষ সময় আহিছিল।
ৰছী ডালেও উচুপি উঠিছিল
তুমি আঁতৰি নাযাবা অ’
মোৰ বদনাম নকৰিবা অ’
কিন্তু........................................
উপায় বিহীন হৈ মা
মই আত্মহত্যা কৰিছোঁ।
মানুহ ৰূপী দানৱে মোক উপলুঙা কৰিলে
তোমালোকে ঠিকেই মোক সান্তনা দিছিলা
কিন্তু......................................................
মানুহৰ কথাৰ আঘাতবোৰে মোক জুৰুলা কৰিলে
আত্মহত্যা মহাপাপ মা তোমাৰ মুখৰ পৰাই শুনিছিলোঁ
কিন্তু, মই হতাশগ্ৰস্ত হৈ উপায় বিচাৰি নাপালোঁ।
জীৱনত হাৰ নমনা ল’ৰাজনে
আজি বহুত বেয়াকৈ হাৰি গ’ল।
মা অ’ মা............................. !!!
শান্তিত শুই পৰিছোঁ চিৰনিদ্ৰাত
য'ত আমনি কৰিবলৈ কোনোৱে নাই
মা অ’ মা............................. !!!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