চিপচিপিয়া বৰষুণ জাকে বসন্ত অহাৰ বাতৰি দিছিল, লঠঙা গছৰ ডালত কোমল কুঁহিপাত মেলিছিল, নানা ৰঙীন ফুলবোৰে বহাগক আদৰণি জনাইছিল, সেউজীয়া হৈ পৰিছিল সমগ্ৰ পৃথিৱী ৷ কোমল কুঁহিপাতৰ আঁৰে আঁৰে বনবিহগী কেতেকীৰ হিয়া ভগা বিননী, ঢোল পেঁপাৰ শব্দত ৰজনজন চুবুৰী, বিহুলৈ আৰু বেছি দিন নাই ৷ যিমানেই দিন ওচৰ চাপি আহিছে সিমানেই মনাৰ উচ্পিচ লাগিছে ৷ বিহুত ৰক্তিম এমাহৰ ছুটীত ঘৰলৈ আহিব,ৰঙীণ হৈ পৰিব প্ৰতিটো নিশা ৷ ৰক্তিমৰ সান্নিধ্যত জীপাল হৈ পৰিব মনাৰ হৃদয় ৷ সময়.., বৰ গতিশীল,পাখি লগা কাঁড়ৰ দৰে.... ৷ বিচনাৰ পৰা লাহেকৈ নামি গৈ মনাই খিড়িকীৰে বাহিৰলৈ চালে, পোহৰ হ’বলৈ আৰু বেছি পৰ নাই ৷ মনাই খিৰিকীখন মেলি কিছুসময় আকৌ বিচনাত দীঘল দিলে, বাহিৰৰ ফিৰফিৰিয়া চেঁচা বতাহজাক খিৰিকীৰে সোমাই আহিল ৷ বাগৰ সলাই থাকোতেই মনাৰ টোপনি আহিল ৷
: চাওঁ....., এৰি দিয়া....,
: কেনেকৈ এৰি দিওঁ তোমাক, ইমান দিনৰ মূৰত লগ পাইছোঁ ৷
: ধেৎ মোৰ লাজ লাগে......
: মোলৈ লাজ কৰা তুমি....?কি কথা কৈছা হে....!
চাওঁ মোৰ বুকুৰ মাজলৈ সোমাই আহা ৷
: ৰক্তিম, তুমি বৰ দুষ্ট হৈ গ’লা ৷
: মোক দুষ্ট হ’বলৈ তুমি বাধ্য কৰিছা,তোমালৈ থকা মোৰ মৰমবোৰ আজি উথলি উঠিছে ৷
: চাওঁ ....! এৰি দিয়া.....! এৰি দিয়া..... মোক প্লীজ........
মনাৰ চিঞৰত সাৰ পাই গৈছিল নূপুৰে ৷ উধাতু খাই উঠি আহি মনাৰ দুৱাৰখনত টুকুৰিয়ালে, বৌ....! বৌ.....! কি হৈছে বৌ....! দুৱাৰখন খোলাচোন, বৌ....
নূপুৰৰ চিঞৰত উচ্প খাই উঠিছিল মনা ৷ চকু মেলি চাই ৰক্তিমক শিতানত নেদেখি আচৰিত হৈছিল মনা৷
: বৌ....., দুৱাৰখন খুলি দিয়াচোন ৷
: উঠিছোঁ ৰ’বা, দুৱাৰখন খুলি দিলে মনাই ৷
: কি হল বৌ,কিয় ইমান বেয়াকৈ চিঞৰিছিলা...? কিবা ভয় লগা সপোন দেখিছিলা নেকি?
: ভয় লগা নহয়, ভাল লগা সপোনেই ৷
: ভাল লগা যদি কিয় ইমান ভয়লগাকৈ চিঞৰিছিলা!
: ৰক্তিম আহিছিল,মোক বুকুৰ মাজত সোমোৱাই জোৰকৈ সাৱটি লৈছিল...৷
: ৱাহ.....! বৌ বৰ ৰোমান্টিক সপোন দেখিলা দেখোন! তুমি দাদাৰ কথা ভাবি আছিলা চাগৈ, কাইলৈ দাদা আহিবই, সপোনত নহয় দিঠকতেই লগ পাবা ৷
: ঘৰৰ মানুহ , ঘৰলৈ আহিব ৷ তাত ভাবিবলৈ কি আছে?
