কাৰোবাৰ মনক নিমজ
কৰি তুলিব পাৰে,
তেন্তে স্বীকাৰিলোঁ তেনে
হাজাৰ চকুলো,
মোৰ হিয়া উদং কৰি যদি
কাৰোবাৰ জীৱনত
বসন্ত আহিব পাৰে,
তেন্তে ত্যাগিলো হৃদয়ৰ কামনা,
ভাৱনা, চেতনা সকলোঁ।
মোৰ জীৱনত যদি
বিষাদৰ ঢৌ তুলি,
কাৰোবাৰ সুখৰ সাগৰ
ভৰিব পাৰে,
তেন্তে আহ্বান জনাইছোঁ
অগণন ঢৌক নিবলৈ
মোৰ আশা উটুৱাই,
মোৰ দুখ,অশান্তিয়ে যদি
কাৰোবাক শান্তি দিয়ে,
তেন্তে নালাগে মোক
সুখ উভতাই।
মোৰ জীৱনত যদি
বিহগৰ সুৰটি তানি,
কোনোবা আনন্দিত হয়,
তেন্তে আদৰিছোঁ তেনে
অনন্ত সুৰক
হিয়াৰ দুৱাৰখন মেলি লৈ।
শুনা!এই মোৰ বিহগৰ
ঢৌত ওপঙা,
বিষাদে আৱৰা
হিয়া বিদাৰক ভাষা,
ইয়েই আপোন মোৰ
দিঠকৰ সপোন মোৰ,
লুপ্ত হ'ল য'ত মোৰ
আশা নিৰাশা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