কৰ্ণ-কাজল সাহা

মই
শেতাপৰা চকুহাল 
শূন্যলৈ মেলি দি
এন্ধাৰক জুখিবলৈ যত্ন কৰিছোঁ
আৰু ব্যৰ্থ হৈছো বাৰে বাৰে
সঁচাকৈএন্ধাৰ 
বৰ গধুৰ....

বিষণ্ণ ৰাতিটোৰ
অকলশৰীয়া পথিক মই.....
বুকুত শিল বান্ধি 
অবান্তৰে গতি কৰিছোঁ
এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ
আৰু যাত্ৰা পথত সুৱৰিছোঁ
অহ কি আছিল শব্দটো
'প্ৰতাৰণা'

মোৰ বাবে প্ৰতাৰণা 
এটি সহজ শব্দ
এটি বৰ আপোন শব্দ।

মই প্ৰতাৰিত,
মই প্ৰতাৰিত মোৰ আত্মীয় স্বজনৰ পৰা
মই প্ৰতাৰিত মোৰ আইৰ পৰা
যি আইয়ে মোক সহজভাৱে
গ্ৰহণ কৰা নাছিল
অথচ
যিটো সহজেই কৰিছিল প্ৰতাৰণাই।
                                                                     ✍️ কাজল সাহা (গোৱালপাৰা)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send