শিক্ষকতা-"এক ঈশ্বৰ প্ৰদত্ত আশীৰ্বাদ"-জহিৰুল ইছলাম

পংখী মৰাণ
1

"গুৰু ব্ৰহ্মা গুৰু বিষ্ণু 
গুৰুদেৱ মহেশ্বৰ 
গুৰু সাক্ষাৎ পৰমব্ৰহ্ম
তস্মৈ শ্ৰী গুৰুৱে নমঃ"

      এজন শিক্ষক হৈছে সমাজৰ দাপোন স্বৰূপ। অভিভাৱকৰ পিছৰ স্থানটোৱেই হৈছে শিক্ষকৰ স্থান। পিতৃ-মাতৃয়ে সন্তান জন্ম দিয়ে আৰু শিক্ষকে এক আদৰ্শবান নাগৰিক হিচাপে প্ৰতিষ্ঠাৰে গঢ়ে 
সমাজ। প্ৰায় সকলো ব্যক্তিয়েই
আনুষ্ঠানিক শিক্ষা লাভ কৰে এজন বা একাধিক শিক্ষকৰ পৰা। মানুহ গঢ়া কাৰখানাত একমাত্ৰ কাৰিকৰ হ'ল এজন শিক্ষক, যাৰ ভূমিকা
জীৱনত অতিশয় গুৰুত্বপূৰ্ণ।শিক্ষকে প্ৰদান কৰা শিক্ষা আৰু অনুপ্ৰেৰণাতে 
সমাজত একো একোজন শিশু, একো একোজন 'দায়িত্বশীল মানুহ' হিচাপে পৰিগণিত হয়। যদি 
শিশুক এটা খালী পাত্ৰ বুলি গণ্য কৰা হয়, শিক্ষক হৈছে সেই পাত্ৰটোৰ মুখা যাৰ কাম হৈছে
উপযুক্ত সামগ্ৰীৰে পাত্ৰটো ভৰ্তি কৰা আৰু ইয়াক ধ্বংস কৰা বিষাক্ত বস্তুসমূহৰ পৰা সুৰক্ষিত ৰখা।

        এজন আদর্শ শিক্ষকেই জাতিৰ মেধা গড়াৰ কাৰিকৰ। শিক্ষকৰ মেধাশ্রমেই জাতিৰ অমূল্য সম্পদ। সেয়েহে তেখেত হ'ব লাগে আন দহজনৰ তুলনাত শ্ৰেষ্ঠ। কিয়নো তেখেতক দেখিয়েই শিকিব ভৱিষ্যত প্রজন্ম। এজন আদর্শবান বা ভাল শিক্ষকৰ নির্দিষ্ট সংজ্ঞা তথা সুস্পষ্ট ধাৰণা দিব পৰা সক্ষমতা মোৰ নাই যদিও মই এজন সাধাৰণ শিক্ষক। তথাপি কিছুমান বৈশিষ্ট্য আছে, যিবোৰ সততে এজন আদর্শ শিক্ষকৰ মাজত লক্ষ্য কৰা যায় বা থকাটো অত্যন্ত প্ৰয়োজনীয় বুলি মোৰ অনুভৱ। তলত মোৰ অনুভৱ খিনি ইয়াত দাঙি ধৰাৰ যত্ন কৰিলোঁ। 
        শিক্ষা হৈছে এক বিশাল আৰু পবিত্ৰ ক্ষেত্ৰ। ইয়াক সুস্থভাবে চলোৱা ইন্ধন চালিত বাহনবিধ হৈছে শিক্ষক । ইন্ধনবিহীন বাহন যেনেকৈ অচল ঠিক শিক্ষকবিহীন শিক্ষাও অসম্ভৱ। সেয়েহে গুৰু আসনৰ মৰ্যদা যুগে যুগে পবিত্ৰতা আৰু মান্যতাৰ সু-উচ্চ আসনত বহুৱাই আহিছে সমগ্ৰ বিশ্বই। শিক্ষক আৰু ৰাস্তা এনে দুটা বস্তু যিয়ে নিজে স্থিৰ থাকি ক্ৰমে সফলতাৰ শীৰ্ষত আৰু গন্তব্যস্থলত লৈ গৈ থিয় কৰায়।
        এজন ভাল শিক্ষক হ'বলৈ হ'লে প্ৰাথমিক যিখিনি গুণৰ প্ৰয়োজন সেইবোৰ হৈছে বিষয়ৰ ওপৰত পূৰ্ণ দখল আৰু নিয়মীয়া পাঠক, উদাৰতা, সময়ৰ সঠিক ব্যৱহাৰৰ জ্ঞান, মাৰ্জিত ব্যৱহাৰ, নীতি-নৈতিকতা-আভ্যন্তৰীণ   আৰু বাহ্যিক এই দুয়ো ক্ষেত্ৰত, সৎ-স্বভাৱৰ লগতে ইতিবাচক আচৰণৰ উপৰিও পাৰিপাৰ্শ্বিক জ্ঞানৰ অধিকাৰী হোৱাটো একান্তই প্ৰয়োজন।
        ঈশ্বৰে যাৰ হাতত যিমান ক্ষমতা ন্যস্ত কৰে, দায়িত্বও সিমানেই। ক্ষমতা আৰু দায়িত্ব পৰিপূৰক। গতিকে ক্ষমতাৰ সৎ ব্যৱহাৰ এক গুৰুত্বপূৰ্ণ বিষয়।                 
       
