আছিল মানুহ
আছিল মানৱতাও
ইঘৰ-সিঘৰ বহু ঘৰ
সিহঁতৰ আছিল বিচৰণ ভূমি
সুখ নতুবা দুখৰ
সমভাগী আছিল ইজনে-সিজনৰ
পূজা-পাৰ্বণ , কি ঈদৰ আনন্দ
বিহুও পাতিছিল সমূহীয়াকৈ
নাচিছিলেও জড়তা ভাঙি
নাছিল হিংসা
নাছিল বিভেদো
বৈচিত্ৰ্যৰ মাজত ঐক্যতাই আছিল
গাঁওখনৰ উৰন্ত নিচান
শিক্ষিত নাছিল যদিও
অভাৱ নাছিল মানৱিক জ্ঞানৰ
কিন্তু আজি-------!!!
আজিও আছে সেই গাঁও
আছে মানুহবোৰো
নাই মাথোঁ সোঁত
চিনাকি সেই মানৱতাৰ
দেখাত মানুহ যেন লাগে
কিন্তু মানুহ নহয় সিহঁত
সিহঁত কোনোবা হিন্দু
কোনোবা মুছলমানহে--!!
কাৰণ মানুহবোৰৰ মৃত্যু হৈছে ।
সেয়েহে--
হেৰুৱাই অধিকাৰ চিঞৰিছে যদিও
শুনোঁতা যে কোনোৱে নাই
বৰ্ণবাদৰ ধুমুহাত ঐক্যতাই হেৰুৱাই বাট
গণিছে ক্ষণ কেতিয়া উদয় হ'ব এটি ন-সূৰুয
কেৱল , অপেক্ষা সময়ৰ !
✍🏻জহিৰুল ইছলাম , গোৱালপাৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