: হ’লেও দিয়াচোন ৷
: নূপুৰ....!
: দাদা আহিলে মই তোমাৰ সপোনটোৰ কথা কৈ দিম, তেতিয়া দাদাই তোমাক আৰু মৰম কৰিব ৷
: নূপুৰ...দৌৰ মাৰি ওলাই গৈছিল নূপুৰ ৷ৰাতিপুৱাই মনাই নূপুৰৰ আগত বৰ লাজ পালে..., ইমান ডাঙৰ কৈ চিঞৰিছিলোঁ নে মই....! কি যে সপোন দেখিছিলোঁ ....! ধেৎ....! এতিয়া কিবা মোৰ লাজহে লাগিছে ৷ চুলিকোচা আচুৰী খোপাটি বান্ধি, কাপোৰসাজ ঠিক কৰি ল’লে ৷খিৰিকী কেইখন খুলি পোহৰ সোমাবলৈ পর্দাকেইখন চপাই দি বিচনাৰ কাপোৰখন জাৰি জোকাৰি সুন্দৰকৈ পাৰি, ৰূমকেইটা ঝাড়ু দি হাতত দীঘল বাঢ়নীতাৰ লৈ চোতালত পৰি থকা গছৰ শুকান পাতবোৰ সাৰি সাৰি নি দৌল কৰি জ্বলাই দিলে ৷ ৰাতি বতাহ অহাৰ বাবেই গছৰ পাতে চোতাল ভৰি পৰিছিল, পূবৰ আকাশত পুৱাৰ ৰাঙলী বেলি লাহে লাহে উঠি আহিছিল ৷ কুলিৰ মিঠা মাতত মানুহৰ মন ৰাইজাই কৰিছিল ৷ পুৱাৰ চাহ কাপ খাম খাম বুলি ভাবি দেউতাক ৰেডীঅ' শুনি বাৰাণ্ডাত বহি আছিল, মনাৰ গা ধোৱা পলম হোৱাৰ বাবে নূপুৰেই দেউতাকক পুৱাৰ চাহকাপ দিলে ৷ মনাই গোঁসাই ঘৰৰ পৰা ওলাই সূৰ্য্যক প্ৰণাম কৰি তুলসী জোপাত পানী ঢালিলে ৷
" বহাগতে আহিবি চেনাই ঐ..... খোপাতে এপাহি কপৌ ফুল দিবলৈ....." এই সুমধুৰ সংগীতটো শুনাৰ পিছত মনা থমকি ৰৈছিল........ দেউতা চাহ খালে...!
: খালোঁ , নূপুৰেই দিলে ৷ বৰ ধুনীয়া গীত এটি দিছে....., কিমান মিঠা গীতৰ কথাবোৰ...., এনেকুৱা গীতবোৰ শুনি থাকিলেও আমনি নালাগে.... ৷
: হয় দেউতা....!
: বোপালৈ ফোন কৰিছিলা নেকি...? ক’ত পালেহি?
: নাই কৰা দেউতা..., ৰাতি কথা পাতোতে কাইলৈ ৰাতিপুৱা গুৱাহাটী পাম বুলি কৈছিল ৷
: অ' হয়নেকি...!
: হয়,দেউতা ৷
খৰ খোজেৰে ভিতৰলৈ সোমাই আহিল মনা ৷ফ্ৰীজৰ পৰা গাখীৰখিনি উলিয়াই ভালকৈ পগাই ডাঠ কৈ চাহ দুকাপ বাকী দেউতাকক একাপ দি থৈ আহিল...৷ চাহৰ কাপটো হাতত লৈ মনা বেলকনিলৈ ওলাই গ’ল, তিতা চুলিকোচা ৰ'দত শুকাবলৈ মেলি দিলে, মনাই লক্ষ্য কৰিলে কোমল কুঁহিপাত বিলাক ৰ'দৰ পোহৰত চিকমিকাই উঠিছে, নানা ৰঙীন বনৰীয়া ফুলবোৰে প্ৰকৃতিৰ শোভা বৃদ্ধি কৰিছে, আনন্দত মতলীয়া হৈ ভোমোৰা আৰু মৌ মাখিয়ে ফুলৰ মৌ পান কৰিছে, প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি থাকোতেই মনাৰ ফোনটো বাজি উঠিল৷ ফোনটো ৰিচিভ কৰিবলৈ লওঁতেই কাট খাই থাকিল ৷ দুই তিনিবাৰ চেষ্টা কৰিও ফোনটো লগাব নোৱাৰিলে৷
:বৌ,আজি আমাৰ ঘৰলৈ ঋত্বিক আহিব, ব্ৰেকফাষ্ট কৰাকৈ ৷
: কোন ঋত্বিক....?
