জীৱন মানেই যন্ত্ৰণা-চিন্ময় ডেকা

©Admin
0
জীৱনৰ অৰ্থ সাৰশূন্য! মাথোঁ চক্রবেহুৰ পাকচক্ৰত আৱদ্ধ এটি জ্যোতিষ্কৰ তৰংগ। জন্মলগ্নৰ পৰা আৰম্ভ কৰি মৃত্যুৰ আগমুহূর্তলৈকে একমাত্ৰ চিনাকী। তদ্ৰুপ; নাই কোনো জীৱনৰ অন্তিম বাটত নিজস্ব স্থায়িত্ব। জীৱনত খাদ্য, বস্ত্ৰ, লগতে বসবাস কৰিব বাবে বাসস্থান, ঘৰ সংসাৰ, কৰ্মৰ বাবে একোটি কাম, তাতেই ব্যস্ত মায়াময়  জীৱনটি। য'ত পৰিয়াল কেন্দ্ৰিক সমস্যাৰ আৱৰ্তনৰ পাকচক্ৰ। এয়াই পূৰ্ণাংগ জীৱনৰ অতিৰ্য্য।
          সময়ত ভালেমান কথাই মনত বিৰাজ কৰে, আলি-দোমোজাৰ জীৱনটোত নাই কোনো আশা-ভৰসাৰ নিশ্চয়তা। নিমিষতে, দুটি অশ্ৰুৰ চকুপানী নিগৰে আকৌ তৎক্ষণাত আনন্দৰ জোঁৱাৰ আহে। 
      উহ, কি? এই জীৱন! সৃষ্টিৰ সৃষ্টিশীলতাত মাথোঁ মগ্ন, মছগুল জীৱন অনিবার্য। যদিওবা আপোনাৰ মৃত্যুৰ পিছত সকলোবোৰ শেষ। তাত নাথাকিব ক'তো নিজস্ব স্বকীয় অস্তিত্ব! সংসাৰৰ লোভ,মোহ,ত্যাগ এৰি অৱশেষত অন্তশৰ্য্যা। সেয়ে, জীৱন অৰ্থহীন। মাথোঁ চক্রবেহুত আৱদ্ধহৈ বাহৰ পতা একোটি দ্ৰুতবেগী মানৱ যন্ত্র।

          ✍️চিন্ময় ডেকা,টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)