প্ৰথমতে,
        এজন শিক্ষকে যেতিয়া পাঠদানৰ উদ্দেশ্যে শ্ৰেণীকোঠাত উপস্থিত হয়, বিষয়ৰ ওপৰত পূৰ্ণ জ্ঞান থকাৰ উপৰিও অন্যান্য বিষয়ৰ পৰ্যাপ্ত জ্ঞান ৰখাটো এজন আদৰ্শ শিক্ষকৰ মহান গুণ।
       
 দ্বিতীয়তে,
        শিক্ষকতা এনে এক বৃত্তি, য'ত অধ্যয়ন হৈছে মূল চালিকাশক্তি। এই গুণ আহৰণ কৰিব নোৱাৰিলে কেতিয়াও এজন প্ৰকৃত শিক্ষক হোৱা সম্ভৱ নহয়।
       
 তৃতীয়তে,
        যিকোনো বিষয়ৰ উপস্থাপনত আত্মবিশ্বাসী হোৱাৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাতোত এজন ভাল শিক্ষকৰ মহত্ব লুকাই থাকে।
       
 চতুৰ্থতে,
        বন্ধুত্বসুলভ আচৰণ আদৰ্শ শিক্ষকৰ শিৰৰ ভূষণ। বন্ধুত্বসুলভ আচৰণে ছাত্ৰ-ছাত্ৰীৰ মনত উদাৰ ভাৱৰ জন্ম দিয়াৰ উপৰিও জীৱন নামৰ যুদ্ধ ক্ষেত্ৰত সংগ্ৰামী সৈনিক হৈ আগুৱাই যোৱাত অনুপ্ৰাণিত কৰে।পুথিগত জ্ঞান হৈছে কিতাপ এখনৰ বেটুপাত আৰু বাস্তৱিক জ্ঞান হৈছে কিতাপখনৰ পৃষ্ঠাসমগ্ৰ, যাৰ প্ৰতিটো পৃষ্ঠাৰ প্ৰতিটো শব্দৰ সৈতে চিনাকি কৰি দিয়াটো এজন শিক্ষকৰ নীতি আৰু নৈতিকতাৰ আদিপাঠ। শিক্ষাৰ্থীসকলে অভিভাৱক আৰু পাৰিবাৰিক আদৰ্শতকৈ শিক্ষকসকলক অধিক অনুসৰণ কৰে। গতিকে শিক্ষকৰ এই বিষয়ে সদায় সচেতন থকাটো নিত্যান্তই জৰুৰী। কাৰণ অনুসৰণ আৰু অনুকৰণৰ মানসিকতা সিহঁতৰ অৱচেতন মনৰ মাজত বিকশিত হয়। আনকি ব্যক্তিত্ব থকা শিক্ষক এজনে একো নক'লেও, তেওঁৰ বৈশিষ্ট্য আৰু ব্যৱহাৰিক প্ৰভাৱ শিক্ষাৰ্থীসকলৰ মাজত পৰিলক্ষিত হয়। তেনে ক্ষেত্ৰত, শিক্ষকে যদি তেওঁৰ শিক্ষাৰ্থীসকলৰ বিশেষত্ব আৰু আচৰণ লক্ষ্য কৰে আৰু তেওঁলোকক প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে তেন্তে শিক্ষাৰ্থীসকলৰ চৰিত্ৰ আৰু মানসিকতা ভালদৰে বিকশিত হোৱাটোৱেই স্বাভাৱিক। তেওঁ তেওঁলোকৰ চৰিত্ৰ গঠনৰ লগতে মানুহৰ সৈতে সম্পৰ্ক স্থাপন কৰাত দক্ষ কৰি তুলিবলৈ সক্ষম হ'ব। 
       পঞ্চমতে,
