বসন্ত নামিছে- মৃদুস্মীতা ভাগৱতী

কৃষ্ণচূড়া নে ৰাধাচূড়া
পলাশ , মদাৰ নে নাহৰ ,
কি ৰঙী বাৰু প্ৰেমফুল?
আজি সেই ৰঙতেই ৰঙীন মোৰ কলিজা ।

আজিচোন তোমাৰ কথাবোৰ
এটি প্ৰেমৰ কবিতা ,
শব্দৰ জোনাকত জিলিকিছে
মোৰ হৃদয় বাকৰি ।

কবিতা মোৰ কাহানিও প্ৰিয় নাছিল
মই প্ৰেমত পৰিলোঁ‌ নেকি ?
কাৰ বাৰু ! তোমাৰ নে কবিতাৰ•••••

তোমাৰ মৰমত শিশু হৈ ওমলা
মোৰ হৃদয়ত কি সুৰ বাজিছে এইয়া ,
চিফুং , পাংছি নে তোমাৰ সুহুৰি
বাঁ‌হীৰ সুৰোতো প্ৰিয় নাছিল মোৰ ।
মই প্ৰেমত পৰিলোঁ নেকি ?
কাৰ বাৰু ! বাঁহীৰ নে তোমাৰ সুহুৰিৰ•••••

জোনাক নাছিল প্ৰিয় 
অথবা তৰা ভৰা আকাশ ,
নীলা আকাশৰ বুকুত সূৰুযে বুলোৱা
গোলাপী চুমাৰ ৰঙেও উতনুৱা কৰা নাছিল
মোৰ যৌৱনা মন ।

মাজনিশা কেতেকীৰ কৰুণ সুৰে
ভগা নাছিল কেচা টোপনি 
দিয়া নাছিল মনত পেলাই বহাগৰ গান ,
কুলিয়ে জগোৱা নাছিল ন ঋতুৰ প্ৰণয় ।

নৈৰ বুকুত পানচৈয়ে ঢৌ তোলাদি
মোৰ বুকুত কিহৰ ঢৌ তুলিলা?
মই প্ৰেমত পৰিলোঁ নেকি?
কাৰ বাৰু ! জোন নে জোনাকৰ
তৰাৰ নে নিশাৰ
আকাশৰ নে সূৰুযৰ
কুলিৰ নে কেতেকীৰ
নৈৰ নে ঢৌৰ••••••• ?

মোৰ হৃদয় বাকৰিত আজি
মুঠি মুঠি প্ৰেম সৰিছে  ,
যেন নিয়ৰে দুবৰিক চুমিছে
আজি মোৰ বুকুলৈ বসন্ত নামিছে ।

                                 
 ✍️মৃদুস্মীতা ভাগৱতী 
      (টিহু মাখিবাহা)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send