: তুমি পাহৰি গ’লা নেকি..!সেইদিনা মোক থ’বলৈ আহিছিল যে৷
: অ'.. কিন্তু তাৰ লগত সম্পৰ্ক কৰিবলৈ তোমাক মানা কৰিছিলোঁ নে নাই,তথাপিও তুমি.....?
: বৌ ....! তুমি এবাৰ ঋত্বিকক কাষৰ পৰা লগ পালেহে গম পাবা, তুমি ভবাৰ দৰে সি ইমান বেয়া ল'ৰা নহয় ৷ বৌ....!
: নূপুৰ, মানুহক চিনি পোৱাটো ইমান সহজ নহয় ৷ ওপৰে ওপৰে চাই যিদৰে তামোলটো ভাল নে বেয়া চিনিব নোৱাৰি, সেইদৰে মানুহৰ মনটোও সহজতে চিনিব নোৱাৰি ৷দেখাত সহজ সৰল যেন লাগিলেও ভিতৰি সহজ নহ’বও পাৰে ৷
: বৌ তুমি সকলো কথা আওপকীয়াকৈ বুজা ৷বাৰু সেইবোৰ বাদ দিয়া, পাকঘৰলৈ ব’লা, দহ বজাত ঋত্বিক পাবহিয়ে ৷
পাকঘৰত সোমাই মনাই আটা কেইটা মথে মানে , নূপুৰে কাবেলি বুট কেইটা প্ৰেচাৰটোত দি বইল কৰি ললে, পনীৰ আৰু কাবেলি এখন তৰকাৰী, ডিম অমলেট, বৌ আৰু কি ৰান্ধিম?
: সৰিয়হ অকণ বাটিব পাৰা, ফ্ৰীজত ধনীয়াও আছে ৷
: ঠিক আছে, তুমি আটা মথি হয়মানে মই সৰিয়হকণ বটি লওঁ, কাৰেণ্ট গলে বিপদেই হ’ব ৷
: আদা নহৰু অলপো পেষ্ট কৰিবাচোন....
আজি শনিবাৰ...... শনিবাৰে তুমি অহাৰে কথা, বজাবলৈ তানপুৰা বুকুতে জানা....., গীতটি গুনগুনাই নূপুৰে সৰিয়হ বটিবলৈ লাগিল........... নূপুৰ কিবা এটা প্ৰেম প্ৰেম গোন্ধ পাইছোঁ মই, কোনোদিনে গান নোগোৱা ছোৱালীজনীৰ মুখত আজি হঠাৎ প্ৰেমৰ গীত?
: বৌ...., তুমি যে কি কথাবোৰ কোৱা...., এতিয়া মোৰ প্ৰেম কৰাৰ সময় নাই দেই ৷বৌ, ঋত্বিক পালেহিয়ে নেকি, পদূলিত বাইক এখন ৰখোৱা যেন লাগিল..., ৰ'বা মই চাই আহোগৈ ৷
: আহা ....! ঋত্বিক...বহা.., ৰ’বা মই বৌক মাতি দিছোঁ ৷ নূপুৰে মনাৰ সৈতে ঋত্বিকক চিনাকি কৰাই দিলে ৷ বৌ, এওঁ ঋত্বিক...
: নমস্কাৰ..., বহাৰ পৰা উঠি নমস্কাৰ জনালে মনাক৷
: নমস্কাৰ ৷ বহা..., কিয় থিয় হৈছা তুমি?
: তোমালোকে কথা পাতা , মই চাহ কৰোগৈ...., ঋত্বিকলৈ কেৰাহীকৈ চাই মিচিকিয়া হাঁহি এটা মাৰি নূপুৰ ভিতৰলৈ সোমাই গ’ল ৷
: ক’ত ঘৰ তোমাৰ?
: দৌলৰ কাষতে ৷
: ঘৰত কোন কোন আছে..?