       সৃজনশীল  আৰু জ্ঞান পিপাষু মানসিকতা গঢ় দিবলৈ যত্নবান হোৱাটো এজন আদৰ্শ শিক্ষকৰ কৰ্তব্য। সন্তানে যিদৰে মাক-দেউতাকক সৰ্বজ্ঞানৰ অধিকাৰী বুলি আত্মবিশ্বাস কৰে ঠিক সেই ধৰণৰ আত্মবিশ্বাস ছাত্ৰ-ছাত্ৰীৰ মনত জগাই তুলিবলৈ আহোপুৰুষাৰ্থ কৰাটোও এজন প্ৰকৃত শিক্ষকৰ পৰিচয়। এইখিনিতে এজন ভাল শিক্ষক সম্পৰ্কে আমেৰিকাৰ প্ৰসিদ্ধ সাহিত্যিক 
       উইলিয়াম আৰ্থাৰ ৱাৰ্ডে শিক্ষক সম্পৰ্কে কোৱা বাণী এটা উল্লেখ কৰিব খুজিছোঁ ৷ তেওঁ কৈছিল- ‘"এজন সাধাৰণ শিক্ষকে বক্তৃতা দিয়ে, এজন ভাল শিক্ষকে বিশ্লেষণ কৰে, এজন উত্তম শিক্ষকে প্ৰদৰ্শন কৰে আৰু এজন শ্ৰেষ্ঠ শিক্ষকে অনুপ্ৰাণিত কৰে ৷’" 
      William Arthur Ward
  "The mediocre teacher tells. The good teacher explains. The superior teacher demonstrates. The great teacher inspires."
     উইলিয়াম আৰ্থাৰ ৱাৰ্ডৰ এই গুৰুত্বপূৰ্ণ মন্তব্যৰ পৰা এটা কথা স্পষ্টকৈ ক'ব পাৰি যে, শিক্ষকৰ মাজতো শ্ৰেণীবিভাজন আছে।যেনে -মধ্যমীয়া বা সাধাৰণ শ্ৰেণীৰ শিক্ষক,ভাল শ্ৰেণীৰ শিক্ষক, উত্তম শ্ৰেণীৰ শিক্ষক আৰু শ্ৰেষ্ঠ শ্ৰেণীৰ শিক্ষক।
        এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈকে বহু শিক্ষকৰ সংস্পৰ্শলৈ আহে। সেই সকল জ্ঞানী গুৰুৰ পৰা লাভ কৰে বিচিত্ৰ অভিজ্ঞতা ।তাৰে মাজত এনে দুই চাৰিজন শিক্ষকৰ সংস্পৰ্শই মানসপটত চিৰযুগমীয়া হৈ ধৰা দিয়ে। হয়তো এইদৰে যুগমীয়া হৈ ধৰা দিয়া শিক্ষকেই হৈছে শ্ৰেষ্ঠ শিক্ষক। যাৰ সংস্পৰ্শই জীৱনৰ প্ৰতিটো দিশতে আগবাঢ়ি যোৱাত লাখুটিডালৰ দৰে কাম কৰে।
        কোৱা হয়, চৰিত্র মানব জীৱনৰ ৰাজমুকুট। চৰিত্রহীন ব্যক্তি পশুৰ সমতুল্য। দুর্জন বিদ্বান হ’লেও পৰিত্যাজ্য। Billy Graham  কৈছিল, When wealth is lost, nothing is lost; when health is lost, something is lost; when character is lost, all is lost.
      সেয়েহে, আদৰ্শ শিক্ষকে চৰিত্ৰ আৰু অনুশীলনৰ গুণাগুণৰ সৈতে আপোচ নকৰে।
