প্ৰতিচ্ছবি-কনমনি নাথ

©Admin
0

লজ্জা নিবাৰণৰ পৰিধিত
পিন্ধনৰ সাজ-পাৰ ,
আধুনিকীকৰণ দোহাৰি
ফটা-ফুটা পৰিহিত পিন্ধন
যুক্তি , তৰ্ক , বিতৰ্কিত
অধ্যায় সূচী আলোক চিত্ৰ
প্ৰতিফলিত হয় ।
ধৰ্ষণ , নাৰী-নিৰ্যাতন
অত্যাচাৰ কলুষিত অধ্যায় সূচী
নিমিষতে ব্যাঘাত ঘটি
কেঁচা তেজৰ চেঁকুৰাৰ দাগ
ওৰেটো জীৱন পৰিক্ৰমা
এন্ধাৰে গ্ৰাস কৰি
পোহৰ বিচাৰি পোৱাৰ আপ্রাণ চেষ্টা ।
উগুল -থুগুল ব্যৱধানে
বঠাবিহীন নাও ,
বাস্তৱ জীৱন পৰিক্ৰমাৰ 
এয়াই সঠিক প্ৰতিচ্ছবি ।

✍🏻কনমনি নাথ (বাক্সা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)