: মা আৰু মই..., দেউতা সৰুতেই ঢুকাল...
: অ' sorry.
: its ok বৌ...
: তোমাৰ পঢ়া শুনা...?
: বি.কম কৰিলোঁ, এতিয়া সৰুকৈ ব্যৱসায় এটা আৰম্ভ কৰিছোঁ৷
: ভালেই কৰিছা, আজিৰ দিনত চাকৰি এটা পোৱাটো বৰ টান..., তুমি আমাৰ নূপুৰক কেনেকৈ চিনি পোৱা?
: তাৰমানে....! বৌ..., সেইদিনা মিনাক্ষীৰ জন্মদিনত লগ পাইছিলোঁ, নীহাই চিনাকি কৰাই দিছিল...।
: অ'..., হয়নেকি....! তুমি বহাচোন দেই..., মনাই ঋত্বিকক বহিবলৈ কৈ ভিতৰলৈ সোমাই গ’ল......৷ মই লুচি কেইটা পুৰি লওঁ মানে তুমি অলপ বাহিৰতে বহাগৈ নূপুৰ, চাহ কাপ লৈ যোৱা ৷
: বৌ.. , কেনেকুৱা পালা কথা পাতি..?
: ভালেই ৷
চাহৰ ট্রেখন হাতত লৈ নূপুৰ ঋত্বিকৰ কাষলৈ আহিল৷
: নূপুৰ,তুমি মানুহ মাৰিবা দেই...৷
: কি হল...? বৌয়ে কিবা ক’লে নেকি...?
: নাই একো কোৱা নাই...৷
: চাহ কাপ খাই লোৱা....৷
: নূপুৰ, তোমালোকৰ বৌ বৰ চতুৰ, তন্ন তন্ন কৈ মোক সকলো সুধিলে ৷
: বৌ..., তেনেকুৱাই, সকলো কথা চিধা চিধিকৈ কয় ৷ এতিয়া পিছে বজাৰলৈ যাবা নে নোযোৱা?
: যাম..., কিন্তু ঘৰৰ পৰা একেলগে ওলাই নাযাওঁ, নহ’লে আকৌ তোমাক পুলিচৰ দৰে জেৰা কৰিব৷ ঋত্বিকৰ লগত কিয় বজাৰলৈ যাব লাগে? সি তোমাৰ কি হয়? ইত্যাদি ইত্যাদি......
: হা:.... হা:...., খিলখিলাই হাঁহিলে নূপুৰে ৷ তাৰমানে বৌয়ে তোমাক বহুত প্ৰশ্ন সুধিলে..৷
: নক’বা আৰু, মোৰ বিৰাট ভয় লাগিছিল জানা৷ ভিতৰি ভিতৰি তোমালৈ খঙ উঠিছিল....৷
: খং উঠিবলৈ আকৌ কি হ’ল?
: কথা বতৰা হোৱাৰ পিছতো তুমি ভিতৰলৈ যাব পাৰিলা হয়...!
: কিয়......?, কিয়.....?, কিয়....?
: সেইবোৰ বাদ দিয়া, বৌয়ে শুনিলে কথাটো বেয়া হ’ব, কি কি বজাৰ কৰিবানো?
: বৰ বিশেষ একো নাই, দাদা আৰু দেউতাৰ কাৰণে চাৰ্ট দুটা, বৌৰ কাৰণে কাপোৰ এযোৰ, মোৰ কাৰণে কুৰ্টা এটা....
: মোৰ কাৰণে একো নিকিনা...?
: কিনিম , কিয় নিকিনিম ৷
তোমালৈ চাৰ্ট আৰু জিন্চ কিনিম... হ’বনে?
: হ’ব অ' কলিজা...! তুমি মৰমতে যি দিয়া সেয়াই মোৰ বাবে শ্রেষ্ঠ উপহাৰ ৷
: চুপ...,এতিয়া এইবোৰ শব্দ ব্যৱহাৰ নকৰিবা, দেউতা ঘৰতে আছে , অলপ ওলাই গৈছে, বৌৰ কাণত পৰিলে সকলো কথা দাদাক কৈ দিব ৷
: অ' পাহৰিছিলোৱেই ৷
: নূপুৰ...! ঋত্বিকক লৈ আহা, মই ব্ৰেকফাষ্ট ৰেডী কৰিছোঁ ৷ ভিতৰৰ পৰাই মাত দিলে মনাই ৷
: গৈছো বৌ..., ব'লা ব্ৰেকফাষ্ট কৰিয়ে আমি ওলাই যাম ৷
: তুমি দেখোন ৰেডী হোৱাই নাই ৷
: তুমি ব্ৰেকফাষ্ট কৰা মানে মই ৰেডী হৈ ল’ম ৷
: ঠিক আছে, বেছি দেৰি নকৰিবা কিন্তু...!
