মোৰ মানস পটত ৰূপজ্যোতি মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়-(০২)~মিন্টু হাজৰিকা

©Admin
0
এই স্কুলত পোৱা মোৰ সহপাঠীসমূহ হ'ল- 
মমিন বৰুৱা, দিগন্ত ভূঞা , দ্বীপক ভূঞা, দিগন্ত নেওগ, ৰূপক বৰা, নিত্য হাজৰিকা, মিন্টু হাজৰিকা (লেখক নিজে), প্ৰশান্ত, মিজু হাজৰিকা, পলি হাজৰিকা, মঞ্জুলা হাজৰিকা, মণিষা বৰা, বুলি বৰা, বৰ্ণালী বৰা, মিতালী ভূঞা।

হিন্দী বিষয়টোও নতুন আছিল । শ্ৰদ্ধাৰ বিজয়া বৰা বাইদেউৱে এই বিষয়টো পঢ়াওতে যথেষ্ট যত্ন লৈ পঢ়াইছিল। অসমীয়া অঞ্জনা বৰা বাইদেউ , অংক নোমল বৰা চাৰে পঢ়াইছিল। উল্লেখ্য যে সেই সময়চোৱাত শ্ৰদ্ধাৰ ধৰ্মেশ্বৰ ভূঞা প্ৰধান শিক্ষক আৰু বিমান বৰা চকীদাৰ পদবীত কৰ্মৰত হৈ আছিল ।

কিছুদিন বিদ্যালয়ৰ পাঠদান হোৱাৰ পাছতে বিদ্যালয় সপ্তাহ আৰম্ভ হৈছিল। ৰূপজ্যোতি উচ্চ প্ৰাথমিক আৰু ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় দুয়োখনেই  জন্মলগ্নৰে পৰা একেলগে বছেৰেকীয়া বঁটা বিতৰণী সভা পাতিছিল । অৱশ্যে এই ধাৰা আজিও অক্ষত আছে।সেই বৰ্ষটো যুটীয়াভাৱে একেলগে সভাখন আয়োজন কৰা হৈছিল। উচ্চ খাপৰ দাদা সকলৰ লগত সেই সূত্ৰেই মিলা-মিচা হোৱাৰ সুবিধা পাইছিলোঁ। বহুতো উচ্চ প্ৰতিভাৰ ল'ৰা-ছোৱালীয়ে নিজৰ প্ৰতিভাক পুৰাদমে প্ৰতিপন্ন কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল। মইয়ো ইয়াত সহযোগ কৰি নিজৰ পাৰদৰ্শিতা প্ৰতিপন্ন কৰিছিলোঁ। অৱশ্যে মোৰ বিষয় কেইটা অকল সংগীত আৰু সাহিত্য বিভাগতে সীমাবদ্ধ আছিল। এই কেইটি বিভাগত তিনিওটা বৰ্ষতে এক প্ৰকাৰ মোৰে ৰাজত্ব চলিছিল। অৱশ্যে কিছু নিজৰ ব্যক্তিগত কাৰণত শেষৰ ফাললৈ সাহিত্য বিভাগৰ দুই এটা বিষয় যেনে-তৰ্ক, কবিতা, আকস্মিক বক্তৃতা, কুইজ আদিত হে মই কৰ্মদক্ষতা দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ।

মোৰ ভালদৰে মনত আছে সেই বৰ্ষত আমাৰ বিদ্যালয়ৰ  গুণেন্দ্ৰ বৰা ছাৰ বঁটা বিতৰণী সভাৰ সম্পাদকৰ দায়িত্বত আছিল। ৰাইজে ভাৱিছে ছাগৈ সেই বৰ্ষৰ সম্পাদকৰ কথাটো কেনেকৈ মনত আছে।  ৰাইজে জানি ভাল পাব সেই বৰ্ষত আকস্মিক বক্তৃতাত প্ৰথম হোৱা বাবে মোক এখন নামঘোষাৰে পুৰস্কৃত কৰিছিল। সেইখন আজিওঁ আমাৰ ঘৰৰ থাপনাত ব্যৱহৃত হৈ আছে। এই বৰ্ষত আন এখন গুৰুত্বপূৰ্ণ কিতাপ "ভক্তিপ্ৰদীপ" পোৱা মনত আছে। কিন্তু কি বিষয়ত পাইছিলোঁ সন্মুখৰ পাঠটো ফাটি অৱক্ষয় হোৱা বাবে ক'বলৈ অসুবিধা হৈছে। আপোনালোকৰ মনত হয়টো আন এটা কথাই বাৰে বাৰে প্ৰশ্ন কৰিছে ছাগৈ -সাহিত্য প্ৰতিযোগিতাত পোৱা পুৰস্কাৰ বোৰ প্ৰমাণ সহকাৰে উপস্থাপন দি লিখিছে। সংগীতত নিজৰ দখল আছে বুলি কৈ কিয় পুৰস্কাৰৰ কথাবোৰ ক'বলৈ অপৰাগ হৈছে। অপাৰগ হোৱাৰে কথা।আচলতে সেই বৰ্ষতহে সাহিত্য প্ৰতিযোগিতাত কিতাপ প্ৰদান কৰিছিল। সংগীতৰ শিতানত প্ৰথম হ'লে- এপাত কাঠৰ স্কেল ন'হলে এটা চিয়াহীৰ দোৱাত আৰু দ্ধিতীয় হ'লে এটা বলপেন (কলম) হে দিছিল। সেয়ে তথ্য সমুহ দিয়াত অপাৰগ হোৱাটো স্বাভাৱিক। অৱশ্যে এই বিষয়ে সেই সময়ৰ অধ্যয়ন কৰা লোকক বা শিক্ষাগুৰু সকলক প্ৰশ্ন কৰিলে সকলোৱে অৰ্থাৎ এশ শতাংশই উত্তৰত "হা" বুলি ক'ব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)