মোৰ নষ্ট অতীতৰ বিননি !
উৎকট চিঞৰ
কাণখন ৰিঙৰিঙাইছে !
অস্পষ্ট শব্দৰ কোলাহল
শ্মশানৰ সিপাৰে ,
জ্বলিছে একুৰা জুই
শত সহস্ৰ আবেগৰ ...
মৰিশালিলৈ শগুন আহিছে
ব্যৰ্থ কবি ভয়ত মচগুল !
আজি সহস্ৰ শগুনৰ
ৰখীয়া মই...
নাহিবি কাষলৈ...
তেজৰ চেঁকুৰাৰে !
দপদপাই জ্বলি থাকক...
মোৰ শৰীৰৰ কেঁচা মঙহ ।