: ok, পাঁচমিনিতত মই ৰেডী হৈ যাম ৷
মনাই ফুলা ফুলা লুচি কেইখন বগা প্লেটখনত দি , সৰু বাতি দুটাত পনীৰ আৰু কাষ্টাৰ্ড ধুনীয়াকৈ সজাই দিলে, ব্ৰেডত বাতাৰ লগাই প্লেটখনৰ কাষতে থ’লে, আপেলটো চাৰি টুকুৰা কৰি কলকেইটাৰ কাষতে থ’লে, পকা মালভোগ কল কেইটা দেখি ঋত্বিকে লোভ সামৰিব নোৱাৰিলে, প্লেটখনৰ পৰা কল এটা লৈ টপাটপ খাবলৈ লাগিল ৷ ঘৰৰ কল নেকি বৌ..? বৰ সোৱাদ ৷
: হয়, ঘৰৰে , ভাইটি আহিছিল বুধবাৰে সিয়ে লৈ আহিছিল ৷
: বৌ , আপুনি নাখায় নেকি? বহক, একেলগে খাওঁ ৷
: মই এতিয়া নাখাওঁ ৷
দেউতা অলপ ওলাই গৈছে , দেউতা আহিলে খাম ৷
নূপুৰ... তোমাৰ হ’লনে....? ঋত্বিক ৰৈ আছে, নাহা কিয়....!
: গৈছো বৌ... দুই মিনিট....., নূপুৰে ক’লে ৷
: তুমি খোৱা ঋত্বিক..., এইৰ দুই মিনিট মানে আমাৰ দহ মিনিট...৷
: দিয়া..., দিয়া... বৌ.., মোৰ অলপ বজাৰ কৰিব লগা আছে, ঋত্বিকৰ লগতে এইকন ওলাই যাব পাৰিম৷ সেয়ে ৰেডী হৈ ললোঁ,
: কাইলৈ দাদা আহিবই.., দাদাৰ লগত গ’লে নহ’ব জানো....?
: মই পাৰ্লাৰলৈও যাম..., দাদাৰ লগত গ’লে সেইবোৰলৈ যাবলৈ নিদিয়ে৷ বজাৰ কৰি চিধা ঘৰ৷
: তুমি অলপ আগতে কোৱা হ’লে ময়ো যাব পাৰিলেহেঁতেন, মোৰো চেলাউৰিযোৰ অলপ মিলাব লগীয়া আছিল ৷
: আপুনি ৰেডী হওঁক গৈ নহ’লে আমাৰ খাই হয় মানে... ঋত্বিকে কলে.....,
: বৌ খাই মেলি ৰেডী হয় মানে বহুত দেৰী হৈ যাব, মোৰ বাৰু একো নাই, কিন্তু তোমাৰ হে চাইটলৈ যাবলৈ দেৰি হৈ যাব৷
নূপুৰে তপৰাই মাতিলে ৷
: আজি নাযাওঁ দিয়া, তোমাৰ দেৰি হৈ যাব, চাইটলৈ যাবলৈ ৷
: ঠিক আছে বৌ , যাওঁ এতিয়া,
: ঠিক আছে, মাজে মাজে আহি থাকিবা ৷
: নিশ্চয়...! নিশ্চয়, ব্যৱসায়ৰ কামত অ'ত ত'ত ঘূৰি ফুৰোতে সময়ে নাপাওঁ ৷
আজি কোনোৰকমে সময় অকণ উলিয়াই আহিলোঁ আৰু ৷
: হয় বাৰু, আজিকালি সকলো ব্যস্ত, সময় সুবিধা মিলাই আহিবা আৰু....৷
ভদ্ৰতাৰ খাতিৰত কথাকেইটা কলে মনাই......৷
( ক্ৰমশঃ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