      এজন শিক্ষক প্ৰথমে এজন মানুহ। মানুহ মাত্রেই সামাজিক জীৱ। শিক্ষকো মানুহ। গতিকে তেখেত সমাজৰ মানুহৰ লগত মিলাপ্ৰীতিৰে থাকিব লগা হয়। এজন ভাল শিক্ষকে প্রথমতে তেখেতৰ পৰিয়ালৰ কথা চিন্তা কৰে। পৰিয়ালৰ সদস্যসকলক ধৰ্মীয় নীতি নিয়ম শিক্ষা দিয়াৰ পৰা আদি কৰি আদব-কায়দা ও ভদ্রতা শিক্ষা, সামাজিক নিয়ম-নীতি সম্পর্কে বুজোৱা বিষয়ে তেখেত সদায় সচেতন থাকে। সমাজৰ অতীত, বর্তমান আৰু ভৱিষ্যত সম্পর্কে তেখেতে অধ্যয়ন কৰে। তেখেতে সমাজত ভাল কামৰ প্রসাৰ আৰু বেয়া কামৰ নিষেধ কৰাত সচেতনতাৰ পৰিচয় দিয়ে। সামাজিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ সমাজখনক আগুৱাই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে।
        সামৰণিত এটা কথায় ক'ব পাৰি যে শিক্ষকতা এনে এক বৃত্তি য'ত ত্যাগশীল মানসিকতা আৰু বিশাল হৃদয়ৰ গৰাকী হোৱাটো নিত্যান্তই প্ৰয়োজন। অৰ্থাৎ শিক্ষক এডাল ম’মবাতিৰ দৰে যি নিজে জ্বলি আনক পোহৰ দিয়ে। শিক্ষকক অভিজ্ঞতাৰ তুলাচনীত পাৰদৰ্শিতাৰ ওজন কম-বেছি হ'লেও ঈশ্বৰ কৰ্তৃক জ্ঞান বিলাই দিয়াত কেতিয়াও কৃপনালি কৰাটো সমীচিন নহয়।
      যোগাযোগৰ দক্ষতা, শ্ৰৱণৰ দক্ষতা, পৰিকল্পনা আৰু সংগঠিত কৰাৰ দক্ষতা, পেছাদাৰীতা, ধৈৰ্য্যশীলতা, সৃষ্টিশীল মানসিকতা, নিৰন্তৰ জ্ঞান অন্বেষণ, সন্মান প্ৰদৰ্শন, মহান প্ৰত্যাশা, আদি এই প্ৰৱন্ধটোত আদৰ্শ শিক্ষক বা ভাল শিক্ষকৰ বিষয়ে কোৱা গুণ আৰু কৰ্তব্যবোৰো চূড়ান্ত নহয়। বহুতো শিক্ষকৰ ইয়াতকৈ বহুত বেছি গুণ থাকিব পাৰে। বহুতৰ গুণাগুণ কম হ'ব পাৰে। সৰ্বোপৰি, সামৰ্থ্য আৰু সততাৰ সৈতে ব্যক্তিগত, পাৰিবাৰিক, সামাজিক আৰু পেছাদাৰী কৰ্তব্য পালন কৰা শিক্ষক এজনক এজন আদৰ্শ শিক্ষক বা ভাল শিক্ষক বুলি ক'ব পাৰি। শেষত 
 এৰিষ্ট'টলৰ এষাৰ কথাৰে সামৰিছোঁ। এৰিষ্ট'টলৰ মতে,
        "এজন শিক্ষক হব লাগে শাৰীৰিকভাৱে উপযুক্ত, আবেগিকভাৱে ধীৰ-স্থিৰ, মানসিকভাৱে সজাগ, সামাজিকভাৱে কৰ্ম্মপটু আৰু আধ্যাত্মিক দিশত ঈশ্বৰৰ প্ৰতি ভয় ভক্তি থকা লোক"।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. ইছলাম ছাৰৰ শিক্ষকৰ ওপৰত লিখা প্ৰবন্ধটো পঢ়ি খুউৱ ভাল লাগিল। আপুনি সঁচাই সুন্দৰ লিখে ৷ আপোনাৰ আৰু প্ৰবন্ধ পৰিবলৈ পাম বুলি আশা কৰিলোঁ ৷

    ReplyDelete
Post a Comment